পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

08 নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী "সৰঙ্গ”, “সৰু সৰু”, ‘হেৰ’' আদি শব্দবোৰৰ একেবাৰে ভুল আৰ বিপৰীত অৰ্থ দিছে। অসমীয়া পণ্ডিতৰ সহায়েৰে এই বহুমূলীয়া পথিখন সম্পাদিত হোৱা হলে ইমান আসোঁৱাহ নোলালেহেঁতেন। (২) ৰামাইৰ “শূন্যপুৰাণ" আৰু, (৩) চণ্ডীদাসৰ “কৃষ্ণকীৰ্তন”

দীনেশচন্দ্ৰ সেনৰ মতে “শূন্যপুৰাণ“ প্ৰণেতা ৰামাই পণ্ডিতেই বঙ্গদেশত “ধৰ্ম”মত প্ৰচাৰ কৰোতাসকলৰ ভিতৰত প্ৰধান, আৰু এওঁ একাদশ শতিকাৰ আগভাগৰ গৌড়ৰ ৰজা ধৰ্মপালৰ সমসাময়িক। ৰাজেন্দ্ৰ চোলৰ ১০১২ খ্ৰী:ৰ শিলালিপিত দ্বিতীয় ধৰ্মপালৰ উল্লেখ আছে বুলিয়ে দীনেশচন্দ্ৰই সেইদৰে ভাবে; আৰু বৰ্তমান বঙ্কুৰা জিলাৰ দ্বাৰকেশ্বৰ নৈৰ পাৰত ৰামাই পণ্ডিত জন্ম বুলি কয়। কিন্তু যোগেশচন্দ্ৰ বিদ্যানিধিৰ মতে শূন্যপণ চতুৰ্দশ শতিকাৰ আগব হব নোৱাৰে, আৰ, সুনীতিকুমাৰ চট্টোপাধ্যায়ৰ মতে ই পঞ্চদশ শতিকাৰ পৰ্বৰ নহয়। ভাষামূলক বিচাৰ আৰ, ঘাইকৈ অসমীয়া ম-সাহিত্যৰ লগত ইয়াৰ ভাব-ভাষাৰ মিলৰ পৰা নৱপৰাণৰ ৰচনা এয়োদশ শতিকাৰ পাছত বুলি অনুমান নহয়। অৱশ্যে ৰামাই পণ্ডিতৰ জন্মান বা শুন্যপৰাণ পথি বৰ্তমান অসমৰ ভিতৰত থকাৰ কোনো সহাৰি নাই। তদুপৰি “ধৰ্ম” আৰু “শন” শব্দ দুটোৰ পৰাই এই গীতবোৰত শৈৱতকৈ বৌদ্ধ প্ৰভাৱৰ কথাহে সচায় বলি বুজিব পাৰি পথিৰ ভাষাও ঠায়ে ঠায়ে সঙ্গক্ষত হোৱা যেন লাগে। (অধ্যয়ন, ৮৯-৯০ পিঠি)। ইয়াৰ ভাব-ভাষা বৌদ্ধ দোহাৰ শাৰীৰ, কিন্তু তাতকৈ অলপ অৰ্বাচীন; অৱশ্যে লিপিকাৰ বা সম্পাদকৰ হাতৰ কিবা চিনে ইয়াত থকা যেন অনুমান। হয়। দীনেশচন্দ্ৰই শূন্যপৰাণত পোৱা গদ্যৰ আহিও দাঙি ধৰিছে–“হে ভগৱান বাৰ ভাই ৰাৰ আদিত্ত হাথ পাতি নেহ সেৱকৰ অৰ্থ পল্প পানী, সেৱক হব সখী। ধমত কানুই গুৰ, পণ্ডিত দেউল দান পতি সংসাৰ ভোক্ত এমনি সন্ন্যাসী গতি যাইতি।” “ৰাতিত পাথৰ চাৰি পতি কৰ। কতে হল সদ সামৰ অহা। কাঞ্চন বান্ধি মাজে কৰিলা কত কাল মণ্ডপে ফটিক থম লগে চন্দন নদন আৰ, শত ডাকে লাগি গজন।” “দেউলে দেহৰ ভাঙ্গে। ক্যাহ ফিহ খায় বঙ্গে। পখৰ পথৰ বোলে বোল॥” “শুনাপবাণ’ৰ সবিজ্ঞ সম্পাদকেও ইয়াৰ অৰ্থৰ প্ৰহেলিকা ভাঙিব নোৱাৰি দুখ প্ৰকাশ কৰিছে। কিন্তু ইয়াৰ অৰ্থ যিয়েই হওক, ভাষাত অসমীয়া ব্যাকৰণৰ সাঁচ প্ৰায় পটি যে সন্দেহ নাই।