"Geographical and occupational factors will compel or are_compelling the Bengalis or other immigrants to adjust themselves to the new cultural environment, an environment that has affected and shaped the growth of Assamese. The compulsions of cultural, political and economic mobilisation will also compel different classes of Bengalis in Assam to practise bilingualism in such a manner that the antagonism between the two languages will finally fade away. [North Eastern Research Bulletin, Dibrugarh University, Vol 4, 1973. ] এসময়ত অসমত বহিৰাগত সকলক অসমলৈ অহা বাবে বাধা দিবলৈ কিয় ওলাইছিল বুলি সোধাত বাগ্মীবৰ নীলমণি ফুকনে তেখেতৰ জীৱনৰ বিয়লিবেলাত (১৯৭২ চনত) কৈছিল (টেপৰেকৰ্ডাৰত বাণীবদ্ধ)- “এফালে মৈমনসিঙীয়া মুছলমানসকলক লৈ 'মুছলিম লীগে' মুছলিম সংখ্যাধিক্য প্রদেশ কবি ফালৰি কাটিব চেষ্টা। আনহাতে চিলেটৰ হিন্দু বঙালী সকলে বৃহত্তৰ বঙ্গ কৰাৰ অপচেষ্টা। এই দুই কাৰণত আমি ‘সংরক্ষিণী” নীতি গ্রহণ কৰিবলগীয়া হৈছিল। কিন্তু পমুৱা সকলে আমার ঘন শেহত বুজিবলৈ ধৰে।... আজি সেই পমুৱাসকলে অসমীয়া সমাজত জাহ গৈ ভাষা সংস্কৃতিত যোগ্য আসন গ্রহণ কৰিব পাৰিছে, সমানে নেতৃত্ব লৈ দেশ চলোৱা কামত সমান দায়িত্ব ল'ব পৰা হৈছে। এইটো স্বাভাৱিক খিলঞ্জীয়া হোৱাৰ পথ। এতিয়া অতীতৰ ভুল পাহৰি, সংঘৰ্ষৰ কথা মনত ঠাই নিদি— কি হিন্দু, কি বৌদ্ধ, কি মুছলমান, কি শিখ, কি জৈন, কি বঙালী, কি বিহাৰী, কি ৰাজস্থানী — সকলোৱে বুজি উঠা ঐক্য সংহতি যেন দিনে দিনে বৃদ্ধি পায়, একেটা সমৃদ্ধিশালী, লাহে লাহে ৰক্ত সংমিশ্ৰণৰ মাজেদি আৰু ওচৰ চাপি আহি, অজেয় অপূর্ণ অসমীয়া জাতিৰ ‘নৱ সংস্কৰণ' আহি পোৱা হৈ উঠে, এয়ে আমাৰ সুদীৰ্ঘ জীৱনৰ খলা-বমাৰ মাজেদি অভিজ্ঞতাৰ কথা।” — দিলীপ চৌধুৰী, নীলমণি ফুকনৰ চিন্তাধাৰা, গুৱাহাটী, ১৯৭২ (গুৰুত্বচিহ্ন আমাৰ), পৃ: ৯১। ককাৰ জীৱনৰ অভিজ্ঞতালব্ধ এই উপদেশৰ প্ৰতিধ্বনি শুনা গৈছিল অসম সাহিত্য সভাৰ ধুবুৰী (১৯৭২) অধিবেশনৰ সভাপতি হেম বৰুৱাৰ ভাষণতো। এখেত সকলে ভুকুতে কল পকোৱাৰ কথা কোৱা নাই, একাত্মীকৰণৰ স্বত:স্ফূর্ত ঐতিহাসিক প্রক্রিয়াটিক ৩২
পৃষ্ঠা:অসম নমৰে আমিও নমৰো.pdf/৩৬
অৱয়ব