সমললৈ যাওক

পৃষ্ঠা:অসম নমৰে আমিও নমৰো.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

যায়, তাত জনাগমনৰ বৰঙণি প্ৰায় নায়েই বুলিব পাৰি। ভূটান আৰু পশ্চিমবঙ্গৰ পৰা সামান্য কিছু বড়ো গোষ্ঠীৰ মানুহ আৰু মেঘালয়ৰ পৰা সামান্য কিছু ৰাভা মানুহ আহিব পায়। কিছু মানুহ নতুনকৈ জনজাতীয় বুলি নাম লিখাইছে বুলি ধৰি ল’লেও, অসমত অনুসূচিত জনজাতিৰ ভিতৰত স্বাভাৱিক বংশবৃদ্ধিৰ হাৰ যে অতি উচ্চ— ৩৫ শতাংশৰ ওচৰাউচৰি— সেই বিষয়ত সন্দেহ নাই। অসমত জন্ম মৃত্যুজনিত স্বাভাৱিক জনবৃদ্ধিৰ হাৰ উচ্চ— এইটো কথা বুজাবলৈকেহে ইমানবোৰ তথ্যপাতিৰ অৱতাৰণা কৰা হ’ল।জনসংখ্যা ৫১-৬১ আৰু আকৌ পৰৱৰ্তী দশকটিত ৩৫ শতাংশ বৃদ্ধি পোৱাৰ গুৰিত ঘাই কাৰণ এই স্বাভাৱিক বৃদ্ধি; গৌণ কাৰণ জনাগমন।

 আৰু এটা কথাও উল্লেখযোগ্য। বংশবৃদ্ধি আৰু জনাগমনৰ ফলত ১৯৫১-৭১ কালছোৱাত অসমৰ জনবিন্যাসত ধৰ্মীয় বা ভাষাগত ভাৰসাম্য নষ্ট হৈছে বা নষ্ট হোৱাৰ উপক্ৰম হৈছে বুলিও দেখা নাযায়। ১৯৫১ চনত ৰাজ্যৰ (ব্ৰহ্মপুত্ৰ উপত্যকা+পাৰ্বত্য জিলা দুখন+কাছাৰ) জনসংখ্যাত মুছলমানৰ সংখ্যানুপাত আছিল ২৪.৬৮ শতাংশ। ১৯৭১ চনত ২৪.৫৬%। প্ৰায় একেই আছে। অসমীয়া ভাষীৰ সংখ্যানুপাতো প্ৰায় একেই আছে— যথাক্ৰমে ৬১.৬ আৰু ৬০.৯ শতাংশ। ৰাজ্যৰ সীমা যেতিয়া যি আছিল সেইমতে হিছাপ কৰিলে দেখা যায় যে অসমীয়া ভাষীৰ সংখ্যানুপাত বেছ বাঢ়িছে। ১৯৫১-ত ৫৫ শতাংশৰ পৰা ১৯৬১-ত ৫৭ শতাংশলৈ আৰু ১৯৭১-ত ৬১ শতাংশলৈ। বৰ্তমানে ৰাজ্যখনত অসমীয়া ভাষীৰ যি নিৰকুংশ সংখ্যা প্ৰাধান্য, তেনে প্ৰাধান্য অতীতত কাহানিও নাছিল। জাতীয় অস্তিত্ব বিপন্ন হোৱাৰ কথাটো মাত্ৰ মনে খনা পুখুৰী। অৱশ্যে ভৱিষ্যতত যাতে নহয়, সেইটো নিশ্চয় চাব লাগিব। সীমান্তত ভেটা দিব পাৰিলে অস্তিত্ব ঠিকেই থাকিব। যোৱা আঠ মাহ ধৰি, বাটে-পথে মেল মিটিঙত অসমীয়া ৰাইজৰ জন সমুদ্ৰ চাই, আমাৰ এই বিশ্বাস আৰু দৃঢ় হৈছে।

 ঠেক ৰাজনৈতিক উদ্দেশ্য সিদ্ধিৰ বাবে ব্যাপক নৰাতংকৰ সৃষ্টিয়ে যি সকলৰ উদ্দেশ্য, তেওঁলোকৰ বাবে লোকপিয়লৰ তথ্যৰ যুক্তিগ্ৰাহ্য বিশ্লেষণ অপ্ৰয়োজনীয়। “বাঘ বাঘ” বুলি চিঞৰি গঞা ৰাইজক গোটাবলৈকে হে গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সমন্বয় কমিটিয়ে ‘বিদেশী’ৰ সংখ্যা ১৩ লাখৰ পৰা ৪০ লাখলৈকে তুলিলে। অসম সাহিত্য সভাই তুলিলে ৫১ লাখলৈ। এই ভুল পৰিসংখ্যানেই আন্দোলনক ভুল বাটেৰে লৈ গ’ল। এতিয়া যে আন্দোলনৰ বুদ্ধিজীৱী সকলে এই ভুল শুধৰাই লব, তেনে আশা কম।

বিদেশী খেদাব ‘গণতান্ত্ৰিক’ তাৎপৰ্যঃ

 ১৯৮১ চনৰ ৰাজ্যিক জনসংখ্যা যদি ১৮০ লাখ মান হয়, তাৰে কিঞ্চিদধিক সিকিভাগকে অসম সাহিত্য সভা আৰু আনসকলে বিদেশী বুলি খেদাব খুজিছে। বিদেশীৰ

২৮