চৰিত্ৰ, বিৰচি আছন্ত, মহা মহা কবিজনে"(২৫।১৫) বাক্য সাৰ্থক হয়। বৰ্তমান নগাঁও জিলাৰ সদৰৰ ১২ মাইল দখিণ-পূবে থকা কদলী মৌজাৰ কন্দলী গাঁও বা সেই জিলাৰ আলিপুখুৰী বোলা ঠায়েই তেওঁৰ প্ৰায় তিনিকুৰি বছৰৰ পৰবৰ্তী শ্ৰীশঙ্কৰদেৱৰ দৰেই মাধৱকন্দলীৰ জন্মস্থান, এই দুই মতৰ পিছৰটিয়েই পুৰণি আৰু এতিয়া অখণ্ডিত। মাধৱ কন্দলীয়ে তথা অনন্ত কন্দলীয় তথা বাল্মীকিয়েও পাঁচকাণ্ড ৰামায়ণহে ৰচিছিল বোলা হৈছে; মূল ৰামায়ণৰ পাঁচকাণ্ডত ৰামক আদৰ্শ মানৱৰূপে দেখুওৱা হৈছিল, পাছত তেওঁত ঈশ্বৰত্ব আৰোপিবৰ বাবে আগে-গুৰিয়ে আদিকাণ্ড-উত্তৰাকণ্ড যে জোৰা দিয়া হৈছে, মূল পাঁচকাগুৰ তুলনাত এই দুই কাণ্ডৰ ভাষাৰ অৰ্বাচীনতাই প্ৰমাণ বুলি প্ৰাচ্য-পাশ্চাত্য অনেক আধুনিক পণ্ডিতে আঙুলিয়াইছে।
“বাল্মীকিগিৰিসম্ভূতা ৰামান্তোনিধিসঙ্গতা। শ্ৰীমদ্ৰাৰামায়ণী গঙ্গা পূণাতি ভুবনত্ৰয়ম॥" ৰামায়ণ - ৰূপিণী গঙ্গা বাল্মীকি-স্বৰূপ পৰ্বতৰ পৰা ওলাই ৰাম-ৰূপ সাগৰত পৰি তিনিও ভুবন পৰিত্ৰাণ কৰা কথা সচাকৈয়ে নামানি নোৱাৰি। ৰামায়ণ আৰু মহাভাৰতক আকৌ গঙ্গা আৰু সিন্ধুৰ লগতো তুলনা কৰে; এই দুই নৈয়ে যেনেকৈ নানান শাখা-উপশাখাৰে সদৌ আৰ্য্যাবৰ্ত্ত সাৰুৱা কৰিছে, সেই দুই মহাকাব্যয়ো তেনেকৈ ভাৰতীয় সভ্যতা আৰু সংস্কৃতিক চিৰকাল জীপ দি আহিছে। সেইহে প্ৰাচীন কালৰ পৰা বৰ্তমানলৈকে ভাৰতীয় নানা ভাষা কিয়, ভাৰতৰ বাহিৰৰো বিভিন্ন ভাষালৈ ৰামায়ণ অনূদিত হৈছে। কোনোৱে প্ৰায় ২৫০খৃঃত চীনা ভাষালৈ ৰামায়ণ অনূদিত হৈছিল বুলি কয়, কিন্তু এই কথা ঠাৱৰোৱা হোৱা নাই। ডক্টৰ জুলছ ব্লকে তিব্বত, ইণ্ডোচীন আৰু জাভা দ্বীপৰ ভাষাত কেইবাখনো ৰামায়ণ পঢ়িবলৈ পাইছে বুলি জনাইছে। স্বৰূপতে ৰাম আৰ ৰাৱণ, অযোধ্যা আৰু লঙ্কা, আৰ্য্য আৰু অনাৰ্য্য , সুৰ আৰু অসুৰ, ভিন্ন সভ্যতা আৰু সংস্কৃতিৰ প্ৰতীকৰূপে বৰ্ণোৱা; আৰু সীতাহৰণ উত্তৰ-ভাৰতীয় কৃষি সভ্যতাৰ সিৰলুৰ দ্ৰাবিড় দেশত বিস্তাৰ বুলিও বুজিব পাৰি। বুদ্ধদেৱৰ পৰবৰ্তী কালত পালি ভাষালৈ, নৱম শতিকাত দ্ৰাবিড়ী তামিল ভাষালৈ, আৰু একাদশ শতিকাত জৈন সাহিত্যলৈ ৰামায়ণ অনূদিত হৈছিল; বাস্তৱতে মূল বাল্মীকি ৰামায়ণ যিমান পুৰণি হওক, ৫০০ খৃঃ পূৰ্বাব্দতহে ই বৰ্তমান মৌলিক গঢ় পাইছে বুলি পণ্ডিতসকলে স্বীকাৰ কৰে।
ভাৰতীয় প্ৰাদেশিক ভাষাৰ ভিতৰত চতুৰ্দশ শতিকাত ৰচা মাধৱ