পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

66 শেষ মধ্যযুগৰ অসমীয়া সাহিত্য প্ৰথমত বৌদ্ধ গান বা দোহা, দ্বিতীয়ত শুন্য-পৰাণ, আৰ, তৃতীয়ত কৃষ্ণ- কীৰ্ত্তন; অসমীয়া-বঙলা ভাষাৰ এই তিনটিয়েই ঘাই খাপ সন্দেহ নাই। বঙ্গীয় সাহিত্য পৰিষদৰ পৰা ৰামেন্দ্ৰসুন্দৰ ত্ৰিবেদীৰ পাতনিৰে কৃষ্ণকীৰ্তন বসন্ত- বঞ্জন বায়ৰ হাতেদি সম্পাদিত হৈ ওলাইছে। সবিজ্ঞ সম্পদকে ভাঙি-পাতি কৈছে বোলে এই পথিৰ বচনা বা পাণ্ডুলিপিৰ কাল, বচয়িতাৰ বিৱৰণ, আন নালাগে পুথিখনৰ নামটোও তেওঁ তাত পোৱা নাই :কেৱল একেখন পাণ্ডুলিপি, তাবো প্ৰথম পাত ফটা আৰ, শেযকেইটা পাত হেৰোৱা ঃ তাৰ পৰাই সদায় শুনি অহা “কৃষ্ণকীৰ্তন” নামৰ পুথি এয়ে বুলি ভাবি তেওঁ সেইবে সম্পাদন কৰি উলিয়াইছে। পাণ্ডিত্যপণে পাতনিত ত্ৰিবেদীয়ে তিনটা কাৰণত এই পুথি অমল্য বুলিছে; প্ৰথমত, লিপিবিশেষজ্ঞ বাখালদাস বানাজিৰ মতে এই পুথিৰ লিপি চতুৰ্দশ শতিকাৰ আৰু সেই অনুসাৰে ই প্ৰকৃত লঙলা ভাষা আৰু সভৰ কবি চণ্ডীদাসৰ নিজ আখৰৰ প্ৰাচীনতম নিদৰ্শন : দ্বিতীয়ত, ত্ৰিবেদীৰ মতে এই পুথিৰ ভাষা চতুৰ্দশ শতিকাৰ, পশ্চিম বঙ্গৰ ভাষাৰ চানেকি; আৰু তৃতীয়ত, বাধা-কৃষ্ণ বিষয়ক অৰ্বাচীন ভাত ৰচিত প্ৰেম-গীতবোৰৰ বচয়িতা নকল-চণ্ডীদাসৰ ঠাইত ইয়াত প্ৰকৃত চণ্ডীদাসৰ আবিষ্কাৰ। লগতে, অসমীয়া অন্ততঃ অসমীয়া ভাষাৰ সম্পূৰ্ণ লক্ষণ থকা লেখব প্ৰাচীন গ্ৰন্থ এখন বঙলা সাহিত্যই আপোন বুলি দাবী কৰাৰ প্ৰমাণ স্বৰূপে দেখোব সাহিত্যৰ কাৰণে, পৰা হল। লিপি-বিশেষজ্ঞ ৰাখালদাস বানাজিম্নে এহতে স্বীকাৰ কৰিছে বোলে এই পথিত প্ৰাচীন, প্ৰাচীনৰ অনুকৰণ, আৰু অৰ্বাচীন, তিনিধি লিপি পোৱা হয়; আৰু ইহাতে, “সম ১৪৪২ শাকে লিখিত শ-পদ্ধতি বোলা সংস্কৃত পথিখনৰ আখৰৰ লগত মিলাই, তাক ১৯৪২ সম্বং বুলি ধৰি সেইমতে কৃষ্ণ- কীৰ্ত্তন ১৩৮৫ য ব আগত লিখিত বুলিছে। কিন্তু হৰপ্ৰসাদ শাস্ত্ৰীয়ে হয়ত আপত্তি জনাই কৈছে বোলে “শাকে” শব্দটো স্পষ্ট থকাত শদ্ৰ-পদ্ধতি তথা কীৰ্ত্তনৰ লিপিৰ কাল সম্বং বুলি ধৰিবৰ কোনো হেতু নাই; গতিকে কৃষ্ণকীৰ্তনব লিপি কোনোমতে ১৫২০ খুঃৰ আগ বুলিব নোৱাৰি। আলোচনাৰ পৰা ৰায় বাহাদৰ বিদ্যানিধি এজনে মুকলিকৈ লিখিছে বোলে কৃষ্ণকীৰ্তন পথিখন হয় অসম দেশ ঘৰি আহিছে, নহয় অসমীয়া আৰু পুৰণি বগুলা একে আছিল। আৰু আমি তেওঁৰ এই পিছৰ সিদ্ধান্তকে, অসমীয়া ভাষায়