শেষ মধ্যযুগৰ অসমীয়া সাহিত্য বছৰ মানৰ ভিতৰত বিশ্বেশ্বৰ ভট্টাচাৰ্য্য বোলা এজনে এই গীতবোৰৰ আৰু এটি পাঠ গোটায়। তাৰ পাছত ত্ৰিপৰা আৰু চাটগাঁৱত ভবানী দাসৰ আৰু উত্তৰ বঙ্গত সুকুৰ মহম্মদৰ ৰচিত এই বিষয়ৰ গীতৰ পুথি দুখন পোৱা হয়; অৱশ্যে ইয়াৰ কোনোখনেই দশ বছৰ বা তাৰ অধিক পুৰণি নহয়। ইয়াৰ বাহিৰে প্ৰায় সপ্তদশ শতিকাত দুৰ্লভ মল্লিক নামে এজনেও গোপীচন্দ্ৰ আৰু ময়নামতীৰ সম্পৰ্কে কিছুমান গীত ৰচিছিল বুলি কয়। হাতে ঢুকি পোৱা- নোপোৱা এনে আটাইখিনি গীতৰ পৰা বসন্তৰঞ্জন ৰায় আৰু দীনেশচন্দ্ৰ সেনৰ সম্পাদিত বৰ্তমান “গোপীচন্দ্ৰেৰ গান" প্ৰকাশিত হৈছে।—
“মাণিকচন্দ্ৰ ৰাজা ছিল ধৰ্মী বব ৰাজা।
মএনাক বিৱা কৰিল তাৰ নও বুড়ি ভাৰ্যা।
মএনাক বিৱা কৰি ৰাজাৰ নাপূৰিল মনেৰ আশ।
তাৰ পৰ দাবপুৰৰ পঞ্চ কন্যা বিৱা কৰি পৰি গল মনৰ হাবিলাস॥
আজি আজি কালি কালি বাৰ বছৰ হৈল....
দেখিবাৰ নপাৰি মহাবাজ (মএনাক) ব্যাগল কৰি দিল॥”
এইদৰেই সংগ্ৰহটি আৰম্ভ হৈছে, আৰ, পাদটোকাত ইয়াৰ পাঠান্তৰ দিছে—
ময়নামতীৰ বিআও হৈল মাণিকচন্দ্ৰেৰ ঘৰে।
সিন্দুৰমতীৰ বিআও হৈল নীলমণি ৰাজাৰ ঘৰে।
মএনাক বিআও কৰি ৰাজা পঞ্চাস বিআও কৰে।
বুঢ়া দেখি মনামতীক ব্যাগল কৰি দিলে।
মহাৰাজা ৰাজ্য কৰি খায় পাটেৰ উপৰ।
মএনাক ঘৰ-বন্দী দিলে ফেৰুসাৰ বন্দৰ॥
মহাৰাজা ৰাজ্য কৰি খায় পাটেৰ উপৰ।
মএনামতী চৰ্খা কাটি ভাত খায় বন্দৰেৰ ভিতৰ।”
বিশেষৰূপে মৌখিক গীতৰ ওপৰত সংগৃহীত হলেও আৰু সেই মৌখিক গতবোৰো পুৰণি কামৰূপৰ কমতা ৰাজ্য বঙ্গদেশৰ অন্তৰ্ভুক্ত হোৱাৰ ভালেমান কালৰ পাছত লিখিত অৱস্থালৈ আনিলেও, এইবোৰ যে পুৰণি কামৰূপ- কমতাৰ পুৰণি অসমীয়া ভাষা সেই কথা নাজানি বা পাহৰি অসমীয়া ভাষাৰ গভীৰ অজ্ঞতাৰে সংগ্ৰাহক বা সম্পাদকসকলে ইয়াক বঙলা গীত বুলি ব্যৱহাৰ কৰিলেও এই গীতবে পাঠ, ঘাইকৈ পাঠান্তৰত, অসমীয়া শব্দাৱলী আৰু