পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী

আনন্দ বৰ্ধাই॥২৮॥” গতিকে “চানেকি"ত “মাধৱ কন্দলী আৰো নাম”। শ্লোক সংস্কৃতে আমি গঢ়িবাক পাৰিছয় " বোলা খিনিলৈকে অন্যায় প্ৰক্ষিপ্ত আৰু অনন্ত কন্দলীৰ পদাদি বুলি সহজে বুজিব পাৰি।

 দ্বিতীয় কথা, শঙ্কৰদেৱ-মাধৱদেৱৰ কালতেই মাধৱ কন্দলীৰ ৰচিত আদিকাণ্ড-উত্তৰাকাণ্ড নিশ্চয় বিচাৰি পোৱা নহৈছিল। কোনোৱে কয় আহোম-কছাৰীৰ যুদ্ধৰ কালত ধ্বংস হল , কোনোৱে কয় জুয়ে পুৰিলে; আৰু কোনোৱে কয় মূল বাল্মীকি ৰামায়ণো আদিতে মাজৰ পাঁচকাণ্ড ৰামায়ণত সম্পূৰ্ণ থকাৰ দৰে মাধৱ কন্দলীৰ ৰামায়ণো মূলতেই “পঞ্চকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলোঁ” আছিলঃ আৰু লঙ্কাকাণ্ডতে আত্মপৰিচয় দি সামৰণি মৰা কথাই এই তৃতীয় মত সমৰ্থন কৰে। যেনেকৈয়ে হওক শঙ্কৰদেৱ- মাধৱদেৱে মাধৱ কন্দলীৰ ৰচিত কোনো আদিকাণ্ড উত্তৰাকাণ্ড ৰামায়ণ নাপাইহে যে সেই দুমূৰৰ দুই কাণ্ড দুয়ো লিখি সাতকাণ্ড ৰামায়ণ সম্পূৰ্ণ কৰিছিল সি নিশ্চিত। কিন্তু তাৰ পাঁচশ বছৰৰ পাছত এতিয়া কুৰি শতিকাৰ তৃতীয় দশকত “অসমীয়া সাহিত্যৰ চানেকি"ত দিবলৈ হেমচন্দ্ৰ গোস্বামীয়ে মাধৱ কন্দলীৰ উত্তৰাকাণ্ড পালে ক'ৰ পৰা বা? সি যে “জাল’’ ৰচনা নহয় তাক বুজিলে কেনেকৈ? আচৰিত, কোৱা হয় কামৰূপ অনুসন্ধান সমিতিত মাধৱ কন্দলীৰ উত্তৰাকাণ্ড এতিয়া ওলাল, আৰু সেইদৰে আগতে কৈ অহা অজ্ঞাত কবিৰ লৱ-কুশৰ যুদ্ধ” পুথিৰ আগছোৱাত 'নতুন সাঁচিপতীয়া' পুথিত “হৰিবৰ" নাম জ্ঞাত হল!! ভবিষ্যত গৱেষণাকাৰীৰ বাবে এইবোৰ চিন্তাৰ বিষয় হোৱা উচিত।

 মাধৱ কন্দলীৰ পাঁচকাণ্ড ৰামায়ণৰ ভিতৰৰ বৈষ্ণৱ ভণিতা মাধৱদেৱৰ বুলি কথা-গুৰুচৰিতৰ স্পষ্ট প্ৰমাণ আগতে দি অহা হৈছে। তদুপৰি মাধৱ কন্দলীৰ পাঁচকাণ্ড ৰামায়ণ থকাতো বৈষ্ণৱ কবি অনন্ত কন্দলীয়ে সেই পাঁচকাণ্ড ৰামায়ণকে পুনৰ কিয় ৰচনা কৰিব লগা হল, তাৰ "কৈফিয়ৎ” অনন্ত কন্দলীয়েই অতি সন্তোষজনকভাৱে অযোধ্যা কাণ্ডত (১৩/১৪) দি গৈছে --

মাধব কন্দলী বিৰচিলা ৰামায়ণ।   তাক শুনি আমাৰ আকুল কৰে মন॥
ৰামৰ সামান্য সন্তকথা যথাৰ্থত৷।   ভজনীয় গুণ যত নভৈল বেকত॥
এতেকে যতন কৰোঁ ভকতি পদে।   নুবুলিবা নিন্দা সদা শুনা সভাসদে॥

গতিকে “অসমীয়া সাহিত্যৰ চানেকি”ৰ বিকৃত আত্মপৰিচয়ৰ প্ৰক্ষিপ্ত ৰচনাত মাধৱ কন্দলীক “সপোনে সচিতে মঞি, জ্ঞানে কায় বাক্য-মনে, অহৰ্নিশে চিন্তো ৰাম ৰাম" বোলাবলৈ যোৱা অপচেষ্টা নিশ্চয় বাঁজী।