গুৰুত্বপূর্ণ ভূমিকা এটি নথকা নহয়। স্কুলীয়া শিক্ষাৰ ভাষা-মাধ্যম মাতৃভাষা হ'লেও, বিদ্যাৰ্থীৰ মনত মহাজাতীয় তথা আঞ্চলিক সংস্কৃতিবো ছাব বহুৱাই দিব পৰাকৈ ৰাজ্যজোবা পাঠ্যবস্তু (Content) একেটাই হব লাগে। অসমৰ স্কুলীয়া ল'ৰা-ছোৱালীয়ে অসমীয়া, বড়ো, বাংলা বা যিকোনো পাঠ মাতৃভাষাতেই লওক, দেশৰ সংস্কৃতি আৰু ঐতিহ্যৰ উত্তৰাধিকাৰ বিষয়ক পাঠবোৰ একেই হ'ব লাগে। তেতিয়াহে “memories, sentiments, attitudes " ক্ৰমে উমৈহতীয়া হৈ দকৈ শিপা মেলিব। সংখ্যালঘুসকলে স্ব-ইচ্ছাৰে মাতৃ ভাষাৰ সলনি আঞ্চলিক ভাষাক মাধ্যম কৰাৰ উদাহৰণো তাকৰ নহয়। উপযুক্ত পৰিবেশৰ সৃষ্টি কৰি এই প্ৰৱণতাক উৎসাহ দিয়াটোও কাম্য। ৰাজ্যত অসমীয়াভাষীৰ বৰ্তমান সংখ্যাধিক্য, কলেজীয়া উচ্চ শিক্ষা আৰু প্ৰশাসনিক পৰ্যায়ত অসমীয়া ভাষাৰ সর্বস্বীকৃত বিশেষ মর্যাদা আৰু আন ভাষা-ভাষীৰ অসমীয়া ভাষা গ্ৰহণৰ স্বত:স্ফূর্ত প্রবণতা আৰু দ্রুতহাৰ — এনেবোৰ কথা গমি চালে বুজা যায়, আঞ্চলিক জাতীয় বিকাশৰ আৰু জাহ যোৱা প্ৰক্ৰিয়াটিৰ গতি কোনফালে ৷ বহাগ বিহু ইতিমধ্যেই আঞ্চলিক সাংস্কৃতিক ঐক্যৰ এক প্ৰতীক হৈ উঠিছে। ব্যৱহাৰিক ক্ষেত্ৰত উত্তৰ ভাৰতৰ হিন্দীৰ দৰে অসমীয়া ভাষায়ো ব্ৰহ্মপুত্ৰ উপত্যকা আৰু পাহাৰ অঞ্চলত সার্বজনীনতা পাইছে। এনে পৰিস্থিতিত সম্প্ৰসাৰনবাদী, উগ্র জাতীয়তাবাদ থলুৱা মধ্যশ্ৰেণীৰ মতাদর্শ হিচাপে দেখা দিলে, এই ঐতিহাসিক প্রক্রিয়াটি বাধাপ্রাপ্ত হয়। বাংলাদেশী আৰু নেপালী বহিৰাগত বিপুল জনসংখ্যালৈ চাই, ভৱিষ্যতে অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন হ'ব বুলি সম্প্ৰতি অসমীয়া মানুহ শংকিত হৈ পৰিছে। জনাগমন নিয়ন্ত্ৰণৰ অধিকাৰতো স্ব-নিয়ন্ত্ৰণৰ অধিকাৰৰে এটি দিশ। ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক — সকলো ফালৰ পৰাই এই শংকাৰ নায্য ভিত্তি আছে বুলি সৰ্বভাৰতীয় জনমতো এতেকে গঢ়ি উঠিছে। পিয়লৰ তথ্যপাতিৰপৰা দেখা যায় যে গণ প্ৰব্ৰজন কিছুদিনৰ আগলৈকেও অসমীয়া জাতিগঠনৰ সহায়ক আছিল। কিন্তু এতিয়াৰ পৰিবৰ্তিত অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিস্থিতিত অন্তৰায় হৈ উঠিছে। গণপ্ৰব্ৰজন ঘাইকৈ হৈ আছে দুই বিদেশী ৰাষ্ট্ৰ বাংলাদেশ আৰু নেপালৰ পৰা। এই প্ৰব্ৰজন ১৯৭১ চনৰ পৰা প্ৰাক্কালিক প্রয়োগৰ সৈতে অনতিপলমে বন্ধ কৰাৰ সপক্ষেও ভাৰতীয় জনমত গঢ়ি উঠিছে। এইটো কৰা হ'লে আশা কৰিব পাৰি যে আঞ্চলিক জনসংখ্যাত থকা বর্তমান ভাৰসাম্য আগলৈ আৰু বিপন্ন নহয় । এতিয়া প্রশ্ন উঠিছে, ১৯৫১-৭১ কালছোৱাত অহা পৰৰাষ্ট্ৰীয় হিন্দু-মুছলমান বহিৰাগত সকল আৰু তেওঁলোকৰ অসমতে ওপজা সন্তান- সম্ভতিয়ে ইতিমধ্যেই 89
পৃষ্ঠা:অসম নমৰে আমিও নমৰো.pdf/৬১
অৱয়ব