(গ) সাহিত্যিক লক্ষণ—ধৰ্মমূলক চিন্তা-ধাৰাত যেনেকৈ আদিযুগৰ
সামৰণিত শৈৱ-শাক্ত আবু, বৌদ্ধ-বৈষ্ণৱ ভাবব যুজ-বাগৰ বৈষ্ণৱ ধৰ্মৰ প্ৰাধান্য-
লাভত ওৰ পৰিল, চৰ্য্যাচৰ্য্য বিনিশ্চয়ৰ মৈথিলী-উড়িয়া-বঙলা-অসমীয়া ভাষাৰ
সানমিহলি সেইদৰে এই যুগৰ পাতনিতে অসমীয়া আদি সকীয়া গঢ়লৈ
আহিল। তথাপি বৈষ্ণৱ ধৰ্মৰ প্ৰাধান্য-লাভ সত্ত্বেও শাক্ত ধৰ্মই যেনেকৈ
তেতিয়াও ফেপেৰি পাতিয়ে থাকিল, অসমীয়া ভাষাই সেইদৰে সুকীয়া গঢ়
লৈও কিন্তু বঙলা ভাষাকো সামৰি আছিল। ইয়াৰ প্ৰমাণ স্বৰুপে শূন্যপুৰাণ,
আৰু, কৃষ্ণকীৰ্তন নামৰ প্ৰখ্যাত গ্ৰন্থ দুখনৰ ভাষা বৰ্ত্তমান বঙলাতকৈ অসমীয়াৰ
লগতহে ঘনিষ্ঠৰূপে সম্পৰ্কিত হলেও, বঙালী সাহিত্যকসকলে এই দুখন
প্ৰাচীনতম বঙলাব নিদৰ্শন বুলিহে ধৰে। ভাবব ফালৰ পৰা, শূন্যপুৰাণ,
দীনেশচন্দ্ৰ সেনৰ মতে শৈৱ আৰু আমাৰ মতে বৌদ্ধধৰ্মমূলক; আৰু কৃষ্ণ-
কীৰ্ত্তন সুনীতিকুমাৰ চট্টোপাধ্যায়ৰ মতে বৌদ্ধ প্ৰভাৱৰ, আৰু, আমাৰ মতে
বৈষ্ণৱ প্ৰভাৱৰ কিন্তু অন-বৈষ্ণব কাব্য। ইয়াৰ বাহিৰে, গোপীচন্দ্ৰৰ গানো
এই যুগবে বৈষয়িক সাহিত্য, আৰু ই পুৰণি কামৰূপৰ ভিতৰুৱা ৰংপুৰ
জিলাৰ পৰা গ্ৰিয়াৰ্ছনে সংগ্ৰহ কৰিলেও ইয়াকো বঙলা বুলি দাবী কৰা হয়।
এইখিনি এৰি বৰ্ত্তমান অসমৰ চাৰি সীমাৰ ভিতৰত ৰচিত সাহিত্যৰ ভিতৰত
ইয়াৰ পৰবৰ্তী যুগৰ বৈষ্ণৰ ভণিতা থকা ৰামায়ণ, মহাভাৰত আৰু পুৰাণৰ
ভাঙনিৰবোৰক পূৰ্ব-বৈষ্ণৱ সাহিত্য বোলা হৈছে; যিহেতুকে দেঢ়শ দুশ বছৰৰ
আগৰ পাণ্ডুলিপিও বৰ্তমান পাবলৈ নাই আৰু যিহেতুকে বৈষ্ণৱ-ধৰ্ম্ম
পৰিশোধিত অসমীয়া সমাজৰ মাজেদি এইবোৰ সাহিত্য বৰ্ত্তমান যুগলৈ সৰকি
আহিছে। পূৰ্ববৈষ্ণৱ যুগৰ সাহিত্য বুলি গ্ৰহণ কৰাৰ আগতে “কথা-
গুৰুচৰিত”ত মাধৱ কন্দলীৰ ৰামায়ণ সম্পৰ্কে থকা এই স্বাভাৱিক কাহিনীয়েই
সতৰ্ক-বাণী শুনায় নিশ্চয়—“তেহে (শঙ্কৰদেৱ-মাধৱদেৱ) আদ্য উত্তৰা কৰিছ;
কাপৰ-পাৰি দৰে আগ-গোৰ সমে বল। উপদেশ আঁচুফুল হল। আগে
উপদেশ নাই, “শুভ শুভ” হে আছিল আধ্যাত; ছোট আত (মাধৱদেৱে)
দিছে।"
অন-বৈষ্ণৱ সাহিত্য—(১) গোপীচন্দ্ৰৰ গান
ভাটিৰ বংপৰৰ পৰা “ময়নামতীৰ গান" বুলি কিছুমান মৌখিক গীত গোটাই ছাৰ জৰ্জ আব্ৰাহাম গ্ৰিয়াৰ্ছনে জয়ে জয়ে প্ৰকাশ কৰে। তাৰ দেঢ়কুৰি