মাথোন পুলিচ-মিলিটাৰীৰ সীমিত হস্তক্ষেপৰ প্ৰয়োজন হ’ব পাৰে; আন কোনো ক্ষেত্ৰতে নহয়।
বহুতে জাতীয় অস্তিত্ব বিপন্ন বুলি ভাবিছে। তেনেহ’লে, বৰ্তমান পৰিস্থিতিত অসমীয়াৰ জাতীয় অস্তিত্ব নিৰাপদ ৰখাৰ কাৰ্যকৰী পন্থা কি? নি:সন্দেহে, সীমান্ত নিৰোধ। ‘প্ৰকৃত’ বিদেশীৰ ভোটাধিকাৰ লোপ আৰু বহিষ্কাৰৰ ব্যৱস্থাও। কিন্তু কাকনো প্ৰকৃত বিদেশী বুলিম? ৭১ চনৰ আগতে ভাৰতলৈ অহাসকলক স্বদেশী বুলি আদৰি নলওঁ কিয়? যি তেৰ লাখমান মানুহক লৈ কাজিয়াখন, তেওঁলোকক জাহ যোৱাব পাৰিলে অসমীয়াৰ লাভ ছাৰি লোকচান নহয়। অতীতত কিমান বামুণ- কায়স্থ, টাই, পাঠান, মোগল এইদৰে আহি জাহ গ’ল। এতিয়াও আশ্ৰিতক জাহ যোৱাৰ সুযোগ দিয়াত দোষ কি? লাগিলে, তেওঁলোকৰ বিতৰ্কিত ভোটাধিকাৰ নিলম্বিত ৰাখি, জাহ যাবলৈ সুবিধা দিয়া য’ক। তেওঁলোকে ৭১ চনৰ পিয়লত নাম ভৰ্তি কৰা সত্ত্বেও অসমীয়া ভাষীৰ সংখ্যানুপাত যে ৫১ চনৰ দৰেই আছে, আগতেই কোৱা হৈছে।
৫১ চনৰ আগতে অহা বহিৰাগতৰ বৃহদংশই জাহ গৈছে। ৭১- পূৰ্ববৰ্তী তথাকথিত বিদেশী সকলেও জাহ যোৱাৰ বাটত ভালেখিনি আগবাঢ়িছে। ১৯৬১ চনৰ অসম লোক পিয়লৰ অধ্যক্ষই লিখিছিল — “When they come to Assam those Muslim immigrants honestly try to know the Assamese language and send their children to schools where the Assamese language is the medium of instruction”। তেনে প্ৰৱণতা শৰণাৰ্থী বাংলাভাষী হিন্দু সকলৰ মাজত পঞ্চাশৰ দশকত দেখা নগ’লেও, পাছত তেওঁলোককো এই বিষয়ত মুছলমান ভাইসকলক অনুসৰণ কৰা দেখা গৈছে। উত্তৰ কামৰূপত ‘বাংলাদেশী’ বুলি আৰাৱ তুলি দুৰ্বৃত্তবোৰে যি পাঁচ হাজাৰমান পৰিয়ালক গৃহহীন কৰিলে, তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে বাঙলা ভাষাত শিক্ষা লোৱা নাছিল।
হিন্দু শৰণাৰ্থী সকলৰ সৰহ ভাগেই অনুসূচিত আৰু পিছপৰা সম্প্ৰদায়ৰ মানুহ— সূত্ৰধৰ, নম:শূদ্ৰ, ভূঁইমালি, কৈবৰ্ত, নাথ-যোগী ৰাজবংশী শতকৰা ৮৫ জনেই নিৰক্ষৰ খেতিয়ক আৰু শ্ৰমজীৱী। জীৱনধাৰণৰ প্ৰয়োজনেই এওঁলোকক গাঁৱৰ অসমীয়া সমাজৰ লগত সাঙুৰি পেলাইছে। বিশ্বাসে বৈশ্য উপাধি লোৱা দেখা গৈছে। মুছলমান মুছলমানৰ ভাগে, বৰ্ণহিন্দু বৰ্ণহিন্দুৰ ভাগে আৰু অনুসূচিত জাত অনুসূচিত জাতৰ ভাগে ভাষা নিৰ্বিশেষে বৈবাহিক সূত্ৰত আৱদ্ধ হোৱা-ও দুই-চাৰি ক্ষেত্ৰত দেখা গৈছে। এয়ে একাত্মীকৰণৰ প্ৰক্ৰিয়া। চলি আছে, চলি থাকিব।
জ্ঞানপীঠ বঁটা বিজয়ী ড: বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ এটি প্ৰাসংগিক আৰু দূৰদৰ্শী মন্তব্য এইখিনিতে স্মৰ্তব্য—
৩১