পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৬
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী

কন্দলীৰ এই অসমীয়া ৰামায়ণেই আটাইতকৈ পুৰণি বুলি প্ৰমাণিত হয়। “আদিত্যবাৰ শ্ৰীপঞ্চমী পূৰ্ণ মাঘমাস। তথি মধ্যে জন্ম লভিলাম কৃত্তিবাস।" এই উক্তিৰ পৰা ১৪৩২ খৃঃৰ মাঘী সংক্ৰান্তিত কৃত্তিবাসৰ জন্ম বুলি ধৰা হয়; আৰু তুলসীদাসৰ জন্ম ১৫৮৯খৃঃ, মৃত্যু ১৬৮০, ৰামায়ণ-ৰচনাৰ আৰম্ভকাল ১৬৩১ খৃঃ। এতেকে বঙলা আৰু হিন্দী ৰামায়ণ মাধৱ কন্দলীৰ অসমীয়া ৰামায়ণতকৈ সেই অনুপাতে এশৰ পৰা তিনিশ বছৰমানৰ পিছৰ। প্ৰাচ্যবিদ্যামহাৰ্ণৱ নগেন্দ্ৰনাথৰ “বিশ্বকোষ’’ৰ মতে মাৰাথীত ৮, তৈলঙ্গীত ৫, তামিলত ১২, উৎকলত ৬, হিন্দীত ১১, আৰ বঙলাত ২৫ খন সুকীয়া ৰামায়ণ আছে। অসমীয়াতো সেইদৰে মাধৱ কন্দলী আৰু অনন্ত কন্দলীৰ বাহিৰে গীত-পদ্য-গদ্যত আন কেইবাখনিও ৰামায়ণ আছে; উত্তৰ-বৈষ্ণৱ যুগৰ অনন্ত ঠাকুৰে ৰচা এখন ৰামায়ণত শঙ্কৰদেৱৰ শিশুকালৰ এজন শিক্ষক কলাপচন্দ্ৰ দ্বিজাই এখন ৰামায়ণ-চন্দ্ৰিকা লিখিছে বুলিছে; আদিকাণ্ড উত্তৰাকাণ্ডৰ লগতে অযোধ্যা কাণ্ডৰ বাহিৰে কবি দুৰ্গাবৰে ৰচনা কৰা চাৰিকাণ্ড ৰামায়ণ পোৱা হৈছে; বিদ্যা পঞ্চাননৰ পাতালীকাণ্ড ৰামায়ণ আৰু গঙ্গাৰামৰ সীতাৰ বনবাসৰ বাহিৰে ৰঘুনাথৰ গদ্য ৰামায়ণ উল্লেখযোগ্য; এজন অজ্ঞাত অসমীয়া কবিৰ “লৱকুশৰ যুদ্ধ" ও অসমীয়া ৰামায়ণৰ ভিতৰুৱা।

“সাত(?) কাণ্ড ৰামায়ণ, পদ বন্ধে নিবন্ধিলো,
 লম্ভা পৰিহৰি সাৰোদ্ধৃতে।
মহামাণিক্যৰ বোলে, কাব্য-ৰস কিছু দিলোঁ,
 দুগ্ধক মথিলে যেন ঘৃত॥
পণ্ডিতলোকৰ যেৱে, অসন্তোষ উপজয়,
 হাতযোৰে বোলোঁ শুদ্ধ বাক।
পুস্তক বিচাৰি যেৱে, তৈত কথা নপাৱাহা,
 তেৱে সাৰে নিন্দিবা আমাক || ২৫"


 মাধৱ কন্দলীৰ লঙ্কাকাণ্ডৰ এই ভণিতাতে এই ৰামায়ণৰ মৰ্মবাণী সোমাই আছে বুলি বুজিব পাৰি; ই বাল্মীকি ৰামায়ণৰ মূলগত অথচ সংক্ষিপ্ত ভাঙনি,