পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শেষ মধ্যযুগৰ অসমীয়া সাহিত্য ৫৭ আগছোৱালৈকে কামৰপৰ নৰকবংশী বজাসকলৰ তামৰ ফলিবোব শেযখনত বাজে আটাইকেখনেই শিৱৰ বদনাবে আকভ হলেও, “ধাত্ৰী,চ্চিক্ষিঙ্গে- নিধে কপটকোল পস্য চক্ৰভূত" বিষ্ণৰ অংশ বুলি নৰকৰ চিনাকি প্ৰায় প্ৰত্যেকথনতে থকাৰ উপৰিও বৈষ্ণৱ ধৰ্মৰ প্ৰতি ক্ৰমে বাঢ়ি অহা ভক্তিৰ চড়ান্ত প্ৰকাশ পাইছে শেষজন বল ধৰ্মপালৰ শেখান তামৰ ফলিত। মোৰ শৈৰ এই নববংশী ৰজাসকলৰ শত-সহস্ৰ বছৰৰ পৰণি ধৰ্মবিশ্বাস মতে এই শেষজন ৰজা ধৰ্মপালে তেওঁৰ প্ৰথম দখন তামৰ ফলি শিৱৰ বন্দনাৰে আৰম্ভ কৰিও তেওঁৰ শেষৰ তৃতীয়খন ফলিত শিৱক একেবাবে গচাই তাৰ ঠাইত “স্বস্তি। শ্ৰীমান স ক্ৰোড়পো জয়তি" বুলি বিষ্ণব বন্দনাৰে আৰম্ভ কৰিছে। অকল ইমানেই নহয়, বিষ্ণব বন্দনাবেই আৰম্ভ কৰি এই ফলিৰ প্ৰথম আঠটি লোক ৰজাই আগ্ৰহেৰে নিজে বচনা কৰাৰ উপৰিও, ৰয়া বলবমাৰ বান্ধব পৰা ধৰ্মপালৰ নিজৰ দ্বিতীয় ফলিৰ কাললৈকে দিয়া মাটিতকৈ সব অৰ্থাৎ দশ সহস্ৰ দোণ ধান উৎপাদন কৰা মাটি দান দিছে—“সকলৰিকুল প্ৰদীপঃ শ্ৰীমান, বভূব মধুসদননামধেয়ঃ। যো বাল্যতঃ প্ৰস্তুতি মাধৱপাদ- গদ্মপজা-প্ৰপঞ্চবচনং) সচিবং চকাব।" অসমৰ ধৰ্মমত সামাজিক বুৰঞ্জীত এই পৰিবৰ্ত্তন নিশ্চ্যা সামান্য ঘটনা নহয়, আৰ, ধৰ্মপালৰ বিষয়েও ই শদা- শুদি সাহস আৰু ধাউতিব কথা হব নোৱাৰে। শঙ্কৰ-চবিত মতে “ধৰ্মপাল বজা আছিলেক কামেশ্বৰ।” কামাখ্যা দেৱীয়ে যেৱে তাক শাপ দিলা। আপোনাৰ ৰাজ্য এৰি বিদেশক গৈলা॥” কামাখ্যাৰ শপৰ কোনো কাৰণ উল্লেখ নথকাত নতুন ধৰ্মতাহণ সাহসৰ বিৰুদ্ধে ইয়াক জন-সাধাৰণব অন্ধবিশ্বাস বুলি সহজে বুজিব পাৰি। পুৰণি কামৰূপত এই নৱ ধৰ্মৰ অভূত্থানৰ অন্যতম প্ৰমাণ ভাৰত-প্ৰসিদ্ধ সমসাময়িক সংস্কৃত গ্ৰন্থ কালিকা পুৰাণ। ইয়াত এহাতে যেনেকৈ দেৱী-উপাসনাৰ বাবে পৱিত্ৰ বুলি পুৰণি কামৰূপৰ অসংখ্য নদ-নদী পৰ্বত-ভৈয়ামৰ বিৱৰণ, প-মকাৰ সাধন আৰু নৰ-বলিব বৰ্ণনা দিয়া আছে। সেইদবেই এই কালিকা পুৰোণতে বিষ্ণুপুজাৰ উল্লেখ গৌণভাৱে হলেও যথেষ্ট পোৱা হয়। ইয়াৰ উপৰিও উত্তৰ লখীমপুৰ মহয়ত কিছুমান বছৰৰ আগতে আবিষ্কাৰ কৰা ১৩৯২ আৰ, ১৪০১ খঃ ত কোনোবা সংয়া পৰীব (সন্ডৰ দিয়াব) এজন বজাই বাসুদেব পবম ও হৰি নামৰ বামুণ এজনক মাটি দান কৰা তামৰ ফলিত শিৱ-পাৰতীৰ লগতে ৰা ফি বন্দনা বিশেষ উল্লেখ যোগ্য। গতিকে শৈৱ-শাক্ত ধৰ্মৰ প্ৰভাৱ লগত থাকিলেও বৈষ্ণৰ ধমই দ্বাদশ শতিকাৰ পৰা আগ ঠাই লোৱা বুলি সহজে বুজিব পাৰি।