In the pursuit of their objectives the more radical among the Assamese have regretfully resorted to violence and there have been deaths and cases of arsons. Gaurishankar Bhattacharya, president of the Janata Party, freely admitted to me that there have been stray incidents against Bengalis.. Mr. Bhattacharya did not spare those sections of the Assamese press that, he said, behaved “like lunatics.” “Friends of the movement should see the wrong acts are immediately put an end to”, he further noted.
(Illustrated Weekly, January 20-26, 1980)
আন্দোলনৰ নামত কৰা দুষ্কৃতি সংশোধিত হোৱা দূৰৰ কথা, বৰং আৰু বিয়পিহে পৰিছিল। ছাত্ৰ সন্থা আৰু গণসংগ্ৰাম পৰিষদৰ পক্ষৰ পৰাও ‘অসমীয়া পত্ৰ-পত্ৰিকাৰ একাংশৰ উন্মাদ সদৃশ আচৰণক’ ৰাজহুৱাভাৱে গৰিহণা দিয়া হোৱা নাই। এতিয়া সৰ্বস্ব হেৰুৱাই আশ্ৰয় শিবিৰলৈ অহা হাজাৰ হাজাৰ শৰণাৰ্থীৰ হাহাকাৰৰ বাবে আৰু সেৱা-কাৰ্যত চলি থকা বৈষম্যমূলক আচৰণৰ বাবে কাক দায়ী কৰো?
অসমীয়া-ভাষী, বড়ো-ভাষী, মিছিং-ভাষী থলুৱা মানুহৰ মনত নিজৰ ঘৰতে আলহী হোৱাৰ ভয় সোমোৱাৰ দৰে পুৰুষানুক্ৰমে নিগাজিকৈ বহা নেপাল আৰু বঙ্গদেশৰ পৰা অহা ভাৰতীয় নাগৰিক সকলৰ মনতো নাগৰিকত্ব হেৰুৱাৰ নাইবা দ্বিতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত হোৱাৰ ভয় সোমাইছিল। কিয়নো, অবৈধভাৱে স্বৈৰাচাৰী পুলিচৰ হতুৱাই মঙ্গলদৈৰ ভোটাৰ তালিকা শুধৰাবলৈ যত্ন কৰা সময়ৰ পৰাই অকল অবৈধ বিদেশী ভোটাৰৰ প্ৰশ্নই উঠা নাছিল, হাজাৰ হাজাৰ বৈধ ভাৰতীয় নাগৰিকৰ ভোটাধিকাৰো বিপন্ন হৈছিল। উগ্ৰ জাতীয়তাবাদৰ হাতত বাটে-পথে, আনকি নিজৰ ঘৰতো, লাঞ্ছিত হোৱাৰ ঘটনা নঘটা নহয়। এনে আতংকৰ সুযোগ লৈ আমৰা বাঙালী, আনন্দমাৰ্গ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, জামাত-এ-ইছলাম আদি সাম্প্ৰদায়িক অনুষ্ঠান পৰিস্থিতিক আৰু জটিল কৰি তুলিবলৈ সচেষ্ট। কিন্তু সংখ্যালঘুৰ মনৰ আতংক দূৰ কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থা আৰু গণসংগ্ৰাম পৰিষদে মুঠেই গা কৰা নাই। বৈধ ভোটাধিকাৰ কাঢ়ি লোৱাৰ অপচেষ্টাক ৰাজহুৱাভাৱে আৰু সময়মতে গৰিহণা দি সকলো শ্ৰেণীৰ মানুহকে অভয় দিব নোৱাৰাটোৱেই আন্দোলনৰ দ্বিতীয় দুৰ্বলতা।
আন্দোলনৰ তৃতীয় দুৰ্বলতা, কাৰ্যসূচীত সামঞ্জস্যৰ অভাৱ। ১৯৭৭ চনৰ ভোটাৰ তালিকা নীতিগতভাৱে অগ্ৰাহ্য কৰিও, সেই একেইখন তালিকাৰ ভিত্তিত নিৰ্বাচিত বিধান সভাৰ বৈধতা সম্পৰ্কে কোনো সুস্পষ্ট মতামত আন্দোলনে দাঙি নধৰিলে কিয়? সেই একেইখন তালিকাৰ ভিত্তিত নিৰ্বাচিত গুৱাহাটী পৌৰ নিগমৰ জাতীয়তাবাদী সদস্যসকলো এতিয়ালৈকে
১৫