আৰু ১৯৭৯-৮০ চনৰ হিংসাত্মক কাৰ্যকলাপে অসমীয়াকৰণ প্ৰক্ৰিয়াৰ গতি মন্থৰ নকৰা হ'লে ই আৰু ত্বৰান্বিত হ'লহেঁতেন বুলিয়ে মোৰ ধাৰণা।
১৯৭১ চনৰ পাছত বিদেশী অনুপ্ৰবেশকাৰীৰ সমস্যা সঁচাকৈয়ে চিন্তাৰ কাৰণ হৈ পৰিছে। প্ৰকৃত বিদেশীৰ সংখ্যা যি কি নহওক, তেওঁলোকৰ তালিকা ৰচনা কৰাটোৱে প্ৰথম কাম; বিতাড়ন তাৰ পাছতহে সম্ভব। প্ৰকৃত বিদেশীৰ তালিকা ৰচনা আৰু বহিস্কাৰৰ বাবে জনমত গঢ়ি তুলিবলৈ তথ্য আৰু যুক্তিৰহে দৰকাৰ, অভিঞ্জনৰ দৰকাৰ নাই। অনাহূত বিদেশীসকলৰ অবৈধ প্ৰবেশ বন্ধ কৰিবই লাগিব। এই সাধাৰণ কথাটো দঢ়াই কোৱাৰ বাবে সংস্কৃতি বা জাতি বিপন্ন হৈছে বুলিও ক'ব লাগেনে? তেনে তত্ত্ব জাতীয়তাবাদৰে আবিষ্কাৰ। ১৯৭১ চনলৈকে পোৱা তথ্যপাতিয়ে প্ৰমাণ নকৰে যে সংখ্যাৰ ফালৰ পৰা অসমীয়া ভাষা কোনো সংকটৰ সন্মুখীন হৈছে। বিদেশীৰ প্ৰশ্ন সাংবিধানিক আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰশ্ন। ই এতিয়াও শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক সমাধানৰ অতীত নহয়। কেন্দ্ৰীয় চৰকাৰে প্ৰধান দাবী কেইটি ইতিমধ্যে নীতিগতভাবে মানিও লৈছে। এতিয়া, অসমক বিদেশীযুক্ত কৰিবলৈ লাগে ভাষা-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সৰ্বশ্ৰেণীৰ অসমীয়া মানুহৰ মাজত ব্যাপকতম ঐক্য আৰু সহনশীলতাৰ পৰিবেশ। এনে পৰিবেশ, যিয়ে স্বৈৰাচাৰৰ ভেটি ৰচনা নকৰে, যিয়ে মানৱিক প্ৰমূলাবোৰক উচ্চস্থান দিয়ে আৰু সমাজবিৰোধী সকলক গণ আন্দোলনৰ পৰা বিচ্ছিন্ন ৰাখিবলৈ সমৰ্থ।
বৰ্তমানে চলি থকা গণ আন্দোলন বিৰাট গণতান্ত্ৰিক সম্ভাৱনাপূৰ্ণ। কিন্তু লগতে বিপজ্জনকো। কিয়, আগতেই আলোচনা কৰিছো। প্ৰতিক্ৰিয়াশীল আৰু সমাজবিৰোধী সকলে (আনকি এনে ধাৰণা হয় যে বিদেশী ৰাষ্ট্ৰৰ গুপ্তচৰ সকলেও) ইয়াক অবাটেৰে লৈ যাবলৈ যত্ন কৰি আছে। নানা প্ৰতিক্ৰিয়াশীল চিন্তাধাৰাৰো উদ্ভৱ হৈছে। যেনে, এগৰাকী বুদ্ধিজীৱীয়ে সম্প্ৰতি নাগৰিকৰ পাতত লিখিছিল, জাতীয় সমাজতন্ত্ৰই (National Socialism ) হেনো ৰাইজৰ বাবে উপযুক্ত মতাদৰ্শ। তেখেতৰ অন্যান্য ৰচনাত থকা কম্যুনিষ্ট-বিদ্বেষ আৰু বহিৰাগত বিদ্বেষৰ পৰিচয়ো আমি পাইছো। হিটলাৰৰ জাতীয় সমাজতন্ত্ৰৰ মূলধন আছিল অন্ধ কম্যুনিষ্ট-বিদ্বেষ আৰু ইহুদী-নিৰ্যাতন। অসমৰ জাতীয় জীৱনৰ এনে এটি গুৰুত্বপূৰ্ণ সময়ত ইতিহাসৰ ডাষ্টবিনৰ পৰা জাতীয় সমাজতন্ত্ৰৰ মতাদৰ্শ বুটলি অনাটো অৰ্থবহ। হিটলাবে ইহুদী বিচাৰি জাৰ্মানী তোলপাৰ কৰিছিল আৰু তেওঁৰ চেলাই বহিৰাগতৰ ঘৰে ঘৰে বাংলাদেশী বিচাৰি অসম-বিয়পা witch-hunt চলাব খুজিছে।
কেৱল ইহুদী সম্প্ৰদায়ৰ উৎপীড়নে যদি জাৰ্মান জাতীয় সমাজতন্ত্ৰীদলে (নাৎসি) কৰিলেহেঁতেন, সি: ইমান বিপজ্জনক নহ'লহেঁতেন। কিন্তু তেওঁলোকে সমাজবাদৰো ভেশ ধৰিছিল। মিছা প্ৰচাৰক আৰ্টত পৰিণত কৰিছিল। সমাজ-বিৰোধী সকলক গৃহদাহ আৰু গুপ্ত হত্যাত লিপ্ত কৰি, তেনে ঘটনাৰ কাৰণে প্ৰকাশ্য মঞ্চৰ পৰা আনকে দায়ী কৰিছিল।