কাৰণে এই অৰুনোদইৰ মাজতে দুই এক পিঠি চাপিবলৈ আমালৈ পত্ৰ লিখিছে।”
এইজন প্ৰতিভাশালী লোকৰ যে উনত্ৰিশ বছৰ বয়স সোমাওঁতেই মৃত্যু হৈছিল, তাক তেওঁৰ জীৱনৰ কামবোৰৰ আলোচনা কৰি থাকিলে মনত পৰিব নোখোজে। প্ৰকৃততে কামৰ জোখেৰে জুখিলে ——
“সিদিনা তোমাৰ ঢেকিয়াল ফুকন ঊনত্ৰিশ বছৰীয়া ডেকা,
অসমৰ হকে যিখিনি কৰিলে, যি কীৰ্ত্তি ৰাখিলে লেখা”——
তালৈ চালে সচাকৈয়ে আমি তেওঁক অল্পায়ু বুলিবও নোৱাৰোঁ : সাধাৰণ জীৱনত এশ বছৰেও লোকে যি কৰিব পৰা নাই, তেওঁ ডেকা বয়সতে তাক সাধন কৰি গৈছে।
এতিয়া চোৱাঁ, তোমালোকৰ ভিতৰতে এনে এজন মানুহে সিদিনা মাথোন জন্ম লৈ তোমালোকৰ কাৰণে কিমান ডাঙৰ আদৰ্শ ৰাখি থৈ গৈছে! তেনেহলে তোমালোকে নিজক দুখীয়া বা নিশকতীয়া বুলি কলে শুৱায়নে? আনন্দ ফুকনৰ জীৱনে তোমালোকক কি দেখুৱায়? সি দেখুৱায় আমি জীয়াই থাকিবলৈহে খাওঁ, খাবলৈ জীয়াই নাথাকোঁ। তেওঁৰ জীৱনে আৰু কি দেখুৱায়? সি দেখুৱায় দেশৰ হিত চিন্তিবলৈ বা মাতৃভাষাৰ সেৱা কৰিবলৈ দিন-বাৰ গণি থাকিব নালাগে। গতিকে আজিয়েই হাতে-কামে লাগি যোৱাঁহঁক। সৱাতোকৈ ঘাই কথা, আনন্দৰাম ফুকনে জনম লৈছিল—যেন তোমালোকৰ মাজত তেনেকুৱা শতেক আনন্দৰাম ওলাই মাতৃভাষা আৰু জন্মভূমিৰ মুখ অচিৰে উজ্জ্বল কৰিব পাৰাঁহঁক।
অন্ত