পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

co নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী আৰু পুৰণি বঙলা যে একে আছিল, খিৰ বুলি ভাবোঁ; কিয়নো বলা সাহিত্যৰ আন এজন যশস্বী বৰঞ্জী-লেখক বমেশচন্দ্ৰ দত্তই স্পষ্ট কৈছে ৰামায়ণ-মহাভাৰতৰ পদ-ভাঙনিৰে পঞ্চদশ শতিকাতহে স্বৰূপতে বলা সাহিত্যৰ পাতনি হৈছে আৰু কাশীৰাম দাসেই সেইদেখি প্ৰকৃত বঙলা সাহিত্যৰ পিতা। পেটকটা ব আদিৰে পথিখনৰ লিপিও সম্পূৰ্ণ অসমীয়া। কৃষ্ণকীৰ্তন দহ খণ্ডত বিভক্ত; প্ৰত্যেক খণ্ডৰে একোটি উদ্ধতি চালেই ইয়াৰ ভাব আৰ ঘাইকৈ ভাষাৰ সম্পৰ্কে এটি আভাস পোৱা হয়। পথিখন প্ৰথম পাত ঘটা দেখি অলপ মাজৰ পৰা আৰম্ভ হৈছে “সব দেৱে সভা পাতিল আকাশে।” শঙ্কৰদেৱৰ উত্তৰা কাণ্ড কমায়ণৰ ভাঙনিত আছে, 'ছন্ত ঘন যেৰে দিব্য সভা পাতি।" আৰম্ভব পবা শেষলৈকে পুথিখনত অসমীয়াৰ যি মচিব নোৱৰা চিন আছে, উদ্ধৃতিত তাৰ যৎকিঞ্চিৎ আভাসহে পাব পাৰি। (অধ্যান, ৯০-৯৪ পি)। সেই প্ৰাচীন বাঙ্গালা"ৰ আন নাম যে “অসমীয়া”, তাত এতিয়া কাব্যে শকুৰি থাকিব নোৱাৰে। কিন্তু সাহিত্য স্বৰপে ই কেতিয়াও অসমীয়া বৈষ্ণন সাহিত্যৰ লগত জীণ যাব পৰা বস্তু নহয় ইও সুনিশ্চিত; ইয়াক অৰ্বাচীন অসমীয়া “বাধাহৰণ’ আদিৰ লগৰ তল-শাৰীৰ পথি বলিব লাগিব। বঙ্কিমচন্দ্ৰ চেটাঙ্গিয়ে কবৰ দৰে কোনোবা ভট্টাচাৰ্য্যব “লাল” প্ৰায় একাদশ শতিকাত ওপজা পেট-মচা ব্ৰহ্মবৈবৰ্ত পৰণতে সহজীয়া জীয়ৰী ৰাধা জয় হয়ে অৱতীৰ্ণ। তাৰ পাছত ৰঙালী জয়দেৱৰ সংস্কৃত কাব্য গীতগোকিব কোলাত লহপহকৈ বাঢ়ি বিলাসী পাটগাভৰজনী; আৰ, শেষত বিদ্যাপতি- চণ্ডীদাসৰ প্ৰেম-গীতৰ তালত নপৰ পিন্ধি পাক দি, নটৰ জীয়ৰী ফুলমতী ফুলেশ্বৰী ৰাণী হোৱাৰ দৰে চৈতনাদেৱৰ ধৰ্মত আধ্যা গোসানী হয়। এই প্ৰসঙ্গত এই মূল কথা মনত ৰাখিব লাগিব, বাধা-চৰিত্ৰ শ্ৰীমদ্ভাগৱত তাদি মল গ্ৰথবোৰত নাই, আৰু ই শ্ৰীমংগীতাৰ একশৰণ ধৰ্মৰ বিৰোধী। অৰ্বাচীন ব্ৰহ্মবৈৰী পৰাণৰ প্ৰেম-কাহিনী লৈ বঙালী কবি জয়দেৱে যি গীত- গোবিন্দ কাব্য সংস্কৃতত ৰচনা কৰিলে, সচাকৈয়ে তাভ “গীত” আছে, গোবিন্দ নাই নিশ্চয়। মৈথিলী কবি বিদ্যাপতিৰৰ বাধাকৃষ্ণ বিষয়ক গীতবোৰ সেই একে মলৰ পৰাগ-অনুৰাগৰ কবিতা, ভক্তিমূলক কবিতা নহয়; কিয়নো বিদ্যাপতি প্ৰকৃততে বৈষ্ণৱপৰ্থী কবি নাছিল। ৰাধাকৃষ্ণৰ সহজীয়া প্ৰেমৰ গীত-