পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

40 নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী কমতাপৰ নগৰ পাতিছিল। বৰ্তমান কোচবেহাৰ অঞ্চলত ধল্লা নৈব পব পাবত এই নগৰৰ ভগ্নাৱশেষ এতিয়াও আছে। বকানন হেমিল্টনে ১৮০৯ খৃঃ ত ইয়াৰ পবিধি ১৯ মাইল পাইছিল; তাৰে ৫ মাইল ধল্লাই আবু বাকীখিনি এটা দুগ আৰু ডাঙৰ খালে সম্পূৰ্ণ কৰিছিল বুলিছে। নীলধজৰ পাছত চধজ, আৰু অৱশেষত নীলাম্বৰ (১৪৫৫-৯৮) কমতাপৰৰ বজা হয়। বামপৰ সৰহখিনি, গোটেই ৰংপুৰ আৰ, বঙ্গদেশৰ এছোৰা লৈ নীলাঘৰে। পৰম প্ৰতাপেৰে ৰাজত্ব কৰিছিল; শেষত নিজ মন্ত্ৰী সচীপত্ৰৰ ষড়যন্ত্ৰ আৰ, হছেন শ্বাহৰ (১৪৯৭-১৫২১ খ) বিশ্বাসঘাতকতাত এই ৰাজ্যৰ পতন ঘটে। ইয়াৰ ভালেমান বছৰৰ পাছত বিশ্বসিংহই (১৫১৫-৪০ খ) কোচবংশব পাতনি মেলে। নন্দলাল দেইও খেনবংশী নীলধজকে কমতাপৰ নগৰ-পাতোঁতা বোলে; তেন্তে ১২০৪-১৪৯৮ খৃঃ ৰ ভিতৰত দুৰ্লভনাৰায়ণৰ ঠাই ক'ত? প্ৰাকৃত ভূগোলৰ মতে ১২২০ খৃষ্টাব্দত চণ্ডীৰ প্ৰমুখ্যে ভূঞাসকলৰ কামৰপত প্ৰতিস্থাপনেই বা কেনেকৈ হয়? এই সমস্যাৰ একমাত্ৰ সমাধান এয়, কমতাপৰ নাম নীলধজ বা আন যি বজাৰ দিনৰ পৰাই হওক, কোচবেহাৰ সম্ভৱ ভাস্কৰবৰ্মাৰ দিনব পৰাই পুৰণি কামৰপ ৰাজ্যৰ ৰাজধানী আছিল। চীন পৰিৱাজক য়য়ান, চোৰা পাৰ হৈ অহা ডাঙৰ নৈখন সভৱ তিষ্টাহে, ব্ৰহ্মপুত্ৰ নহয়; আৰ, পৌন্ড্ৰবৰ্ধন বা পাৰনাৰ পৰা ৯০০ লী আৰ্থাৎ ১৫০ মাইল পবলৈ আহি পোৱা নগৰখন কোচবেহাৰৰ কমতাপৰ হে, কিয়নো গৰাহাটী তাৰ পৰা ১৯০০ লী অৰ্থাৎ ৩১৭ মাইল দৰে। তাৰ পৰা অন্ততঃ শাল ফৈদৰ হৰ্জৰ, বনমালা আৰ বলবৰ্মা আদিৰ ৰাজত্বত বৰ্তমান তেজপুৰ অঞ্চলৰ হাৰষ্পেশ্বৰলৈ আৰ, অসমৰ প্ৰথম পাল ৰজাসকলৰ দিনত সম্ভৱ বৰ্তমান নগাঁও অঞ্চলৰ দজয়ালে কামৰূপৰ ৰাজধানী স্থানান্তৰিত হোৱাৰ প্ৰমাণ পোৱা হয়। কিন্তু সম্ভৱ কপিৰ পালংশন শেষ বজা ধৰ্ম পালৰ ৰাজত্বৰ তৃতীয় অনুশাসনত “ধ্বামপনগৰৈ পোহভৱৎ ধৰ্মপালঃ ইতি" বোলাৰ পৰা পুনৰ কামৰূপৰ বাজধানী ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ হাৰস্পেশষ আৰু দখিণ পাৰৰ দয়াৰ পৰা 'তৰাই সম্ভৱ বৰ্তমান কোচবেহাবৰ অঞ্চলৰ কমতাপৰতে পুনৰ প্ৰতিষ্ঠা কৰে। তদুপৰি ঘূৰি ঘূৰি এই সিদ্ধান্তলৈকে নাহি নোৱাৰি ধৰ্ম পালৰ ৰাজত্বৰ পৰাই অৰ্থাৎ দ্বাদশ শতিকাৰ মাজ ৰা শেষ ভাগতে পুৰণি কামৰূপ ৰাজ্য ভাগি থানথান, হয় আৰ, তাৰ ফলত নিশ্চিতভাৱে হয়োদশ শতিকাৰ আৰম্ভতে