পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী বৰিষণ জল ফেন শেষে বিজালে। সংয় সৱাকো দুৰ্ব্বাব যমকালে॥ পূৰ্ণ চন্দ্ৰমাৰ কান্তি হয় সকল। যেৱে শুকাই পৰে সাত সাগৰৰ চাল॥ পাতাল পৰ্যন্ত শত পৃথিবী নসয়। মেক মন্দৰক আদি পৰ্বত খসয়॥ সূৰ্য আদি গ্ৰহ খসি ভূমিত পবিব। তথাপিতো আমি পিতৃবাক্যক নেৰিব॥ প্ৰাণব সশেয় যেৱে মিলয় আমাৰ। তথাপিতো নইবে মোহোৰ অঙ্গীকাৰ।” কৃৱািসৰ সীতাও ভীতা, অবলা; কিন্তু বাল্মীকি, তথা মাধৱ কন্দলীৰ সীতা আদৰ্শ শক্তিৰাপা, বীৰাঙ্গনা। সীতাহৰণৰ সময়ত যি ৰাৱণক দেখি - “তমুং পপকৰ্মাণং জনস্থানগতা দ্ৰুমাঃ। সাদৃশ্য ন প্ৰকম্পন্তে ন প্ৰবাতি সমাৰুতঃ॥ শীঘ্ৰস্ৰোতাশ্চ তৎ দুষ্টা বীক্ষন্তং জলোচনম। ভিমিতং গন্তুমাৰেভে ভয়দ গোদাবৰী। নদী॥" সেই ৰাৱণ হাৰিত আলে পাই হবণ কৰিব খোজাত তেওঁক মাধৱ কন্দলীৰ সীতাই কি নিৰ্ভীক উত্তৰ দিছিল = “দাৰুণ বচন শুনি সীতা কুপিলন্ত। নিষ্ঠুৰ বচন তাক বুলিৰে লৈলন্ত॥ হাওৰে ৰাৱণ বৰ্ধৰ নিশাচৰ। অবিলম্বে যাইবাক চাহ যম-ঘৰ॥ ৰামৰ গণিী মোক ভজিক চাস। মৰিবাক লাগি কালকূট বিষ খাস॥ ত্ৰিশূলৰ ওপৰত নাচিবাক চাস। মহাপাপী দুয়া তই স্বৰ্গে কৰ আশ॥ দুয়া জুই আগুনী চন্দ্ৰক ধাৰ দেস। হলন্ত অগ্নিক বেটা বস্ত্ৰে বান্ধি নেস॥ তিখান খাণ্ডাত জিহ্বা ঘষিবাক চাস। বহুিকুগু মাজে যেন পতঙ্গ ঝাস॥ বামৰ ভাৰ্যাক.নীচ ৰাক্ষসে বাস। সূচিৰ মুখত দিয়া নয়ন জান্তস॥ গগলে শিলা বাঙ্গি এইতৰ সমুদ্ৰক। ক্ষুদ্ৰ পক্ষী দুয়া ধাৰ দেহ, গৰুড়ক॥ বেঙ্গ হয়া তেৰথাৰ আগত মিলস। এণি সাপ হুয়া তুই পৰ্বত গিলস। বিৰাল বাঘিনী সমেকৰ পৰিহাস। পৃথিবীৰ জন্ধু আদিত্যৰ ধাৰে যাস॥ সিংহ ভাৰ্যাক শৃগালৰ অভিলাষ। শাস্ত্ৰী সীতা মোক তই ভজিবাক চাস॥ সুখৰ ভিতৰে তোৰ মতি ভৈল মন্দ। অবিলম্বে বাঘৰে ছেদিব দশ স্কন্ধ। গড়ৰে কাকৰে যেনে পটল। শিয়াল সিং হোৰে যেহেন অব। গিৰি-নদী সমুদ্ৰে অন্তৰ হোৱে যত। নাম দেবে তোহোৰ দেথয় সেহি মত॥ স্বপ্নে-জ্ঞানে মনে ৰাৱত দৃঢ় কায়া। চৰণে নুইবোঁ পৰ পুৰুষৰ ছায়া॥" মুঠতে কৃত্তিবাসৰ ৰাম-সীতা বঙালীব আৰু মাধৱকদলীৰ, তথা বাল্মীকিৰ, ৰাম-সীতা অসমীয়াৰ, তথা ভাৰতীয়ৰ , আদৰ্শ নৰ-নাৰী, তথা দেৱ-দেৱী। দুৰ্ভাগ্যক্ৰমে, কৃত্তিবাসী