পৰা বিচাৰ কৰি এই বিষয়ে চূড়ান্ত সিদ্ধান্ত লব লাগিব । ১৯৭১ চনৰ পিয়লমতে, অসম ৰাজ্যখনৰ ৮৯ লাখ বা শতকৰা ৬১ ভাগ মানুহ অসমীয়াভাষী আৰু প্ৰায় ৮ ভাগ মানুহ থলুৱা বা জনজাতীয় ভাষাভাষী। জনসমষ্টিত অসমীয়াভাষীৰ সংখ্যাধিক্য থাকিলেও এই সংখ্যাধিক্য প্রবল নহয় । এতেকে অসমীয়া জাতিৰ স্ব-নিয়ন্ত্ৰণৰ অধিকাৰ অব্যাহত ৰাখিবলৈ আগলৈ জনাগমন নিয়ন্ত্ৰণৰ প্ৰয়োজন স্বীকৃত। বাস্তৱ অৱস্থা চায়ে ১৯৭১ চনৰ পৰা প্ৰাক্কালিক প্ৰয়োগৰ সৈতে আৰু আগলৈ সীমান্তইদি অনুপ্রবেশ কঠোৰভাবে বন্ধ কৰাৰ সৰ্বসম্মত সিদ্ধান্ত হৈছে। আন কি, ১৯৭২ চনৰ পৰা ১৯৭৯ চনলৈকে সময়ৰ ভিতৰত তেনে ৩ লাখ ১০ হাজাৰ অনুপ্রবেশকাৰীক বহিষ্কৃত কৰা হৈছে বুলিও কেন্দ্ৰীয় চৰকাৰে কৈছে। এতিয়া ১৯৭১ চনৰ আগত অহা বহু লক্ষ থিতাপি লোৱা মানুহকো বিতাড়িত কৰাৰ আগতে ভাবি চোৱা উচিত, ইয়াৰ দ্বাৰা অসমীয়া জাতিৰ অৰ্থাৎ সৰ্বসাধাৰণ ৰাইজৰ লাভ হব নে ক্ষতি হব। তাহানি ৮ লাখ মায়ামৰীয়াক চিনাক্ত কৰি বিনষ্ট কৰিবলৈ গৈ ঘনশ্যাম বুঢ়াগোঁহাই ডাঙৰীয়াই এক ভয়ংকৰ গৃহবিবাদৰ পাতনি মেলি অসমকে ধ্বংসৰ মুখলৈ ঠেলি দিছিল। ১৯৮০-৮১ চনৰ অসমত ১৮০ লাখ মানুহৰ মাজৰ পৰা ৪০/৫০ লাখ মানুহক বিচাৰি উলিয়াই, পুলিচ মিলিটাৰী আৰু ভলন্টিয়াৰ লগাই গৃহহীন কৰি খেদি পঠাবৰ চেষ্টা কৰিলে তেওঁলোকেওতো “কুটুম্ব আমাক ধৰিলে” বুলি চিঞৰিব, বাধাও দিব। ড: গোহাঁয়ে কোৱাৰ দৰে চকুৰ আগত জ্ঞাতি-কুটুম্বৰ তেনে অৱস্থা দেখি সংখ্যালঘু সকলেইবা “অসমক মাতৃভূমি হিচাপে আৰু অসমীয়াক স্বজাতি বুলি গণ্য কৰিবলৈ ভৰসা পাব কেনেকৈ? বিকাশমান অসমীয়া জাতিৰ গঠনৰ ওপৰত তাৰ প্রতিক্রিয়া কি হব পাৰে ভাবি চাবলগীয়া। ৰাজ্যৰ অৰ্থনীতিৰ ওপৰত কি প্রতিক্রিয়া হব পাৰে, সেইটোও ভাবি চাবলগীয়া। স্ব-নিয়ন্ত্ৰণৰ অধিকাৰ প্ৰতিষ্ঠাৰ প্ৰশ্ন সামৰণিত কব খোজে যে অসমীয়া জাতিৰ গণতান্ত্রিক বিবেক মানবিকতা আৰু বৈষয়িক কাণ্ড জ্ঞান-বর্জিত নহয়। স্ব-নিয়ন্ত্ৰণৰ সৈতে ভাৰতীয় ঐক্য আৰু সংহতিৰ প্রশ্নও জড়িত। স্ব-নিয়ন্ত্ৰণৰ নামত জাতীয়তাবাদে যদি শ্ৰমজীৱী ৰাইজৰ বিভিন্ন অধিকাৰ পদদলিত কৰে আৰু ধনিকশ্ৰেণীৰ বহতীয়াৰ ভূমিকা লয় তেনেহলে তেনে উগ্র জাতীয়তাবাদ পরিত্যজ্য। তেতিয়া বুজিব লাগিব যে ৰাইজক আগুৱাই লৈ যোৱাৰ ক্ষমতা আৰু মধ্যশ্রেণীৰ নাই। অসম সাহিত্য সভাৰ সভাপতিৰ মঞ্চৰ পৰা বাৰে বাৰে বহিৰাগত সকললৈ - আন কি ১৯৫১-পৰবৰ্তী বহিৰাগত সকললৈকেও আকুল আহ্বান জনোৱা হৈছিল, যাতে তেওঁলোক থলুৱা বৃহৎ অসমীয়া সমাজত জাহ যায়। বহিৰাগত সকলেও এই আহ্বানত সঁহাৰি নজনাই থকা নাই । তেওঁলোক জাহ যাব ধৰিছে, আন কি অসমীয়া ভাষাকো, ৫
পৃষ্ঠা:অসম নমৰে আমিও নমৰো.pdf/৬৩
অৱয়ব