তেওঁ সৰুতে বৰ আদৰত উঠিছিল। তেওঁ হিংসা বা খিয়লা খিয়লি ভাব সমূলি নাছিল। সাধাৰণতে দেখা যায়, মাকে লোকৰ লৰা মৰম কৰিলে বা কোলাত ললে খিয়াল কৰি অনেক লৰাই তাক নমাই নিজেই কোলাত উঠে। আনন্দৰামৰ কিন্তু সেই স্বভাব একেবাৰেই নাছিল। ৰণৰাম বৰুৱাৰ শিশুপুত্ৰ গঙ্গাৰামৰ মাকৰ নৰিয়া হোৱাত সেই শিশুটি আনি ফুকনৰ মাকৰ গাখীৰ খাবলৈ দিছিল। তেতিয়াও ফুকনে একো বেয়া নাপাইছিল। সময়ে সময়ে তেওঁ ঠেহ-পেচ পাতিছিল। নিজৰ ভাই-ভনী আৰু আন লৰাৰ লগত বৰ ৰঙমনেৰে উমলিছিল। যেতিয়া ঢেকিয়ালম্ ফুকন ঘৰত থাকে তেতিয়া তেওঁ বৰকৈ কায নাচাপিছিল। তেওঁলৈ বৰ ভয় কৰিছিল। আন সকলোৰে আগত নিৰ্ভয় মনেৰে চলিছিল। তেওঁ ককায়েকক বৰ ভাল পাইছিল। ককাদেউতাকে মৰম কৰি কোলাত ললে এওঁ তেওঁৰ টপা মূৰত হাত ফুৰাই বৰ ভাল পাইছিল। এওঁৰ দেউতাক যেতিয়া ঢুকায়, তেতিয়া আনন্দৰামৰ বয়স মাত্ৰ তিনিবছৰ। তেওঁ ইমান কোমল বয়সতে শোক কি বস্তু তেওঁ নাজানিছিল, তথাপি দেউতাক ঢুকাওঁতে আনে শোক কৰা দেখি এৱোঁ শোক কৰিছিল। দেউতাকৰ কোনো কথা তেওঁৰ ডাঙৰলৈকো স্বপ্নৰ দৰে মনত আছিল। দেউতাক থাকোঁতেই এওঁৰ চূড়াকৰণ পৰ্য্যন্ত কাম সমাধা হৈছিল।
পাঁচ বছৰত এওঁৰ বিদ্যাৰম্ভ হয়। খাৰঘৰীয়া ফুকনৰ পুতেক দূৰ্গাৰাম আৰু তেওঁক উমানন্দৰ যশোধৰ অধ্যাপকে সংস্কৃত ভাষাৰ শিক্ষা দিয়ে, আৰু আন আন পণ্ডিতেও শিক্ষা দিয়ে। অলপ ডাঙৰ হলত তেওঁ কাৰিকা ৰত্নমালা ব্যাকৰণ আৰু মুগ্ধবোধ ব্যাকৰণ পঢ়িছিল আৰু শব্দৰ বিভক্তি সাধিছিল। ৰণৰাম বৰুৱাৰ পুতেক গঙ্গাৰাম আৰু খাৰঘৰীয়া ফুকনৰ নুমলীয়া পুতেক বলৰামেও পঢ়িবলৈ ধৰিলে।