সমললৈ যাওক

পৃষ্ঠা:অসম নমৰে আমিও নমৰো.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 প্ৰশাসন যন্ত্ৰৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত আৰু ঘৃণা কৰ্মচাৰী কিছুমানকো উগ্ৰ জাতীয়তাবাদী প্ৰচাৰ আৰু ক্ৰিয়া কলাপত সক্ৰিয় দেখা গৈছে। ব্যৱসায়ী ন্যস্ত-স্বাৰ্থৰ সমৰ্থনো সুস্পষ্ট। এইবোৰ অশুভ শক্তিৰ প্ৰভাৱেও দেশপ্ৰেমিক সাধাৰণ মানুহক সাময়িকভাবে বিভ্ৰান্ত কৰি কম্যুনিষ্ট-বিৰোধী আৰু ভাবান্ধ কৰি তুলিছে। আঞ্চলিক অৰ্থনীতিৰ গুৰুত্বপূৰ্ণ স্থানবোৰ বিদেশী আৰু ভাৰতীয় একচেটিয়া বৃহৎ পুঁজিৰ গৰাহত। এই পুঁজিক লৰাবৰ ক্ষমতা থলুৱা মধ্যশ্ৰেণীৰ নাই। এতেকে বৃহৎ পুঁজিৰ পেলনীয়া উচ্ছিষ্টৰ দখল লৈহে তেওঁলোকৰ বিভিন্ন অংশৰ মাজত খোৱা-কামোৰা। ক্ষুদ্ৰ মালিক আৰু বেপাৰীসকলৰ অৱস্থা পৰিস্থিতিৰ হেঁচাত এনে জুৰুলা যে শোষক হিছাপে জীয়াই থাকিবলৈ তেওঁলোকক লগা হৈছে কিনোতা ৰাইজ আৰু উৎপাদনকাৰী শ্ৰমিক উভয়কে তীব্ৰভাৱে শোষণ কৰাৰ অবাধ অধিকাৰ।

 কিনোতা ৰাইজক শোষণ কৰাৰ বাবে লাগে সীমাৱদ্ধ আঞ্চলিক বজাৰখনত প্ৰতিযোগিতাৰ সংকোচন। আধি বন্দৱস্তিত দিব পৰা মাটি, ছপাশাল, ট্ৰাক-বাছ, হাস্কিং মেচিন, সৰুসুৰা বেপাৰ, নানা পেছা আৰু চাকৰি বাকৰি— এইবোৰেই বাংলাভাষী আৰু অসমীয়া ভাষী থলুৱা মধ্যশ্ৰেণীৰ চৰণীয়া পথাৰ। এই পথাৰখন নিজৰ বাবে সংৰক্ষিত ৰখাৰ উদ্দেশ্য লৈহে অসমীয়া মধ্যশ্ৰেণীয়ে উগ্ৰ জাতীয়তাবাদৰ আশ্ৰয় লৈছে। কাৰণ, ক্ষুদ্ৰ শ্ৰেণী স্বাৰ্থক জাতীয় স্বাৰ্থ হিছাপে দেখুৱাব নোৱাৰিলে দাবী আদায়ৰ বাবে গণ সমৰ্থন পোৱাটো টান। বহিৰাগত বিৰোধী মতাদৰ্শৰ ঘাই উৎস এইখিনিতে।

 উৎপাদনকাৰী শ্ৰমিকক বিনা বাধাত শোষণ কৰিবলৈ মধ্য শ্ৰেণীতে ট্ৰেড ইউনিয়ন আৰু বিভিন্ন বাওঁপন্থী দলৰ ক্ষমতা খৰ্ব হোৱাটোও বিচাৰে। কিছুদিন আগেয়ে গুৱাহাটীৰ চিটি বাছ শ্ৰমিকৰ ধৰ্মঘট ভঙাত জাতীয়তাবাদী ভলন্টিয়াৰসকলে সহায় কৰাটো আমি দেখিছিলো। থলুৱা মাটিগিৰি আৰু 'দেহান' সকলৰ শোষণৰ বিৰুদ্ধে শ্ৰমজীবী থলুৱা খেতিয়ক সকলৰ মাজত শক্তিশালী শ্ৰেণী সংগঠনে গা কৰি উঠা দেখি উত্তৰ কামৰূপৰ মধ্যশ্ৰেণী আতংকিত। অসমৰ শ্ৰমিক শ্ৰেণীৰ সৰহভাগেই তথাকথিত বহিৰাগত বংশোদ্ভূত। এতেকে, মধ্যশ্ৰেণীয়ে শ্ৰমিক-দমনৰ বাবেও বহিৰাগত বিৰোধী জাতীয়তাবাদী মতাদৰ্শৰ কাৰ্যকাৰিতা চাই ইয়াকে সাৱটি ধৰিছে। এই মতাদৰ্শৰ আশ্ৰয় লৈ প্ৰয়োজনমতে শ্ৰমিক ঐক্য ভাঙিব পৰা যায়। আকৌ, বহিৰাগত খেদাৰ ধ্বনি তুলি প্ৰতিযোগীক হটাব পৰা যায়।

 মধ্য শ্ৰেণীৰ নিষ্পেষিত অংশই দেশী-বিদেশী একচেটিয়া বৃহৎ পুঁজিৰ আৰু সামন্তীয় স্বাৰ্থৰ বিৰুদ্ধে সংগ্ৰামৰ কথা নকৈ শোষিত মানুহৰে একাংশক সদ্যহতে প্ৰধান শত্ৰু বুলি চিহ্নিত কৰাটো দুখলগা কথা। অসমৰ গাঁও-ভূঁই আৰু নগৰ-বাগিচাৰ পৰা সামন্তবাদ, বিদেশী পুঁজি আৰু একচেটিয়া পুঁজিক উচ্ছেদ নকৰাকৈ অসমীয়া মধ্যশ্ৰেণীয়ে যে হাত-ভৰি মেলিবৰ অৱকাশ পাব, তেনে আশা নাই। অভিজ্ঞতাই আচল শত্ৰু চিনাব, কিন্তু ইতিমধ্যে প্ৰচণ্ড ক্ষতি যি হ'বৰ হৈয়ে গ'ল।

১৭