সমললৈ যাওক

পৃষ্ঠা:অসম-গৌৰৱ চৰিত-মালা.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০
আনন্দৰাম ঢেকিয়াল ফুকন

তাতো মধ্যম যোড়া আহিল। এদিন ৰাজগুৰু ফুকন আনন্দৰামৰ ঘৰলৈ আহিল, আৰু ফুকন আৰু ফুকনৰ বুঢ়ীমাকৰ সৈতে কথা-বাৰ্ত্তা হৈ কলে, “মই আনন্দ বাপালৈ মাহিন্দ্ৰী আইটীক দিমেই। ম‍ই কাৰো কথা নুশুনো।” তেতিয়া দুয়ো পক্ষৰ সকলোৱে বৰ সন্তোষ পালে।

 ১৭৬৭ শকৰ বহাগত বিয়াৰ দিন ঠিক হল, পাঁচদিনীয়াকৈ বিয়া পাতিলে। যথোচিতৰূপে বিয়াৰ আয়োজন হল। বিয়াৰ আগতে মজলিছ হৈছিল, আৰু এদিন ছাহাবসকলক মজলিছলৈ নিমন্ত্ৰণ কৰিছিল। সেইদিনা আতচ্‌বাজী কৰা হৈছিল। বিয়াৰ দিনা ৰাতি বৰষুণ হৈছিল যদিও সকলো কাম পৰিপাটিকৈ কৰা হৈছিল। ফুকনে গুণাৰ বনকৰা পাইজামা, আঙ্গা টুপী পিন্ধি তামজাঙ্গ দোলাত উঠি কইনাৰ ঘৰলৈ গৈছিল আৰু কইনাৰ ঘৰত দৰাৰ কৰ্ত্তব্য কৰিবলৈ পূজাৰ আগতে সেই সাজ সোলোকাই পাটৰ বস্ত্ৰ পিন্ধি লৈছিল। দৰাই মুখত কাপোৰ লব লাগে। শহুৰেকৰ লগত কথা পতা দূৰৈত থাকক, বিয়াৰ পিছতো শহুৰেকৰ ঘৰৰ মানুহেৰে কথা নাপাতে আৰু বিয়াৰ মন্ত্ৰবিলাক মুখৰ ভিতৰতে মাতে। ফুকনে কিন্তু এইবিলাক কথাত অকণো লাজ নকৰিছিল। ৰাজগুৰু ফুকনৰ সৈতে সসম্ভ্ৰমে আৰু নিসঙ্কোচে হোমৰ গুৰিত কথা-বাৰ্ত্তা হৈছিল। এইবিলাক কথাতে কোনো কোনোৱে ফুকনক লাজ নোহোৱা বুলি নিজৰ ঠেক-মনৰ চিনাকি দিছিল। কইনাক দৰা ঘৰলৈ নি আকৌ পিতৃ-গৃহলৈ অনা হল। তাৰ পাছত জেঠত মাহিন্দ্ৰী ফুকননীৰ কন্যাকাল হল। কিন্তু যোগ অশুভ হোৱাত শান্তিয়ণী স্থগিত ৰখা হল। সেই বছৰৰ কাতিত শান্তি কৰি ফুকনে তেওঁক ঘৰলৈ আনিলে। অশুভ যোগৰ কাৰণে শান্তি লোৱাত পলম হোৱাত বৰঞ্চ ভালহে হল। কাৰণ ফুকনে বিয়া কৰালে হয়, ন-