পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৩
শেষ মধ্যযুগৰ অসমইয়া সাহিত্য

 শ্ৰীশঙ্কৰদেৱৰ “উত্তৰকাণ্ড’’ৰ আত্মপৰিচয়- প্ৰসঙ্গত থকা মাধৱ কন্দলীৰ উল্লেখে নিশ্চয় এওঁক শঙ্কৰদেৱৰ পূৰ্ববৰ্তী কবি বুলি প্ৰমাণ কৰে; কিন্তু মাধৱ কন্দলীৰ পৃষ্ঠপোষক “বৰাহ" ৰজা শ্ৰীমহামাণিক্যৰ কাল কিয়, বংশই ভালদৰে নিৰূপিত নহলে মাধৱ কন্দলীৰ স্থান-কাল আদি সম্পূৰ্ণ সঠিক নহয়। মাধৱ কন্দলী ৰামায়ণৰ প্ৰথম প্ৰকাশক মাধবচন্দ্ৰ বৰদলৈয়ে সেই ৰামায়ণৰ পাতনি ১৮৯৯ ত জয়ে জয়ে এই কথাৰ, বিচাৰ কৰে, আৰু দ্বাদশ আৰু চতুৰ্দশ শতিকাৰ ভিতৰত কছাৰী ৰজাসকলেই “বৰাহী" নাম লৈ জয়ন্তপুৰলৈকে ৰাজত্ব কৰিছিল আৰু নগাঁৱৰ আলিপুখুৰীও সেই ৰাজ্যৰ ভিতৰত সোমাইছিল বাবে চতুৰ্দশ শতিকাত আলিপুখুৰীত মাধৱ কন্দলী জন্মিছিল বুলি স্থিৰ কৰে। হেমচন্দ্ৰ গোস্বামীয়ে অসমৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগে বৰ্তমান প্ৰকাশ কৰা কছাৰী বুৰঞ্জীৰ ওপৰত ভিৰ দি বিচাৰপতি যাৰ অৰ্দ্ধতন তৃতীয় কছাৰী ৰজাজনকে শ্ৰীমহামাণিক্য বুলিছে৷ গেইটৰ মতে ১২২৮ত চুকাফাই পাটকাই পৰ্বতেদি অসম সোমাই সেই পূব প্ৰান্তৰ মৰাণ ৰজা বদৌছা আৰু বৰাহী ৰজা থাকুম ফাৰে মিতিৰালি কৰি তেওঁলোকক বৰাই মৰাণ আৰু বৰাহী ৰাজ্য অধিকাৰ কৰে। বিচাৰপতি ফাৰ পৰা অৰ্দ্ধতন সপ্তমজন ৰজা দেৎছা বা দোৎছোং ফা; আৰু আহোমৰ দিহিঙীয়া ৰজা চুহুমুঙৰ মৰঙিত হোৱা যুদ্ধৰ ফলত কছাৰীবিলাকক খাছপুৰলৈ খেদি কাজলী-মুখলৈকে আহোমে ৰাজ্য বহলায় বুলি গেইটে কয়। কিন্তু এই বৰাহী জাতিৰ কোনো মহামাণিক্য ৰজাৰ নাম পোৱা নহয়।

 বিচাৰপতি ফাৰ পাছত মহামাণিক্য ফাৰ পিতাক বিক্ৰমাদিতা ফা ৰজা হৈ মিকিৰ পৰ্বতত বাণপুৰ আৰু সোণাপুৰ নামে দুখন নগৰ পাতি ওচৰতে এহেজাৰ হাত দীঘল আৰু চাৰি শত হাত বহল এটা পুখুৰী খনায়। মহামণি ফাৰ পাছত মাণিক্য ফা, লৱ ফা, খোৰা ফা আৰু দেৎছোং ফা আদি ৰজা হয়। চুহুম্মুং বা দিহিঙীয়া ৰজা পাটত উঠা কাল সম্পৰ্কে নানা মুনিৰ নানা মত; কোনোৱে কয় ১৪০৮ , কোনোৱে কয় ১৪৯৭ আৰু কোনোৱে ১৫০৪ বোলে। দেৎছা বা দেৎছোং ফাৰ ১৫৩৬ ত মৃত্যু হয় আৰু মহামাণিফা বা মহামাণিক্য তেওঁৰ পৰা উদ্ধৰ্তন পঞ্চম পুৰুষ; গতিকে এই পাঁচ পুৰুষৰ বাবে দেঢ়শত বছৰ এৰিলে মহামাণিক্য তথা নাধৱ কন্দলীৰ কাল চতুৰ্দশ শতাব্দীৰ আগছোৱা পোৱা হয়।

 পাছে এই বিচাৰতো আসোৱাহ নোলোৱা নহয়; পোনতে, কি শিলালিপি, কি তামৰ ফলি বা আন লিপি, সকলোতে এই কছাৰী বা বড়ো ৰজাসকলে নিজক হয় হেড়ম্বেশ্বৰ নতুবা হৈড়ম্বাধিপ বা হেড়ম্বপতি বুলিছে, কিন্তু কতে “বৰাহী” বুলি নিজক