সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী সুধী সম্পাদক জনৰ মতে এই যোগী বা নাথ সম্প্ৰদায় প্ৰতিষ্ঠাতা একাধিক জনে হব পাৰে। কুবি সাত-আঠটি বৌদ্ধ দোহাৰ তেৰটিৰ ৰচয়িতা সিদ্ধ কাহ, পাদ বা কৃষ্ণাচাৰ্যই ষষ্ঠত্ৰিংশতম দোহাত নিজক জলন্ধৰিপাদ বা হাড়িপাৰ শিষ্য বুলি কৈছে আৰু গোপীচন্দ্ৰও এই হাড়িপাৰে আন এজন শিষ্য। স্থানীয় কিম্বদন্তী অনুসাৰেও অসমৰ পালবংশৰ এজন শেষ ৰজা ধৰ্মপালে কতোয়াৰ পাৰত থকা তেওঁৰ বোৱাৰীয়েক মীনাৰতীৰ (মইনামতীৰ) ৰাজ্য লবলৈ যত্ন কৰাত তিষ্টা নৈৰ পাৰত উভয় পক্ষৰ যি যুদ্ধ হয় তত ধৰ্মপাল হাৰি সন্ন্যাসী হৈ আঁতৰি যায়। ৰামচৰণৰ শৰ-চৰিতত থকা ধৰ্মপালৰ বিষয়ক “নিজ ৰাজ্য এৰি বিদেশক গৈলা” কথা ই সম্পৰ্ণে সমৰ্থন কৰে। ১৮০৯-ত ভাটি ৰংপুৰ ডিমলাত এখন পুৰণি নগৰৰ ধংসাৱশেষ ডাই বকানন হেমিলটনে লিখিছিল- "তিষ্টাৰ মোচৰ এটাৰ পৰা দমাইলমান দৰত ডিমলাৰ নামনিত চাৰিওফালে গড় মৰা এখন নগৰৰ ভগ্নাৱশেষ আছে, কামৰপৰ পালংশৰ প্ৰথম (শেষ?) বজা ধৰ্মপালে ইয়াক সজোৱা বোলে।..ধৰ্মপালৰ দৰ্গৰ পৰা দুমাইলমান গছিমেই দেও নৈৰ পছিম পৰিত ধৰ্মপালৰ বোৱাৰীয়েক মইনাৱতীৰ (মীনাৱতী বা মইনামতীৰ) দুৰ্গ। ইয়াৰ দখিণে অলপ দৰত হৰিশ্চন্দ্ৰৰ পাট বলি ঘূৰণীয়া মৈদাম এটা আছে ...ইয়ে ধৰ্ম পালৰ পাছত ৰজা হোৱা মইনাৱতীৰ পুতেক গোপীচন্দ্ৰৰ শহকে হৰিশ্চন্দ্ৰৰ যে মৈদম, তাত কোনো কূৰি নাই৷” তেন্তে গোপীচন্দৰ গীত বা গোৰ-বিজয়ত বৰ্ণেৱাি সদৌ কাহিনীৰ লগত এইবোৰ প্ৰমাণ আৰ, কিম্বদন্তীৰ সম্পূৰ্ণ মিল পোবা হল, আৰু পুৰণি পছিম কামৰপ বা কমলা ৰাজ্যৰ ভিতৰা ৰংপুৰ আদি জিলাই গোপীচৰ বাজধানী। আৰু এটি আৰশাকীয় প্ৰসঙ্গ গীতটিৰ আৰম্ভণিৰ—মনাক ঘৰ-বন্দী দিলে ফেৰসাৰ ভিতৰ” আৰ, 'মএনামতী চৰ্থা কাটি ভাত খায় বদৰেৰ ভিতৰ।” এই কদৰ ক'ত আৰু কেনেকৈ হল অলপ ভাবি চালেই ওলায়। প্ৰাগজ্যোতিষৰ ৰজা ভগদত্তই যুধিষ্ঠিৰৰ ৰাজয় যজ্ঞলৈ ‘সহ মেচ্ছঃ সাগৰানপবাসিভিঃ" গৈছিল বলি সভাপৰ্বত লিখিছে। উদ্যেগ পৰ্বতে “বাম্ভে ভগদত্তে পূৰ্বসাগৰবাসিনে" বলিছে। আৰ্যাবত'ৰ সীমা নিৰ্দেশতো কোৱা হৈছে—“আসমদ্ৰাত্ত বৈ পৰাদাসমদ্ৰাত্ত পশ্চিমাৎ। তমেৰোহণ গিৰ্য্যোৰাৰ্যাবৰ্তং বিদধাঃ॥” ব্ৰহ্মপুত্ৰ আৰ, গঙ্গাৰ পৰ্বৰ সঙ্গমত বৰ্তমান বপৰৰ দখিণ সীমাতে এই পবসাগৰ আছিল বুলি এনে অসংখ্য প্ৰমাণৰ পৰা