পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

> শেষ মধ্যযুগৰ অসমীয়া সাহিত্য ববপ সম্পৰ্কত। এতিয়ালৈকে পোৱা সাঁচিপতীয়া অসমীয়। পথিৰ ভিতৰত যে দশ আঢ়ৈশ বছৰৰ আগৰ লিপিষেই পাবলৈ নাই, অন্ততঃ পৰবৈষ্ণব বোলা সদৌ সাহিত্যই যে বৈষ্ণৱ যুগৰ ভিতৰেদি চালনি-সৰকা দি আহিছে, বিশেষকৈ বৈষ্ণৰ যুগৰ অসমীয়া সমাজত যে অবৈষ্ণৱ কথা বলিলেই অধৰ্ম বুলি বিবেচিত হোৱা হেতুকে সম্পাদকৰ ইচ্ছাকৃত ভাবত বা লিপিকাবৰ অজ্ঞাতসাৰে সেইবোৰ পথি বৈষ্ণৱ গঢ়লৈ ৰূপান্তৰিত হৈছিল, তাত সন্দেহ নাই। ইহাতেও এই পৰবৈষ্ণৱ বোলা কবিসকলৰ বনে ঘাইকৈ পৰণ আৰু ৰামায়ণ মহাভাৰতৰ ভানিতে সীমাবদ্ধ; আৰু এইবোৰ সাধাৰণতে নিজাভাৰে বৈষ্ণৱ বা অবৈষ্ণৱ একো বুলিৰ নোৱাৰি। ভণিতাত কবিসকলে যি ৰহন দিয়ে তাৰ পৰাই সেইবোব বৈষ্ণৰ যা অবৈষ্ণৱ ঘৰপৰ নিৰ্ণয় হয়। কিন্তু সেই ভণিতাবোৰৰো আগতে প্ৰমাণ দিয়া “অচলৰ উপৰিও “দেৱীৰ চৰণ সেৱিৰ পাঠাৰ ৰপে “হৰিৰ চৰণ সেৰি যেতিয়া পোৱা হয়, তেতিয়া কোনটো মল আৰ, কোনটা নকল ধৰা অৰণ্যে কঠিন হৈ পৰে। তদুপৰি মৈথিলী কবি বিদ্যাপতি আৰ, বঙালী কবি জয়দেৱ বা চণ্ডীদাসৰ বাধাকৃষ্ণ বিষয়ক গীতবোৰব পৰা তেওঁলোকক হঠাৎ বৈষ্ণৱ কৰি যেন লাগিলেও, যথাক্ৰমে শক্তি বা সহজীয়া কবি স্বৰূপে তেওঁলোকে সাধাৰণ অনুৰাগমূলক কবিতাপে সেইবোৰ লিখা বুলি প্ৰমাণিত হলেও তাক বিশ্বাস কৰিবলৈ টান লাগে নিশ্চয়। উদাহৰণ স্বৰূপে, কালিকা- পুৰাণ বিশিষ্ট শাক্ত সংস্কৃত গ্ৰন্থ হলেও তাত বিপজাৰ নিৰ্দেশ আছে, আৰ, শংকৰদেৱৰ সমসাময়িক কবি দৰ্গৰৰ মনসা কবি হৈও বামণ-গীতি ৰক আছিল। গতিকে এই পৰবৈষ্ণৱ অসমীয়া সাহিত্যৰ আলোচনা কৰোতে নিশ্চয় মনৰ পৰা এনেবোৰ পূৰ্বসংস্কাৰ অ'তৰাই নিৰপেক্ষ বিচাৰ কৰিবলৈ সাজ, হব লাগিব। দুৰ্লভনাৰায়ণৰ আমোলৰ পৰবৈষ্ণৱ কবিসকলৰ ভিতৰত নিশ্চিতভাৱে সৰ্বপ্ৰথম আৰু সৰ্বপ্ৰধান হেম সৰস্বতী। প্ৰহস্ৰাব-চবিত পথিত তেওঁৰ আত্ম- পৰিচয় প্ৰসঙ্গৰ মাথোন দফাকি পদ কমতামণ্ডল দুৰ্লভ, নাৰাণ নপৰৰ অনলাম। তহন বাইত দেৱযানী কন্যা নাম। তাহান তনয় হেম সক বামন পুৰাণ চাই।” লজিয়াৰৰ মতে খেন বংশী নীলধজ ৰজাই (১২০৪-৫৬ খ) এই ৰত্ৰ সতী পদবন্ধে তেহে প্ৰচাৰ কৰিলা