পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৪
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


কোৱা নাই। ইহাতে কামৰূপৰ শেষৰ দুজন পাল ৰজা ইন্দ্ৰপাল আৰু ধৰ্মপালৰ তামৰ ফলিত তেওঁলোকে নিজক “বাৰাহ” বুলি চিনাকি দিছে, আৰু কপিলী উপত্যকালৈকে এওঁলোকৰ ৰাজ্য বিস্তৃত আছিল। গতিকে এই বংশৰ কোনোবা এজনক সেই “বৰাহী" ৰজা বুলিলে মাধৱ কন্দলীৰ কাল দুশ বছৰমান উজাই আহে! এওঁলোকৰ মতে সেইদেখি “বাৰাহ’’ৰ ঠাইত “বৰাহ” কৰা, আৰু সেইদৰে মহামাণিক্য আৰু মাণিক্য স্বৰূপতে মহামাণিফা আৰু মাণিফাৰ ঠাইত লিপিকাৰৰ প্ৰমাদ; কিন্তু বিচাৰপতি ফা আদিত"ফা’’ "শব্দই যেতিয়া ৰজা বুজায়, তেতিয়া ৰজা মাণিফা' লিখিলেও অলঙ্কাৰ শাস্ত্ৰৰ ঘাটি নালাগিবনে? তদুপৰি ভূমি (পৃথিবী) আৰু বৰাহৰ মিলনৰ ফলত জন্ম পোৱা নৰকৰ বংশইহে অকল ভুমিপাল, পাল বা বৰাহ উপাধি দাবী কৰিব পাৰে যদি বোলা হয়, সিও হাকুটি লগোৱা অৰ্থহে হয়; কিয়নো ভূৰ (পৃথিবী) একো খণ্ডত ৰাজত্ব কৰা বাবে প্ৰতি ৰজাই ভুপতি, ভূমিপাল, ভূপাল বা পাল, আৰু সৰহ নালাগে স্বুইদেনৰ ৰজাসকলেও হেনো নৰক বংশৰ দৰেই পৃথিবী আৰু বৰাহৰ মিলনৰ পৰা উৎপত্তি হোৱা বুলি দাবী কৰে।

 দেবেন্দ্ৰনাথ বেজবৰুৱাৰ মতে বিজয় মাণিক (১৫৬৪-৮০) ধনমাণিক (১৫৯৬, ১৬০৫), যশমাণিক (১৬০৫-২৫) আদি কেইবাজনো জয়ন্তীয়া ৰজা আছিল, মহামাণিক্যও এওঁলোকৰে কোনোবা এজন হব পাৰে, কিন্তু এই মত বুৰঞ্জীয়ে সমৰ্থন নকৰে, যিহেতুকে পৰ্বতৰায়ৰ (১৫০০-১৬) সৈতেহে শঙ্কৰদেৱৰ জন্মৰ আঢ়ৈ কুৰি বছৰৰ পাছত এই জয়ন্তীয়া বংশৰ উৎপত্তি হয়। কিন্তু ত্ৰিপুৰাৰ ৰজা ৰত্নফাই বোলে (১৩৮২-১৩৮৬) ছুলটান টুগ্ৰলখানক এটি বহুমূলীয়া মণি উপহাৰ দি মাণিক্য উপাধি লৈছিল; আৰু ৰত্নমাণিক্যৰ পাছত প্ৰতাপমাণিক্য আৰু এওঁৰ ভায়েক মুকুটমাণিক্য যথাক্ৰমে ৰজা হয়। এওঁলোকৰ পাছত মহামাণিক্য (১৩৯৬-১৪০৬? - ১৪১৩?) আৰু তাৰ পাছত এওঁৰ পুতেক ধৰ্মমাণিক্য ত্ৰিপুৰাৰ ৰাজপাটত বহে কনকলাল বৰুৱাৰ মতে এই ধৰ্মমাণিক্যৰ আমোলতে শুক্ৰেশ্বৰ আৰু বাণেশ্বৰ নামে দুজন অসমীয়া পণ্ডিতে ত্ৰিপুৰা ৰাজমালা ৰচে আৰু এয়ে হলে এওঁৰ পিতৃয়েক মহামাণিক্যৰ ৰাজত্বতে চতুৰ্দশ শতিকাৰ শেষ ছোৱাত মাধৱ কন্দলীয়ে অসমীয়া ৰামায়ণ ৰচনা ৰা সম্ভৱপৰ।

 এতেকে ত্ৰিপুৰাৰ ৰজা মহামাণিক্যকে মাধৱ কন্দলীৰ পৃষ্ঠপোষক আৰু চতুৰ্দশ শতাব্দীৰ শেষ ছোৱাকে মহামাণিক্য তথা মাধৱ কন্দলীৰ কাল বুলি ঠাৱৰোৱা হয়; তেতিয়া হলে শ্ৰীশঙ্কৰদেৱৰ “উত্তৰাকাণ্ডৰ” পুৰ্ব্বকবি অপ্ৰমাদী, মাধৱ কন্দলী আদি, বিৰচিলা পদে ৰাম কথা” (১৯৷৬) আৰু মাধৱদেৱৰ আদিকাণ্ডৰ “ৰামৰ