আগকথা
সাহিত্য-চৰ্চ্চা আৰু সাহিত্য-চৌৰ্য সম্পৰ্কে
অসমীয়া সাহিত্যৰ বুৰঞ্জীব পঞ্চম সংস্কৰণ উলিয়াবৰ আশাৰ জিলিঙনিত
মনত বিমল আনন্দ লাগিছে। এই শূভ মূহূৰ্তত দুকুৰি বছৰৰ আগৰ দুখ-সুখৰ
সোঁৱৰণ মনলৈ আহিছে। দীনবন্ধু, এন্ডুজৰ সভাপতিত্বত ১৯২৩ ৰ সেপ্তেম্বৰত
বহা অসম ছাত্ৰ সম্মিলনৰ অষ্টম বাৰ্ষিক অধিবেশনৰ বাবে লিখা অসমীয়া
সাহিত্যৰ বুৰঞ্জীত ভূমকি” ৰচনাই ইয়াৰ মূল ভেটি। তাৰ পাছত সেই
সম্মিলনৰ মুখপাত এই লেখকৰে সম্পাদিত “মিলন’’ৰ চতুৰ্থ বছৰৰ পোনৰ
তিনি সংখ্যাত ধাৰাবাহিকভাবে প্ৰকাশিত প্ৰবন্ধ স্বৰূপে সেই বছৰৰ উৎকৃষ্ট
সাহিত্য-বৰঙনি বুলি লাভ কৰা প্ৰতিযোগিতামূলক কৃষ্ণপ্ৰসাদ সোঁৱৰণি পদক
সুযোগ্য-সকলৰ প্ৰশংসাৰ ওপচনি প্ৰথম অনুপ্ৰেৰণা।
স্বৰ্গীয় দেৱেন্দ্ৰনাথ বেজবৰুৱা আৰু, হেমচন্দ্ৰ গোস্বামী প্ৰভৃতিৰ এই বিষয়ৰ আলোচনা আগত থাকিলেও ঘাইকৈ পুৰণি পুথি আৰু, আলোচনীবোৰৰ পৰা লেছেৰি বুটলি আমাৰ এই বুৰঞ্জীৰ প্ৰথম সঁজুলি গোটাইছিলোঁ। পাছত নগাঁৱৰ দান-বীৰ 'চন্দ্ৰধৰ বৰুৱা সোঁৱৰণি পুঁজিৰ পৰা ১৯৩২ আৰু, ১৯৪০ ত যেতিয়া যথাক্ৰমে 'আধুনিক অসমীয়া পদ্য আৰু গদ্য সংগ্ৰহ' আৰু ১৯৩৫ ত আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী" ৰচনাৰ প্ৰতিযোগিতাত তিনিওবাৰ প্ৰথম স্থান অধিকাৰ কৰি ২৫০ টকাকৈ বঁটা পাই তিনিওখন পুথি অগা-পিছাকৈ উলিয়াবৰ সুবিধা পাওঁ, সেইবোৰো এই ক্ষুদ্ৰ জীৱনৰ একোটি মাহেন্দ্ৰ ক্ষণ বুলি ভাবোঁ।
১৯১৫-১৬ ৰ পৰা অতি যতনেৰে আমি যিবোৰ আপুৰুগীয়া পুৰণি আলোচনী গোটাইছিলোঁ সেইবোৰেই আমাৰ এইকেইটি সাহিত্যিক প্ৰচেষ্টা ফলৱতী কৰাৰ ঘাই গুৰি। কিন্তু আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী ৰচনাৰ বাবে আমি আন আন বিশেষ যত্ন কৰিব লগা হৈছিল। তাৰ ভিতৰত, বিচাৰি বিচাৰি শেষত নগাঁও কাছাৰীত পোৱা মোফাট্ মিল্ ছৰ Report on the Administration of Assam, আন আন ঠাইৰ পৰা এড্ ৱাৰ্ড গেইটৰ A short Account of the Rise and Progress of Journalism in the Assam