যুগত লিখিত বুলি এতিয়া সঠিকভাৱে কব পৰা, সম্পূৰ্ণৰপে অসমীয়া
সাহিত্য বুলিব নোৱাৰিলেও অসমীয়া ভাষাৰ সেই কালৰ শব্দাৱলী আৰু,
ব্যাকৰণ আদিৰ আভাস দিয়া সঠিক কিছুমান চানেকি পোৱা হয় বৌদ্ধ দোহা
কিছুমানত। ১৯০০ খৃষ্টাব্দত নেপাল দৰবাৰৰ গ্ৰন্থশালত বক্ষিত চৰ্য্যাচৰ্য-
বিনিশ্চয় নামৰ এখন মূল পুথি আৰু, তাৰ তিব্বতীয় সংস্কৃত অনুবাদ সংগ্ৰহ
কৰি আনি মহামহোপাধ্যায় হৰপ্ৰসাদ শাস্ত্ৰীয়ে এক হাজাৰ বছৰৰ আগৰ বঙলা
ভাষাৰ নমুনা বুলি প্ৰকাশ কৰিছিল। আৰ, তেতিয়াৰ পৰাই মৈথিলী, উড়িয়া
আৰ, অসমীয়ায়ো সেই ভাষা নিজৰ বুলি দাবী কৰিছে। সুনীতিকুমাৰ
চট্টোপাধ্যায়ে কবৰ দৰে এই উমৈহতীয়া দাবীৰ মৰ্ম এয়ে হয়, মলত এই
আটাইকেইটা ভাষাই একে।
চৰ্যাচৰ্যবিনিশ্চয় (চৰ্য= আচৰণীয় + অচৰ্য্য = অনাচৰণীয় + বিনিশ্চয়, =
নিৰুপণ বা নিৰ্দ্ধাৰণ স্বৰূপতে বৌদ্ধ ধৰ্ম বিধি-নিষেধৰ শাস্ত্ৰ। ইয়াৰ ভাষা
প্ৰকৃততে বঙলা, মৈথিলী, উড়িয়া বা অসমীয়া একো নহয়; কিন্তু এই আটাই-
কেইটা ভাষাৰ মূল অপভ্ৰংশ ভাষা। এংলো-ছেক্সন সাহিত্যৰ লগত ইংৰাজীৰ
যি সম্বন্ধ, আধুনিক উত্তৰ-পূব ভাৰতীয় এই ভাষাবোৰৰ সৈতেও বৌদ্ধ দোহাৰ
সেই সম্বন্ধ। এই বৌদ্ধ দোহাবোৰৰ ভাষাক “সন্ধ্যা" বোলা হয়; হৰপ্ৰসাদ
শাস্ত্ৰীয়ে ইয়াক সেইদেখি মুনিচুনি অৰ্থাৎ আন্ধাৰ-পোহৰ মিহলি বা প্ৰকাশ-
অপ্ৰকশিৰ মাজৰ কথা বুলিছিল। কিন্তু স্বপতে সন্ধ্যা [ সম+ধ্যৈ (ধ্যান-
বৰা) + অ + (ঘ) আপ] শব্দই সঙ্কেত দিয়ে বিশেষ ধ্যানধাৰণাবেহে এই
দোহাবোৰৰ প্ৰচ্ছন্ন অৰ্থ উলিয়াব পৰা হয়; আৰ, দোহাবিলাক নিজে ইয়াৰ
প্ৰমাণ।
এই পুথিৰ আঢ়ৈ কুৰি দোহাৰ ভিতৰৰ প্ৰয়োবিংশটি আধৰুৱা, চতুৰ্বিংশ,
পঞ্চবিংশ আব, অষ্টচত্বাবিংশটি লুপ্ত : এইখিনি মুঠতে একুৰি তিনিজন
সিদ্ধাচাৰ্য্যৰ পদ, জাতীয় “ছন্দোবদ্ধ নাতিদীৰ্ঘ" ৰচনা। এই ছন্দও সংস্কৃতৰ
জাতি’, শ্ৰেণীয় নহয়, আখৰব (ছলেবেল) লেখেৰে থিৰ কৰা বত্ত শ্ৰেণীয়
আৰু মিত্ৰাক্ষৰ ৰীতিৰ : যেনে, “মন তৰুবৰ পাঞ্চ ইন্দি তসু, সাহা। আসা
বহল পাত ফল বাহা॥” পটন্তৰ আৰু ডাকৰ বচনৰ মৌখিক গঢ়ব দৰে লিখিত
বুপত দুই চৰণৰ অন্ত্যবৰ্ণৰ মিলেবে এই মিত্ৰাক্ষৰী পদতে পুৰণি অসমীয়া
পদ বা পয়াৰ অৰি দুলড়ি বা হিপদীৰ উৎপত্তি বা জন্ম হোৱা আচৰিত নহৰ
পাৰে। তদুপৰি, প্ৰত্যেকটো দোহাত বিশিষ্ট ৰাগ বন্ধা থকা কথাই পঞ্চদশ-
পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৫০
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৮
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী
