নহয়। ডেৰকুৰি বছৰ আগৰ তালিকাৰ ভিত্তিত ঐতিহাসিক গবেষণা কৰি, আজিৰ ৰাইজৰ মাজৰ পৰা বিদেশী বছাৰ পৰিকল্পনা যুক্তিগ্ৰাহ্য নহয়।
এনে ধৰণৰ খেলিমেলি, অস্পষ্ট ভাবালু চিন্তাৰ বাবে পত্ৰ-পত্ৰিকাৰ বৃহদংশৰ জাতিদ্বেষমূলক প্ৰচাৰ আৰু বিকৃত পৰিসংখ্যান বিশেষকৈ দায়ী। যোৱা তিনি বছৰ ধৰি প্ৰাচীৰ লিখন আৰু পত্ৰ-পত্ৰিকাৰ যোগেদি জনমন বিষাক্ত কৰি তোলা হৈছে। বাহিৰৰ পৰা ব্যাপক জনাগমনৰ ফলত উদ্ভুত অসমৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক সমস্যাৰ বিতং আলোচনা আৰু প্ৰতিকাৰ বিচৰাৰ ৰাজহুৱা প্ৰয়োজন নিশ্চয় আছিল। কিন্তু তাকে কৰিবলৈ গৈ সংবাদপত্ৰই অপপ্ৰচাৰ, বিকৃতি আৰু ঠেক সম্প্ৰদায়গত মনোভাবব আশ্ৰয় ল’ব নালাগিছিল। উত্তেজক, এফলীয়া আৰু আভুৱাৰে ভৰা সংবাদ বেচি কাগজৰ বিক্ৰী বঢ়াব পৰা যায়, কিন্তু তাৰ দ্বাৰা দুস্কৃতিৰেই সেৱা কৰা হয়, সংস্কৃতিৰ নহয়।
প্ৰস্তুতি পৰ্বত আন্দোলনৰ উদ্দেশ্য আছিল অসমৰ তীব্ৰ অৰ্থনৈতিক সংকট আৰু নিবনুৱা সমস্যাৰ প্ৰসংগটো তুলি ধৰি ব্যাপক বহিৰাগত-বিৰোধী মনোভাবৰ সৃষ্টি কৰা। অৰ্থনৈতিক সংকটে চাৰিওপিনৰ পৰা ছাটি ধৰিলে কেতিয়াবা জাত পাতৰ আৰু কেতিয়াবা থলুৱা-বহিৰাগতৰ প্ৰশ্ন তুলি মধ্যশ্ৰেণীৰ মানুহে সংকুচিত বেহা-বেপাৰ আৰু চাকৰি বাকৰিৰ ক্ষেত্ৰত নিজৰ ভাগটো বঢ়াবলৈ যত্ন কৰে। মহাৰাষ্ট্ৰত ‘শিব সেনা’ আৰু পশ্চিমবঙ্গত ‘আমৰা বাঙালী’ৰ উদ্ভৱ এইদৰেই হৈছে। অসমতো অনুৰূপ কাৰ্য-কলাপ বহু বছৰ ধৰি চলি আছে। এনে ধাৰণা সৃষ্টিৰ চেষ্টা কৰা হৈছিল যে খেতিবাতি, বেহা-বেপাৰ, চাকৰি বাকৰিত বহিৰাগত সকলে ভাগ লোৱা বাবেই অসমৰ অৰ্থনীতি আৰু সংস্কৃতি সংকটাপন্ন। অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী দল আৰু পূৰ্বাঞ্চলীয় লোক পৰিষদ ⸺ এই আটাইবোৰ থলুৱা সংগঠনেই এনেধৰণৰ জনমত সৃষ্টিত বৰঙণি যোগাইছিল। ব্যাপক জন-সমৰ্থন পোৱাৰ বাবে প্ৰকৃত বিদেশীক মাত্ৰ খেদাৰ দাবী ৰখা হৈছে তাৰ পাছতহে। কিন্তু ক্ষতি যি হ’বৰ হৈয়েই গ’ল। তথাকথিত সমাজ-বিৰোধী সকলৰ উৎপাতত তিষ্ঠিব নোৱাৰি বহু বাংলাভাষী ভাৰতীয় নাগৰিকেও ভেটি-মাটি এৰিব লগা হ’ল। অন্যতম ভূমিবাসন বিষয়া প্ৰীচিদানন্দ বৰুৱাই শিলিগুৰিৰ আশ্ৰয় শিবিৰলৈকে গৈ তদন্তও কৰিলে। কিন্তু আচৰিত কথা যে আন্দোলনৰ মঞ্চৰ পৰা শ্ৰীবৰুৱাৰ ৰিপৰ্টখনৰ প্ৰকাশনা দাবী কৰা নহ’ল। যি কেইটি ছিন্নমূল পৰিয়ালক ভাৰতীয় নাগৰিক আৰু মাটি-বাৰীৰ দলিল থকা বুলি চিনাক্ত কৰা গৈছিল, তেওঁলোকক ঘূৰাই আনি সংখ্যালঘুৰ আস্থা অৰ্জনৰ ওপৰতো কোনো জোৰ দিয়া নহ’ল। এনেবোৰ কথাৰ কাৰণেই আন্দোলনৰ নিৰ্ভেজাল বিদেশী-বিৰোধী চৰিত্ৰ সুস্পষ্ট নহয়।
নবেম্বৰ’৭৯ ⸺ জানুৱাৰী’ ৮০ কালছোৱাৰ দুখ লগা ঘটনাবলী এই অস্পষ্টভাবে ফলশ্ৰুতি। অবহেলিত অসম সম্পৰ্কে তেখেতৰ সহানুভূতিপূৰ্ণ সম্পাদকীয় প্ৰবন্ধটিত শ্ৰী এম ভি কামাথে লিখিছিল:
১৪