(2) মধ্য শ্রেণীয়ে “অসমীয়া ভাষিক অস্তিত্ব বিপন্ন" বুলি যি আৱাজ তুলিছে, এয়া উনৈশ শতিকাৰ পৰাই আমি মাজে মাজে শুনি আহিছো। কিন্তু লোকপিয়লৰ বিভিন্ন প্রতিবেদনৰ পৰা এইটোৱে দেখা যায় যে গৃহযুদ্ধ আৰু মান-ভগনৰ ফলত সংখ্যাল্প হৈ পৰা অসমীয়া জাতি জনাগমনৰ পৰাই পুষ্টি পাই আকৌ ক্ৰমে জনবহুল হ'ব পাৰিছিল। ভুল তথ্য আৰু পরিসংখ্যানৰ জখল চাফা কৰি অসমৰ জনবিন্যাসৰ প্ৰকৃত অৱস্থা বুজিব লাগিব। গ'ল এশ বছৰৰ লোক পিয়লৰ ভাষা আৰু ওপজা ঠাই সংক্রান্ত তথ্যবোৰ ফঁহিয়াই চালে মোটামুটি ভাৱে অসমীয়া জাতিৰ বিকাশৰ গঢ়গতি আৰু ভৱিষ্যৎ সম্পর্কে ধাৰণা এটা কৰি লব পাৰি । অসম ৰাজাৰ বৰ্তমান চৌহদৰ ভিতৰত অসমীয়া জাতিৰ বিকাশৰ ধাৰাটি বুজাবলৈ তলত ( সারণি-১) বিভিন্ন সময়ত মুঠ জনসংখ্যা আৰু অসমীয়া ভাষীৰ সংখ্যা দেখুৱা হ'ল। কোনো বছৰতে মেঘালয়, নাগালেণ্ড, অৰুণাচল, মিজোৰাম আৰু শ্ৰীহট্টক হিছাবৰ ভিতৰত হোৱা নাই । ধবা সারণি-১ বৰ্তমান অসম ৰাজ্যৰ জনবিন্যাস : ১৯৩১-১৯৭১ ১৯৩১ ১৯৫১ ১৯৭১ (হাজাৰ):শতাংশ (হাজাৰ) : শতাংশ (হাজার) : শতাংশ (হাজার) : শতাংশ অসমীয়াভাষী ১৯৮৪ (36) ৪৯৪৬ (৬২) ৮৯০৫ (৬১) বাংলাভাষী ১৬৭২ (৩০) ১৬৮৫ (২১) ২৮৮২ (২০) অন্যান্য ১৯০৫ (৩৪) ১৩৯৮ (১৭) ২৯৩৮ (১৯) মুঠ জনসংখ্যা ৫৫৬) (100) ৮০২৯ ৮০২৯ (১০০) ১৪৬২৫ (১০০) উত্স : Statistical Hand book of Assam 1978, Govt. of Assam, Guwahati আৰু অন্যান্য! উক্ত (সারণি-১) তথাৰ পৰা দেখা যায় যে দুকুৰি বছৰত অসমীয়াভাষীৰ সংখ্যা, কৃবি লাখৰ পৰা বাঢ়ি প্ৰায় নবৈ লাখ হৈছেগৈ। অর্থাৎ ৪.৫ গুণলৈকে বাঢ়িছে। বাংলাভাষী আৰু অন্যান্য ভাষাভাষীর সংখ্যাও বাঢ়িছে, কিন্তু দুগুণো হ'ব পৰা নাই। শেহতীয়া কুরি বহুৰত, অর্থাৎ স্বাধীনতাৰ পাছত, অসমীয়াভাষীৰ বৃদ্ধিৰ হাৰ ৮০ শতাংশ, বাংলাভাষীৰ বৃদ্ধিৰ হাৰ ৭১ শতাংশ আৰু অন্যান্য ভাষাভাষীৰ বৃদ্ধিৰ হাৰ ১০৩ শতাংশ। অন্যাन ভাষাভাষীৰ বৃদ্ধিৰ হাৰ দ্ৰুত কৰাত বড়ো ভাষা আন্দোলনেও বৰঙণি যোগাইছে। যি কি ১৮
পৃষ্ঠা:অসম নমৰে আমিও নমৰো.pdf/২২
অৱয়ব