পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮১
শেষ মধ্যযুগৰ অসমীয়া সাহিত্য


আত্ম-পৰিচয় দিয়া পোৱা হৈছে, তাৰ পৰাই তেওঁৰ যৎকিঞ্চিৎ চিনাকি পোৱা হয়; কিন্তু সি কোনোমতেই একেবাৰে মুকলি নহয় —

“কবিৰাজ কন্দলী যে, আমাকেসে বুলি কয়,
 কৰিলোঁহো সৰ্বজন বোধে।
ৰামায়ণ সুপয়াৰ, শ্ৰীমহা মণিক্য যে,
 বৰাহ ৰাজাৰ অনুৰোধে।২৩||
সাত(?) কাণ্ড ৰামায়ণ, পদবন্ধে নিবন্ধিলোঁ,
 লম্ভা পৰিহৰি সাৰোদ্ধৃতে৷
মহামাণিক্যৰ বোলে, কাব্য-ৰস কিছু দিলোঁ
 দুগ্ধক মথিলে যেন ঘৃত॥২৪॥"


১৮৯৯ ত প্ৰথম ছপা হোৱা মাধৱ বৰদলৈৰ সম্পাদিত ৰামায়ণত এইদৰে পোৱা হয়; কিন্তু কুৰি শতিকাৰ তৃতীয় দশকত ছপোৱা হেমচন্দ্ৰ গোস্বামীৰ সম্পাদিত “অসমীয়া সাহিত্যৰ চানেকি”ত এই আত্ম-পৰিচয় অস্বাভাৱিকৰূপে পৰিবৰ্তিত আৰু পৰিবৰ্দ্ধিত হৈ এনে বিভিন্ন আকাৰত ছপা হৈছে —


“কবিৰাজ কন্দলী যে, আমাকেসে বুলি কয়,
 মাধৱ কন্দলী আৰো নাম।
সপোনে-সচিতে মঞি, জ্ঞান-কায় বাক্য-মনে,
 অহৰ্নিশে চিন্তো ৰাম ৰাম॥
শ্লোক সংস্কৃতে আমি, গঢ়িবাক পাৰিছয়(?)
 কৰিলোঁহো সৰ্বজন বোধে।
ৰামায়ণ সুপয়াৰ, শ্ৰীমহা মাণিক্য যে
 বৰাহী ৰাজাৰ অনুৰোধে॥
সাতকাণ্ড ৰামায়ণ, পদবন্ধে নিবন্ধিলোঁ।
 লম্ভা পৰিহৰি সাৰোদ্ধৃত।
মহামাণিক্যৰ বোল, কাব্যৰস কিছুি দিলোঁ
 দুগ্ধক মথিলে যেন ঘৃত।"


ওপৰৰ ভণিতাৰ সামৰণিত মাধৱ কন্দলী গাইলা, শ্ৰীৰামে অযোধ্যা পাইলা, জয় জয়