in) থাকি গৈছে। কাৰণ, এই আন্দোলনৰ গুৰি ধৰিছে এক আতংকিত মধ্যশ্ৰেণীয়ে। গঠনমূলক আৰু ঐতিহাসিক দৃষ্টিকোণেৰে আমি এই দুৰ্বলতাবোৰৰ এটি বিশ্লেষণ আগবঢ়াব বিচাৰিছো।
প্ৰথম দুৰ্বলতা আন্দোলনৰ লক্ষ্য নিৰূপণৰ ক্ষেত্ৰত ভাৱালু অস্পষ্টতা। “বিদেশী আৰু “বহিৰাগত” শব্দৰ সমাৰ্থক প্ৰয়োগৰ ভিত্তিত ব্যাপক প্ৰচাৰৰ ফল এই ইচ্ছাকৃত অস্পষ্টতা। আন্দোলনৰ প্ৰাথমিক পৰ্যায়ত বিভিন্ন বিবৃতি, পত্ৰ-পত্ৰিকাৰ এফলীয়া বিকৃত সংবাদ পৰিবেশন আৰু প্ৰকাশিত আলোচনাৰ পৰা বুজি উঠা টান হৈছিল, আন্দোলন কাৰ বিৰুদ্ধে আৰু আন্দোলনকাৰীৰ চকুত প্ৰকৃত বিদেশী কোন! দৈনিক অসমত যিসকলক “বাংলাভাষী অসমীয়া” বুলি কৈছিল, তেওঁলোকৰ লগত প্ৰকৃত বাংলাদেশীৰ পাৰ্থক্য কিহৰ ভিত্তিত কৰা যাব? “নেপালী ভাষী অসমীয়াৰ লগতেই বা বিদেশী নেপালীৰ পাৰ্থকা কিহৰ ভিত্তিত কৰা যাব? এনেবোৰ প্ৰশ্নত আন্দোলনৰ মঞ্চৰ পৰা কোনো সুচিন্তিত, সুস্পষ্ট ঐক্যমত দাঙি ধৰা হোৱা নাই।
বাংলাদেশ ৰাষ্ট্ৰ ভূমিষ্ঠ হোৱাৰ আগেয়ে, অৰ্থাৎ ১৯৭১ চনৰ ২৫ মাৰ্চলৈকে, তাহানিৰ পূৰ্ব পাকিস্তানৰ পৰা লাখ লাখ মানুহ পশ্চিমবঙ্গৰ দৰে অসমতো সোমাই আহি চৰকাৰী আশ্ৰয় আৰু প্ৰায় দুয়োটাকে পাইছিল। এই শৰণাৰ্থীসকলৰ আধা সোমাইছিল কাছাৰত, বাকী আধা ব্ৰহ্মাপুত্ৰ উপত্যকাত। বহুতে আহিছিল অসমৰে প্ৰাক্তন জিলা শ্ৰীহট্টৰ পৰা। এই শৰণাৰ্থী সকলৰ ল’ৰা-ছোৱালী, নাতি-নাতিনী ইতিমধ্যে অসমৰ মাটিতে উপজিছে। গাওঁ অঞ্চলৰ এটি বুজন অংশই অসমীয়া ভাষাকে গ্ৰহণ কৰিছে। আন সকলেও মানসিকতাৰ ফালৰ পৰা আঞ্চলিক সংস্কৃতিৰ লগত জাহ গৈছে বা জাহ যাব ধৰিছে। অসমীয়াভাষী, বড়োভাষী, মিচিং ভাষী জনগণৰ নিচিনা এওঁলোকো অসমীয়া। কিয়নো, অসমীয়া এওঁলোকৰ দ্বিতীয় ভাষা। এওঁলোকক এতিয়া বিদেশী বা বাংলাদেশী বুলিমনে? নিগাজিকৈ বসবাসকাৰী নেপালী ভাষীসকলৰ বেলিকাও কথা একেটাই। এই বহিৰাগতসকল হাড়ে হিমজুৱে থলুৱা হৈ পৰিছে আৰু থলুৱা অৰ্থনীতিত লাগতিয়াল উৎপাদনশীল ভূমিকা গ্ৰহণ কৰি আছে। এনে লাখ লাখ মানুহক শোষক বুলিবৰ থল নাই। কিয়নো তেওঁলোক শোষিত শ্ৰেণীৰ মানুহ। বিদেশী বদনাম দি এওঁলোকক ভেটি-মাটিৰ পৰা উচ্ছেদ কৰিলেও অসমৰ অৰ্থনীতিক বিপন্ন কৰা হ’ব।
এইবোৰ কথা ভাবি চিন্তিহে ‘বিদেশী’ শব্দৰ প্ৰকৃত সংজ্ঞা নিৰ্ণয় কৰিব লাগিব। কিছুমানে কৈছে, ১৯৫১ চনৰ ভোটাৰসকলৰ বংশাৱলী তৈয়াৰ কৰা হওক আৰু সেই বংশাৱলী চায়ে আজিৰ নাগৰিকৰ তালিকা তৈয়াৰ কৰা হওক। ১৯৫১ চনত ভাষা-জাতি-ধৰ্মনিৰ্বিশেষে অসমত কমেও পোন্ধৰ লাখমান পৰিয়াল আছিল। এই পোন্ধৰ লাখ পৰিয়ালৰ বংশধৰৰ তালিকা কিমান কৰ্মীয়ে কিমান বছৰ ধৰি ঠায়ে ঠায়ে তদন্ত কৰি যুগুত কৰিব পাৰিব, সেই বিষয়ে সংশ্লিষ্ট সকলোৰে ধাৰণা অস্পষ্ট। এনে কাম ১০/১৫ বছৰতো শেষ হোৱা বিধৰ
১৩