সমললৈ যাওক

পৃষ্ঠা:অসম-গৌৰৱ চৰিত-মালা.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০
আনন্দৰাম ঢেকিয়াল ফুকন


 যজ্ঞৰাম কিছুদিন গুৱাহাটীত থাকি কলিকতালৈ গ’ল, আৰু তাত গৈ ব্ৰাহ্ম ধৰ্ম্মৰ এখন প্ৰধান আচাৰ্য্য স্বনামধন্য পুৰুষ ৰাজা ৰামমোহন ৰায়ৰ উপদেশ আৰু শিক্ষা শুনিবলৈ ধৰিলে। আচাৰ্য্য ৰামমোহনে প্ৰথমে যি কেজন লোকে সৈতে ব্ৰহ্মোপাসনা কৰিছিল যজ্ঞৰাম সেইসকলৰ এজন আছিল।

 মেজৰ স্কটৰ লগত প্ৰধান কৰ্ম্মচাৰী হৈ হলিৰাম গোটেই অসমত ফুৰে। নগাঁও আৰু দৰঙৰ প্ৰথম বন্দবস্ত এৱেঁই সম্পাদন কৰে। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱ গুৱাহাটীত থাকোঁতে হলিৰামক ঢেকিয়াল আৰু যজ্ঞৰামক পৰিঘৰীয়া ফুকন বিষয় দিয়ে। মেজৰ স্কটে তেতিয়াৰ গৱৰ্ণমেণ্টৰ প্ৰধান কাৰ্য্যকাৰক স্বৰূপে তেওঁবিলাকক সেই সেই পদত স্বীকাৰ কৰে।

 অসমৰ উজনি আৰু নামনি খণ্ড যেতিয়া ‘জুনিয়ৰ’ আৰু ‘ছিনিয়ৰ’ খণ্ডত বিভক্ত হল, তেতিয়া হলিৰাম ফুকন ছিনিয়ৰ অৰ্থাৎ নামনি খণ্ডত থাকিল। তেওঁ কলেক্টৰী চিৰস্তাদাৰ আছিল আৰু কামৰূপৰ বন্দবস্তৰ বিষয়ে বিশেষ কাৰ্য্য কৰিছিল। তেতিয়া কামৰূপত মেজৰ হোৱাইট্‌ নামে এজন ছাহাব আছিল। কোনো সামান্য কথাতে ঢেকিয়াল ফুকনৰ বিবাদ লগাত এওঁ তাৰ পৰা বিদায় ললে। এই বিবাদৰ কথা শুনি পিছত স্কট ছাহাবে হোৱাইট ছাহাৱকহে কহে বেয়া বুলিলে।

 হলিৰাম ফুকন কাছাৰীলৈ যাওঁতে প্ৰায়ে সদায় পৰ্হি দোলাত গৈছিল। আন লোকৰ দৰে কাকো নীচ সম্ভ্ৰম নকৰিছিল। নগাঁৱৰ বন্দবস্ত কৰোঁতে এওঁ দিফলু সত্ৰৰ অধিকাৰ লৱচন্দ্ৰ গোসাঁইৰ তিলোত্তমা বা কল্যাণী নামে কন্যা এটা বিয়া কৰায়! ইয়াৰ আগতে এওঁবিলাক গুৱাহাটীলৈ অহাৰ কিছুদিনৰ পাছত প্ৰসূতী দেৱীৰ গৰ্ভত