কমেও ২৫০।৩০০ মান মানুহে ফুকনক নাৱৰ পৰা আগবঢ়াই নিয়েহি।চোৱাহঁকচোন বাৰু, ফুকনক কিমান মানুহে ভাল পাইছিল? তেতিয়াৰ দিনত মানুহৰ মৰম-স্নেহ কেনেকুৱা?
ফুকনে পাল্কীৰ পৰা নামিয়েই গোঁসাই ঘৰত সেৱা-সৎকাৰ কৰিলে। তেওঁৰ স্নেহময়ী মাকে আধাখিনি বাটলৈকে আহি চকুৰ পানীৰে তেওঁক সাৱটি ধৰি চুমা খালে। তেৱোঁ মাকক পবিত্ৰ ভক্তিভাৱে সেৱা কৰিলে। তাৰ পাছত বুঢ়ীমাক, খুৰীয়েক আৰু পূজনীয় সকলক সেৱা কৰি বলৰাম ফুকনৰ ফালে গল। ঘৰলৈ আহোঁতে ফুকনে শান্তিপুৰীয়া ক’লা শেলৰ চুৰীয়া আৰু মিৰ্জ্জাই চোলা, গাত এখন শ্বাল কাপোৰ, ভৰিত জোতা-মোজা পিন্ধিছিল। ঘৰত জা-জলপান খাই মণ্ডপলৈ গল।
ইফালে মানুহবিলাকে নাৱৰ বস্তু কঢ়িয়াই আনিবলৈ ধৰিলে। বহুত মানুহ তেওঁক দেখা কৰিবলৈ আহিল। সেইদিনা কোনো এটি ডাঙৰ উৎসৱৰ দৰে হৈছিল। গুৱাহাটীৰ নগৰ, বিশেষকৈ ভৰলুমুখ, হুলস্থুল লাগিল। দূৰ্গাৰাম ফুকনৰ মৃত্যুত যদিও মানুহে শোক-বেজাৰ কৰি আছিল, তথাপি আনন্দৰাম যে সুকলমে ঘূৰি আহিল সেইকাৰণে সকলোৱে বৰ আনন্দ পালে। মেথী ছাহাব তেতিয়া গুৱাহাটীত নাছিল, উজনিলৈ গৈছিল। তাৰ পিছদিনা তেওঁ বলৰাম ফুকনৰে সৈতে জেনকিন্স্ ছাহাবক দেখা কৰিবলৈ গল। ছাহাবে তেওঁক বৰ ভালকৈ আদৰ সাদৰ কৰিলে, আৰু বহুত দিনৰ মূৰত দেখি বৰ সন্তোষ পালে। অলপ পৰ কথা-বাৰ্ত্তা হৈ ফুকন ঘৰলৈ উভতিল।
ফুকনে সেই মণ্ডপত তিনিটা কোঠালি কৰিলে। সমুখৰ কোঠালিত ঢলা বিছনা আৰু তাৰ ওপৰত এখন তুলী আৰু বৰ গাড়ু থলে। দেশীয় লোকে তেওঁৰ সৈতে ইয়াতে দেখাশুনা কৰিছিল। কোঠালিত তেওঁ লগত অনা কিতাপ চাৰিটা আলমাৰীত সজাই থলে আৰু