জাতিসমূহৰ স্ব-নিয়ন্ত্ৰণৰ অধিকাৰ আৰু অসমীয়া জাতি জাতি কি? জাতীয়তাবাদ আৰু জাতিসমূহৰ স্ব-নিয়ন্ত্ৰণৰ অধিকাৰেই বা কি ? নির্দিষ্ট ভূখণ্ডত পৰস্পৰৰ সৈতে অর্থনৈতিক সম্পর্কৰ ডোলেৰে বান্ধ খাই ভাষা, লিপি, ধর্ম, ঐতিহ্য, মানসিকতা আদি এক বা একাধিক ঐক্যকারী উপাদানক আশ্রয় কবি – উমৈহতীয়া সংস্কৃতিৰ আধাৰত ঐতিহাসিকভাবে বিকশিত আৰু সামূহিক ৰাজনৈতিক অধিকাৰ প্ৰতিষ্ঠা সম্পর্কে আগ্রহী জনসমষ্টিক জাতি বোলা হয়। এনে জনসমষ্টিৰ মাজত থকা গোষ্ঠীচেতনা বা ঐক্য-দ্যোতক ভাবানুভূতিক ( Spiritual sentiment) জাতীয়তাবোধ আৰু তৎসংশ্লিষ্ট মতাদর্শক জাতীয়তাবাদ বোলে। “জাতি সমূহৰ স্ব-নিয়ন্ত্ৰণৰ অধিকাৰ আৰু অসমীয়া জাতি' সম্পর্কে বক্তব্য দাঙি ধৰাৰ আগতে এই মতাদর্শ সম্পর্কে কিছু আলোচনা কৰি লোৱাটো একান্ত জৰুৰী আৰু প্ৰাসংগিক। কোৱা বাহুল্য যে জাতিসমূহৰ স্ব-নিয়ন্ত্ৰণৰ অর্থ, প্রত্যেক জাতিয়ে নিজৰ ভাগ্য নিজে স্থিৰ কৰা । (c) দেশে দেশে জাতি আৰু জাতীয়তাবাদৰ উন্মেষ দেখা যায় সামাজিক-অর্থনৈতিক বিকাশৰ এনে এটি বিশেষ পর্যায়ত, যেতিয়া মধ্যযুগৰ অন্ত পেলাই পুঁজিবাদ বা আধুনিক যুগৰ অন্যান্য লক্ষণো প্ৰকট হৈ উঠিব ধৰে। নানা জাত আৰু জনজাতিক সামৰি লৈ জাতি আৰু জাতীয়তাবাদৰ বিকাশ ইতিহাসৰ ধাৰাত এটি অগ্রগামী পদক্ষেপ। কিয়নো থলুৱা বেপাৰী-পুঁজিপতি সকলৰ স্বাৰ্থত, ৰাষ্ট্ৰৰ অন্তর্ভুক্ত খণ্ড খণ্ড আঞ্চলিকতাক সামৰি লৈ অবাধ বজাৰ এখনৰ বিকাশ আৰু সংৰক্ষণ বিচাৰি বৈষয়িক প্ৰগতিৰো সহায় কৰে এই জাতীয়তাবাদে। আকৌ, সেই একেটা স্বার্থৰ তাড়নাতে, কোনো কোনো বিশেষ পৰিস্থিতিত, এই জাতীয়তাবাদেই উগ্ৰ হৈ উঠি সাম্রাজ্যবাদী, ফ্যাচিষ্ট, আৰু সম্প্ৰসাৰণবাদী নাইবা সংকীর্ণতাবাদী ৰূপো লব পাৰে। তেতিয়া ই গণতন্ত্ৰ আৰু বৈষয়িক প্ৰগতিৰ বাটত অন্তৰায় হৈ উঠে। যেনে, হিটলাৰৰ দিনত
পৃষ্ঠা:অসম নমৰে আমিও নমৰো.pdf/৫২
অৱয়ব