পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

08 নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী নিৰ্ভৰ কৰি তালানাথ অৰি, উচ্চী আদিয়ে স্বীকাৰ কৰিছে। হপ্ৰসান শীয়ে চোৰাশী সিদ্ধাচাৰ্য প্ৰথম বোল প্ৰথম আৰ, উনত্ৰিংশ ধৰ্ম-তত্ত্বমূলক দোহাৰ প্ৰসিদ্ধ কৰি লই পাদৰ নামটোও লৌহিত্যপাদৰ চমকৰণ বুলি কোনোৱে ভাবে। এই বৌদ্ধ কবিসকলৰ কোনো কবিতা যে অসমত নাই, পৰতী বৈষ্ণৱ ধৰ্মত অসমীয়া সমাজৰ সম্পৰ্ণ শোধনেই তাৰ কাৰণ বুলিব। লাগিব। অসমত পলি বাস একাদশ শতিকাৰ আকৰ পৰা দ্বাদশৰ মাজলৈকে থাকে; এওঁলোকৰ কেইবাজনো পাল বা কোনো বৌদ্ধ সিদ্ধৰ লগত সংশ্লিষ্ট আছিল বুলি বুজিব পাৰি। ইয়াৰ তেটি দোহাৰ কবি কাহ্নপাদ বা ক্ষাঢ়ৰ্য্য সপ্তদশ সিদ্ধ; এওঁ ষষ্ঠত্ৰিংশৎ দোহাত নিজক হাড়িপা বা জলন্ধৰিপদিৰ শিষ্য বুলি চিনাকি দিচ্ছে। এই হাড়িপাবে আন এজন শিষ্য গোপীচন্দ্ৰ পবণি কামৰপৰ গোপীচন্দ্ৰব গান, মাণিকচন্দ্ৰৰ গান বা ময়নামতীব গানৰ প্ৰসিদ্ধ নায়ক। তদুপৰি গোপীচন্দ্ৰ পুৰণি কামৰূপ কমতাৰ বজী লভচন্দ্ৰ আৰ, ধৰ্মপালৰ লগত অন্ততঃ জনশ্ৰুতিমতে জড়িত; যেনেকৈয়ে হওক শ্ৰীশঙ্কৰদেৱৰ কাললৈকে কামৰপ যে নানা বৌদ্ধ-সম্প্ৰদায়ৰ তপত খোলা। আছিল বৈষ্ণব-চৰিত কেবাখনেও তাৰ সাক্ষ্য দিয়ে। আদি মধ্যযুগৰ এই বিচাব আমি নিজে সাম্প্ৰতিক বিবেচনা কৰিছোঁ, যি হতুকে এই কালছোৱাৰ আৰু তথ্য বিচাবিলে ওলাব পাৰে বুলি আমাৰ বিশ্বাস। চৰ্যাচৰ্যবিনিশ্চয়ৰ অসমীয়া সম্পাদন এটি অচিৰে আৱশ্যক। তাৰ তম্ভৱ আৰ, দেশজ শব্দমালা, অসমীয়া কাৰক বিভক্তি প্ৰত্যয় প্ৰভৃতিৰ উৎপত্তিৰ উপৰি তাৰ ছন্দ আৰু কবিতাৰ গঢ়, বৰগীতৰ ৰচনাৰ লগত তাৰ গঠন-শৈলীৰ অপৰ সামঞ্জস্য, তাৰ বপক অবি, দাৰ্শনিক তত্বসমূহৰ বিশেষ আলোচনা হলে সি। বৰ্তমান অসমীয়া সাহিত্যত এটি নতুন প্ৰেৰণা যোগাব পাৰে। ইয়াৰ লগতে ডাকৰ বচনবো এটি বৈজ্ঞানিক-বিচাৰ-সম্পন্ন সম্পাদন লাগে; তাত অকল অসমৰ উজনি-নামনিয়েই নহয়, বঙালী আৰ, উড়িয়া প্ৰভৃতিৰ বচনবোৰৰ তুলনামূলক আলোচনা থাকা উচিত। এইদৰেই মণিকোঁৱৰ-ফুলকোঁৱৰ গীতৰ সংস্কৰণতে তাত সোমোৱা বা তাৰ লগত মিল থকা দেশী-বিদেশী সাহিত্যিক উপাদান আদি ফহিয়াই দেখুৱালে উপাদেয় পুথি হয়। সৱাতোকৈ, অসমীয়া বিপুল কন-সাহিত্যৰ গীত-মাত সাধ, পটন্তৰ আদিবো বিশ্লেষণমূলক আৰ তুলনাত্মক সম্পাদন এটি অত্যন্ত বাঞ্ছনীয়।