সমললৈ যাওক

পৃষ্ঠা:অসম-গৌৰৱ চৰিত-মালা.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
আদি-পুৰুষ

তামোল উটি আহিছিল। যোগাইৰ মাকে গা ধুই উঠি সেই তামোল-পাণ খালে। এই কথা জানি বামুণে তিৰুতাক তাৰ বাবে নিন্দা কৰিলে, আৰু তেওঁত বিশ্বাস নাই বুলি তেওঁক তাতে এৰি যোগাইক লৈ লগৰ মানুহেৰে সৈতে গুৱাহাটীৰ সিপাৰে অশ্বক্ৰান্তত থাকিলগৈ। আইজনাৰ শেষ অৱস্থা কি হল কোনেও কব নোৱাৰে।

 ইংৰাজী ১৭৯২ ছনৰ ২৯ নৱেম্বৰত কাপ্তান বেলছ্‌ গুৱাহাটী পায়হি। তেতিয়া আহোম ৰাজ্যৰ সকলো উপদ্ৰৱ জামৰিল। কিন্তু তেতিয়া গুৱাহাটীত জহনী ৰোগত অনেক লোক মৰে। তাৰ পাছত গ্ৰহণী হৈয়ো বহুত মানুহ ঢুকায়। লক্ষ্মীনাৰায়ণ ব্ৰহ্মচাৰীও এই সময়তে গুৱাহাটী পালেহি। কিন্তু কণা মজুমদাৰ তাৰ আগতে ঢুকাল। ব্ৰহ্মচাৰী চিকিৎসা শাস্ত্ৰই পাৰ্গত আছিল। তেওঁৰ ঔষধে গ্ৰহণী ৰোগত পৰা অনেক মানুহক উপকাৰ কৰিলে। এই সময়তেই প্ৰথমে অসমত কানি বা আফিঙৰ খেতি আৰু ব্যৱহাৰ হবলৈ ধৰিলে। জহনী আৰু গ্ৰহণী দুইটা ৰোগতে কানি এটা প্ৰধান ঔষধ। এই বাবেই হবলা এই দেশৰ মানুহে এই খেতি বৰ আগ্ৰহেৰে ৰাখিলে। ভাটীৰ পৰা অহা ছিপাহী আৰু আন মানুহৰ পৰা পোৱা গুটিৰে এই খেতি কৰা হৈছিল।

 কাপ্তান বেলছ্‌ সসৈন্যে ৰজাক লৈ ৰংপুৰলৈ উজাই গ’ল। কামাখ্যা আৰু আন আন তীৰ্থ দৰ্শন কৰি ব্ৰহ্মচাৰীও লগতে উজালে। ১৭১৫ শকৰ চ’তত ৰজাক ৰাজসিংহাসন দি বেলছ ভটীয়াই গ’ল। বুদ্ধিমান আৰু দুৰদৰ্শী লক্ষ্মীনাৰায়ণ সোণকালে ৰজা বুঢ়াগোহাঁই আৰু আন বিষয়াসকলৰ প্ৰিয়পাত্ৰ হৈ পৰিল। দেশত ভাল ছিপাহী নথকাত ব্ৰহ্মচাৰীয়ে শিখ আৰু হিন্দুস্থানী মানুহ ৰজাৰ ছিপাহী দলত নিযুক্ত হবলৈ পুৰুষাৰ্থ কৰি অনাই দিলে। তাৰে কিছুমান অসম আৰু বঙ্গদেশৰ সীমা হাদীৰাচকি বা বঙ্গাল-হাটত থাকিল। সেই