আনন্দৰাম ঢেকিয়াল ফুকন অসমীয়া জাতিৰ ভিতৰত এনে এজন আৰ্হি লোক। তেওঁ জীৱনৰ ডেৰ কুৰি বছৰো পূৰ নোহোৱাকৈ ঢুকাল। কিন্তু তেনে চাৰি কুৰি বছৰেও তেওঁ আমাৰ মাজত আছে আৰু কতকাল জীয়াই থাকিব তাৰ নিৰ্ণয় নাই। স্বৰূপতে সজ নাম আৰু সজ কামৰ লোকসকল মৰিব নোৱাৰে। এনে লোকক পুণ্যস্মৃতি আৰু প্ৰাতঃস্মৰণীয় বোলা হয়, কিয়নো তেওঁলোকৰ নাম মনলৈ আহিলেও আমাৰ পুণ্য হয় আৰু পুৱাই তেওঁলোকক সুঁৱৰিলে আমাৰ দিনটো সজভাৱে কটাব পৰা হয় বুলি আশা কৰিব পাৰি। এওঁলোক তীৰ্থস্থান দৰে নিজেও পৱিত্ৰ, আনৰো পৱিত্ৰকাৰী। তাৰ উপৰি, বছৰৰ জোখকাঠি ধৰি জীৱনক চুটি-দীঘল বোলা উচিত নহয়, কামেৰেহে জীৱনৰ প্ৰকৃত জোখ হয়। একো জোপা সাধাৰণ গছ এশ বছৰৰো অধিক কাল থাকে, তেও তাৰ পৰা কাৰো একো ডাঙৰ উপকাৰ সাধন নহবও পাৰে; কিন্তু এধানমানি এপাহি ফুলে এখন্তেকলৈকো ফুলিও বাটৰ বাটৰুৱা আৰু কত-লোকক কিমান আনন্দ দিয়ে আৰু পৰম সৃষ্টি কৰ্ত্তাৰ মহিমা ঘোষণা কৰে!
এনে বিবেচনাৰে চালে আনন্দৰামৰ ঊনত্ৰিশ্ বছৰীয়া জীৱনকো চুটি বুলিব নোৱাৰি। ইমান তাকৰীয়া কালৰ ভিতৰতে দেশৰ উন্নতিৰ বাবে চাৰিওফালে তেওঁ যিমানখিনি কাম কৰিলে তাৰ লেখ কৰিলে তেওঁক সঁচাকৈয়ে এজন মহাত্মা নুবুলি নোৱাৰি। এই অকণমানি পুথিখনিত সেইদেখি এই মহৎ লোকজনৰ মহৎজীৱনৰ কামখিনিৰ চিনাকি দিবলৈ যত্ন কৰিম, যাতে তোমালোকেও তেওঁৰ আৰ্হি লৈ চলি নিজেও দেশৰ একোজন নামজ্বলা পুৰুষ হবগৈ পাৰা, আৰু দেশৰ মুখো পোহৰাব পাৰা।
ঘাইকৈ আনন্দৰাম ঢেকিয়াল ফুকন এজন অসমীয়া। অসমৰ বতাহ-পানীৰেই তেওঁৰ শৰীৰ আৰু মন গঠিত তোমালোকো অসমীয়া, তোমালোকৰো