সমললৈ যাওক

পৃষ্ঠা:অসম-গৌৰৱ চৰিত-মালা.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১
শিক্ষা আৰু প্ৰবাস

সাবধানে চলিছিল। শ্ৰীধৰ বাপু আৰু ৰাতীয়া নামে লগুৱা এটা ফুকনৰ তালৈ গৈছিল। কামৰূপৰ হৰনাথ চৌধুৰী আৰু শম্ভু নামে মানুহ এটা ঘূৰি-পকি গৈ কলিকতা পাই ফুকনৰ লগ লাগিল। ফুকন কলিকতাৰ পৰা অহা স্থিৰ হল। পৰশুৰামৰ মাকেও পৰশুৰামক ঘৰলৈ আহিবলৈ বুলি মেথী ছাহাবক জনালে। ছাহাবেও অনুমতি দিলে।

 ৰামচন্দ্ৰ বিশ্বাস কলিকতালৈ গল। ৰামচন্দ্ৰ বিশ্বাসৰ ভতিজাক কাশীচন্দ্ৰ বিশ্বাস কলিকতাৰ ডফ ছাহাবৰ স্কুলত পঢ়িছিল। তেওঁ আৰু পোৱালচন্দ্ৰও পৰশুৰামৰ লগতে আহিবলৈ ঠিক কৰিলে। দেশলৈ আহিব লগীয়া হোৱাত কিতাপ, মেজ, আলমাৰী, দলিচা, সত্ৰঞ্চি কাপোৰ, পাল্কী আৰু অনেক বস্তু কিনিলে। এদিন ৰামচন্দ্ৰ বিশ্বাসে বৰ বজাৰত কিছুমান বস্তু কিনি মুতিয়াৰ মূৰত দিলে। মুতিয়াটো পিছ হল, বিশ্বাস আগ হল। কলিকতাৰ বৰ বজাৰৰ আলিবোৰ বৰ বহল নহয়। খোজকঢ়া মানুষ, গাড়ী, পাল্কি সৰহ। পাছে এটা তিনিমুখী বাটত বিশ্বাস এফালে গল, মুতিয়া এফালে গল। পাছে মুতিয়াক বিচাৰি নাপালে।

 সকলো বস্তু কিনা হলত ফুকলে চিনাকি ডাঙৰ মানুহসকলক সাক্ষাত কৰি ১৮৪৪ ছনৰ নৱেম্বৰ মাহৰ শেষত এখন ৬০০ মোনী নাও কেৰেয়া কৰিলে। তাত সকলো বস্তু বোজাই দি কলিকতাৰ পৰা যাত্ৰা কৰিলে। আহিবৰ সময়ত তেওঁৰ শিক্ষকসকলে সুখ্যাতি পত্ৰ দিলে। তেৱোঁ তেওঁৰ চিনাকি, বন্ধু আৰু সহপাঠীসকলৰ নাম লিখি আনিলে। তেওঁ আৰু দুবছৰ থকা হলে “জুনিয়ৰ স্কলাৰশ্বিপ” পৰীক্ষা দিব পাৰিলেহেঁতেন। তথাপি আহিবৰ সময়ত তেওঁ বীজগণিতৰ সামান্য নিয়ম, পাটীগণিত, জ্যামিতিৰ প্ৰথম অধ্যায়, ইংলেণ্ড