সমললৈ যাওক

পৃষ্ঠা:অসম-গৌৰৱ চৰিত-মালা.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিষয়-বাব আৰু মৃত্যু

নিয়া হল। গুণাভিৰামে ফুকনৰ প্ৰথম পুত্ৰ ৰাধিকাক কোলাত লৈ মুখাগ্নি আৰু পিণ্ডদান কৰোৱালে। অসমীয়া সাহিত্যত ঠাই ইংৰাজী সাহিত্যৰ এজন প্ৰসিদ্ধ লেখক ডক্টৰ জন্মনৰ নাম সকলোৱে শুনিব পোৱাঁ। তেওঁ ইমান খ্যাতনামা আছিল যে আমাৰ বৈষ্ণৱ যুগৰ সাহিত্যক শ্ৰীশ্ৰীশঙ্কৰদেৱৰ নামেৰে “শঙ্কৰী যুগৰ” বোলাৰ দৰে তেওঁৰ যুগৰ ইংৰাজী সাহিত্যক “জন্মনৰ যুগৰ” বুলিছে কৰ। কিন্তু তেওঁ লেখত ধৰিব লগা এনে কোনো যুগমীয়া সাহিত্য ৰচনা কৰি গৈছে বুলি আজিলৈকে কোনেও কব পৰা নাই। অসমীয়া সাহিত্যতো আনন্দৰাম ঢেকিয়াল ফুকনৰ বিষয়ে সেই একে কথাই খাটে। ‘অসমীয়া লৰাৰ মিত্ৰ” নামৰ পুথি কেভাগ আৰু “তাৰুনো দই” কাকতত ওলোৱা প্ৰৱন্ধ কেইটামানৰ বাহিৰে অসমীয়া সাহিত্যৰ সৰ্ব্বপ্ৰথম হলেও সৰ্ব্ব- প্ৰধান সাহিত্যিক বুলি দেখুৱাব পৰা তেওঁৰ কোনো বুজন গ্ৰন্থ নাই। ১৮৫৫ খৃষ্টাব্দত ওলোৱা 'অসমীয়া ভাষা বিষয়ক কেইটামান মন্তव' মৰ্ম্মেৰে গ্ৰন্থখনি বিতোপন আৰু বহুমূলীয়া হলেও ইংৰাজীতহে লিখা। তেনেহলে আনন্দৰাম ফুকনক আমি অসমীয়া সাহিত্যৰ এটি নতুন যুগ প্ৰবৰ্তাওঁতা সাহিত্যৰ অধিনায়ক বা ওজা কিয় বোলে হিঁক কব পাৰানে? ইয়াৰ গুৰি কেইবাটাও। পোনতে, বিদেশী পাদ্ৰীসকলৰ বাহিৰে অসমীয়া ভাষা অসমৰ সুদ-আদালতত নকৈ চলাবলৈ যত্ন কৰোঁতা প্ৰথম আৰু প্ৰধান স্বদেশ-প্ৰাণ অসমীয়া তেওঁ। দ্বিতীয়তে, ইমান চুটি জীৱনৰ ভিতৰত গুৰিলৈকে পোৱা শলিতাৰ দৰে মাতৃ-ভাষাৰ হিত চিন্তাতে জীৱন পাত কৰোঁতা প্ৰথম আৰু প্ৰধান তেজস্বী লেখক তেওঁ। তৃতীয়ত, ইংৰাজী সভ্যতা আৰু ইংৰাজী শিক্ষাৰ পোহৰ