সমললৈ যাওক

পৃষ্ঠা:অসম নমৰে আমিও নমৰো.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

শতকৰা প্ৰায় ষাঠি ভাগ। বাকী বৃদ্ধিৰ কাৰণ অনা-অসমীয়াৰ অসমীয়া ভাষা গ্ৰহণ। এই হাৰো উচ্চ। গণ্‌টিৰ মানুহজনক 'মাতৃভাষা কি' বুলি সুধিলে তেওঁ যিটো উত্তৰ দিয়ে তাকেই লিখি লয় পিয়ল কৰ্তৃপক্ষই। এইদৰেই ন-অসমীয়া সকলেও অসমীয়া ভাষীৰ লেখত সোমাইছে। মন কৰিবলগীয়া যে বাংলাভাষী আৰু নেপালীভাষী সম্প্ৰদায়ৰ কুৰি বছৰীয়া সন্মিলিত বৃদ্ধিৰ হাৰো শতকৰা ৮০ ভাগ। এই ক্ষেত্ৰতো স্বাভাৱিক বৃদ্ধিৰ হাৰেই আনুমানিক শতকৰা প্ৰায় ষাঠি ভাগ। বাকী বৃদ্ধিৰ কাৰণ পৰৰাষ্ট্ৰৰ পৰা জনাগমন। দুয়ো মিলিহে ৮০ শতাংশ বৃদ্ধি। গতিকে, বাংলাদেশ আৰু নেপালৰ পৰা জনাগমনৰ ফলত, ১৯৭১ চনলৈকে, অন্ততঃ অসম ৰাজ্যৰ ভাষাগত ভাৰসাম্য নষ্ট হোৱা নাই। কুৰি বছৰত অসমীয়া ভাষীৰ সংখ্যা বাঢ়িছে প্ৰায় ৪০ লাখ (৮০ শতাংশ বৃদ্ধি) আৰু বাংলাভাষীৰ সংখ্যা বাঢ়িছে প্ৰায় ১২ লাখ (৭১ শতাংশ বৃদ্ধি)। বাংলাভাষীৰ সংখ্যা বৃদ্ধিয়ে অসমীয়াভাষীৰ সংখ্যাবৃদ্ধিক চেৰাই যাবতো পৰাই নাই, বৰং পিছ পৰিছে। এয়া বেয়া লক্ষণ নহয়।

 ১ নং সাৰণিত দিয়া তথ্যৰ পৰা দেখা যায় যে জনাগমন সত্বেও ৰাজ্যৰ মুঠ জনসংখ্যাত অসমীয়াভাষীৰ সংখ্যানুপাত ১৯৫১ আৰু ১৯৭১ চনত প্ৰায় একেই থাকি গৈছে। ৬২ আৰু ৬১ শতাংশ। এই একুৰি বছৰত এক শতাংশ কমিছে হয়, কিন্তু বাংলাভাষীৰ সংখ্যানুপাতো এক শতাংশ কমিছে। ২১ শতাংশৰ পৰা ২০ শতাংশলৈকে। বাঢ়িছে কাৰ? অন্যান্য ভাষাভাষীৰ। তেওঁলোকৰ সন্মিলিত সংখ্যানুপাত দুই শতাংশ বাঢ়িছে। বিশেষকৈ বাঢ়িছে হিন্দীভাষীৰ সংখ্যানুপাত—১৪৩ শতাংশ; চোৱা তিনি লাখৰ পৰা আঠ লাখলৈ।

 যি কি নহওক, এইবোৰ তথ্যৰ পৰা দেখা যায় যে অসমীয়া ভাষা গোষ্ঠী আৰু সংস্কৃতি ১৯৫১-৭১ কালছোৱাত বিপন্নতো হোৱাই নাই, বৰং শক্তিশালী হৈয়ে আছে। এই কুৰি বছৰত ভাৰতৰ সকলো প্ৰধান ভাষা-গোষ্ঠীৰ ভিতৰত অসমীয়া ভাষা-ভাষীৰ সৰ্বভাৰতীয় বৃদ্ধিৰ হাৰেই সৰ্বোচ্চ। ব্ৰহ্মপুত্ৰ উপত্যকাত অন্য ভাষা-ভাষীসকলে অতি দ্ৰুত অসমীয়া ভাষা গ্ৰহণ কৰিবলৈ লোৱাতে এইটো ঘটিছে। মূল ভাষাগোষ্ঠীত জাহ যোৱাৰ স্বাভাৱিক ঐতিহাসিক প্ৰক্ৰিয়াটি চলি আছে, চলি থাকিব। অতীতত যেনেকৈ টাই, বড়ো, মিচিং মানুহ দলে দলে পহিলতে দ্বিভাষী আৰু ক্ৰমে অসমীয়াভাষী হৈ পৰিছিল, তেনেকৈ যোৱা অৰ্ধশতাব্দী ধৰি ন-কৈ অহা বাঙালী হিন্দু-মুছলমান, নেপালী আৰু বাগিচাৰ বনুৱা সম্প্ৰদায়ৰ মানুহেও দলে দলে, পহিলতে দ্বিভাষী, আৰু পিছত ক্ৰমে অসমীয়াভাষী হৈছে, আৰু হৈ আছে। মাজে মাজে জবৰদস্তি আৰু সংখ্যালঘুৰ নিপীড়নৰ ফলত এই প্ৰক্ৰিয়াৰ গতি লেহেম হৈ পৰিলেও, স্তব্ধ হোৱা নাই। এই প্ৰক্ৰিয়াৰ প্ৰতিফলন আমি অসমীয়া সাহিত্যতো দেখিবলৈ পাইছোঁ। চন্দ্ৰকুমাৰ আগৰৱালা, হৰিপ্ৰসাদ গোৰ্খাৰাই, বিষ্ণুপ্ৰসাদ ৰাভা, ৰাজমোহন নাথ, হেমাংগ বিশ্বাস, সনন্ত তাঁতী, নাৰায়ণ ঘাটোৱাৰ, ৰবীন্দ্ৰ সৰকাৰ, ধীৰেন দত্ত আদিৰ ৰচনাই অসমীয়া সাহিত্য-সংস্কৃতিক চহকী