পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১২১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৫
স্বৰ্গদেৱ চুহিত্পঙ্ফা বা গৌৰীনাখসিংহ

বংশত বদনচন্দ্ৰই অধৰম-অত্যাচাৰ কৰা দেখি ৰাজমাও আইচুদেউতা ৰৰ ব্যথিত হ'ল। সদৌশেহত, মাওদেৱতাৰ কৌশলমতেই, ৰূপচিং নামেৰে হিন্দুস্থানী চুবাদাৰ এজনে দেশদ্ৰোহী বদনচন্দ্ৰক, শৌচ কৰিবলৈ যাওঁতে, হলেৰে বধ কৰিলে (১)। তাৰ পাচত,ৰাজমাওদেবতাই ৰুচিনাথ বুঢ়াগোহাঞি ভাজৰীয়াক নগৰলৈ মাতি পঠিয়ালে। কিন্তু ডাঙ্গৰীয়াই চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱৰ ওপৰত সন্দেহ মানি, তেওঁ ৰজা থকা কালত উজাই আহিবলৈ মাস্তি নহ’ল। তাৰ কিছুমান দিনৰ পাচত হে তেওঁ চিলমাৰিত ভাগি গৈ থকা, ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ বংশৰ, পুৰন্দৰসিংহ কোঁৱৰক ৰজা পাতিবৰ মনেৰে, তেওঁক লগত লৈ ৰজাৰ নগৰলৈ আহিল। সেই বাতৰি পাই, চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱে লুকু-ডেকাফুকনক নগৰ গতাই দি, আনঠাইলৈ গতি কৰিলে। যথাসময়ত ডেকাফুকনৰ লগত ৰুচিনাথ ডাঙৰীয়াৰ চুৰচুৰীয়াকৈ এখন ৰণ লাগে ,ৰণত ডেকাফুকন কটা যায়। তাৰ পাচত ৰুচিনাথ বুঢ়াগোহাঞি ডাঙ্গৰীয়াই সকলোৰেপৰা সন্মতি লৈ, খ্ৰীঃ ১৮১৮ চনত, পুৰন্দৰসিংহ কোঁৱৰক যুৱৰাজ পাতি, চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱক মহাৰজা পাতিবলৈ বুলি তেওঁক মাতি পঠিয়ালে; কিন্তু চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱে সেই কথাত সন্দেহ মানি আহিবলৈ অস্বীকাৰ কৰিলে। সেই কাৰণে, তেওঁক ৰংপুৰতে সুবন্দোবস্তে ৰাখি, পুৰন্দৰসিংহ কোঁৱৰক সকলোৱে মিলি ৰাজপাটত তুলি নিগাজীকৈ ৰজা পাতিলে। এই ৰাজৰ পৰাই প্ৰত্যক্ষে আহোম ৰজাৰ অস্তিত্ব লোপ পোৱাৰ আগন্তুক দেখা যায়।


 স্বৰ্গদেৱ পুৰন্দৰসিংহঃ-ৰুচিনাথ বুঢ়াগোহাঞি ডাঙ্গৰীয়াৰ প্ৰস্তাব অনুসৰি পুৰন্দৰসিংহ কোঁৱৰে, খ্ৰীঃ ১৮১৮ চনত, ৰাজপাট লাভ কৰে। কিন্তু, ৰজা হল বুলিও পুৰন্দৰসিংহ স্বৰ্গদেৱে, তেওঁৰ এবছৰ মাথোন ৰাজত্বৰ কালত, ভাঙ্গৰীয়াসকলৰ ভঙ্গা-পতা আৰু মানৰ আক্ৰমণৰ বাবে এদিনো সুখেৰে নিয়াবলৈ নাপালে। তেওঁৰ ৰাজত্বৰ কালত নিৰ্ভয়নাৰায়ণক ভাঙ্গি বাৰুকিয়ালৰ মালভোগক বৰগোহাঞি; ঘনশ্যামক ভাঙ্গি পুতেক নিৰ্গুণক বৰফুকন, ধনীক ভাঙ্গি সন্দিকৈৰ ঘিনাইক বৰবৰুৱা, অনিৰ আয়েক ধনীক ভাঙ্গি দণ্ডেশ্বৰক বৰপাত্ৰগোহাঞি; মটকৰ মাটিবৰ বৰসেনাপতিৰ ভায়েক কলিবৰক বুঢ়াগোহাঞি পতা হয় (২)।


 যেনমতে ভগ্নৰাজ্য কৰিলা বিচাৰ।  বুদ্ধিবলে ইটো দেশ কৰিলা উদ্ধাৰ।।
 পুৰুষ উত্তম বৰ গুণৰ সাগৰ।  ৰঞ্জয় সবাৰ চিত্ত কৰিয়া বিচাৰ।।
 নাহি কতো তান সম গুৰু ভজনত।  নকবয়ো ক্ৰোধ অতি সদায় মনত।।
 নকৰে নৈৰাশ মন লোক সমন্তৰ।  লাবণ্য শৰীৰ চাফ বচন মধুৰ।।
 যাৰ যশৰাশি সুধা দেশ-দেশান্তৰি।  আনন্দ লভিয়া ঘোষে তাক পান কৰি।।
 এই মতে প্ৰকাশন্ত মহামন্ত্ৰী বাই।  ব্যয় বিবেচনা কৰি তিনি পথ চাই।।


 (১) “বদনচন্দ্ৰৰ গাত বোলে কেইঅঁৰামান বিধি আছিল। সেই বিধিৰ প্ৰভাবত ক'তো একো বিঘিনি নোহোৱাকৈ বৰফুকন সুদুৰ মানদেশৰপৰা উভতি আহেগৈ। কথিত আছে যে এই বিধি গাত থাকে মানে বৰফুকনক দা-যাঠিৰে কুৰিয়াই-খুঁচি মাৰিব নোৱাৰি, অথাই পানীত পৰিলেও তেওঁ নুবুৰে। ৰাজমাওৱে চল কৰি জানিব পাৰিলে যে পুৱা শৌচৰ সময়ত ফুকনে সেই বিধি কেইঅঁৰা শৰাইত থৈ দিয়ে। সেই ছেগতে তেওঁক মাৰিাব-কাটিব পাৰি। ৰূপচিং নামে ভোজপুৰীয়া হিন্দুস্তানী চিপাহী এটা সেই কামত নিযুক্ত হয়।১৭৪০ শকৰ শাওণত ৰূপচিংঙ্গে ছেগ চাই ফুকনৰ প্ৰাণ হত্যা কৰে। - ৰায়বাহাদুৰ সুৰ্য্যকিমাৰ ভূঞা সম্বলিত “বৰফুকনৰ গীত।”


 (২)বিল,- ৰায়বাহাদুৰ ভূঞা সম্পাদিত হৰকান্ত বৰুৱাৰ “আসাম বুৰঞ্জী” ৮৯ - ৯০ পৃষ্ঠা১৪