আনন্দৰাম ঢেকিয়াল ফুকন ফুকনে কিছুদিন পাৰস্বী আৰু উৰ্দু ভাষা এজন মুছিৰ মুখে পঢ়িছিল। এওঁ পাশ্বাৰ গুলিস্তান আঞ্চ ৰোৱেষ্টানলৈকে পঢ়িছিল আৰু পন্দেনামাৰ পদ্যবিলাক এওঁৰ প্ৰায় মুখস্থ আছিল। ফুকনে ব্ৰাও পাদ্ৰী ছাহাবৰ মুখে ইংৰাজী পঢ়িছিল। ছাহাবে প্ৰতি দেওবাৰে গীৰ্জাত উপাসনা কৰে। ফুকনে কোনো কোনো দেওবাৰে গীৰ্জাৰ উপাসনা চাবলৈ গৈছিল। কিন্তু লোকে তেওঁক বিধৰ্ম্মী বোলা নাছিল। তেওঁৰ মনেৰে, উপাসনা চাবলৈ গলে একো হানি নাই। গুৱাহাটীৰ তেতিয়া প্ৰধান এছিষ্টেণ্ট কমিশুনাৰ ডাণ্টন ছাহাবে ১৮৪৭ সনৰ ১৬ নৱেম্বৰ তাৰিখে তিনি মাহৰ কাৰণে ফুকনক একটিং মুঞ্চিপৰ ছনদ দিয়ে। তেওঁ সুকৃতি কৰি নলবাৰীলৈ গৈ সেই নৱেম্বৰ মাহতে ভাৰ গ্ৰহণ কৰিলে। তেতিয়াৰ মুঞ্চিপসকলে ৮০ টাকা দৰ্ম্মহা আৰু সৰঞ্জাম আদিৰ খৰচৰ কাৰণে ৪০ টকা মাহেকত পাইছিল। ফুকনে ভাৰ গ্ৰহণ কৰি নিয়মমতে মকদমা বিচাৰ কৰিবলৈ ধৰিলে। অসমত তেতিয়া প্ৰধান এছিষ্টেণ্ট, জুনিয়ৰ এছিষ্টেণ্ট, আৰু ছব এছিষ্টেণ্ট এই তিনি শ্ৰেণীৰ কমিস্যনাৰ ছাহাবৰ এছিষ্টেণ্ট আছিল। ছব, এছিষ্টেণ্ট পৰীক্ষা দিবৰ অভিপ্ৰায়ে তেওঁ আইন ৰৰ যত্নেবে শিক্ষ। কৰিছিল আৰু ভাবিছিল যে যদি অসমত সুবিধা নহয়, তেনেহলে বঙ্গ দেশতে পৰীক্ষা দি সেই শ্ৰেণীৰ পদ গ্ৰহণ কৰিব। ১৮৪৮ সনৰ ছেপ্তেম্বৰ মাহত বৰপেটাৰ মুঞ্চিপ, কীৰ্ত্তিনাথ অঙ্গীনা ফুকনে দশহৰাৰ বন্ধ এৰি ছমাহৰ ছুটী লোৱাত নলবাৰীৰ মুঞ্চিপ্ জগন্নাথ বৰদলৈ বৰপেটালৈ বদলি হল। নলবাৰীত আনন্দৰাম আগৰ দৰে এক্টিং মুঞ্চিপ, নিযুক্ত হন। ইয়াৰ পাছত ফুকনে ছব, এছিষ্টেণ্ট পদৰ বিষয়ে পৰীক্ষা দিবলৈ সাজু হৈ কমিসানাৰ আৰু এজেন্ট গৱৰ্ণৰ জেনেৰেল জেনকিল, ছাহাৰক
পৃষ্ঠা:অসম-গৌৰৱ চৰিত-মালা.pdf/৩৬
অৱয়ব