পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৪
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী

 ডাক-চৰিত ৰা ডাক-ভণিতা যিখন পুৰণি সাঁচিপাতৰ পুথিৰ পৰা পোৱা হৈছে, তাৰ কাল উনবিংশ বা অষ্টাদশ শতিকাৰ আগলৈ যাব নোৱাৰে বুলি তাৰ ভাষাৰ পৰা অনুমান হয়; কিয়নো এই ভাষা বিশেষ প্ৰাচীন-গন্ধী বুলিব নোৱাৰি। ডাকৰ বচন অকল অসমতে নহয় বঙ্গ আৰু উড়িষ্যা আদিতো প্ৰচলিত, আৰু সেইবোৰ প্ৰদেশেও ডাকক নিজৰ বুলি দাবী কৰে। এফাকি ডাকৰ বচনেই কেনেকৈ এই তিনি প্ৰদেশত তিনি ৰূপ লৈছে চাব পাৰি :-

 অসমীয়া—নিজৰ পুখুৰী দূৰক যায়। পৰক আশাৰে বাট চায়॥

 বঙলা—নিয়ড় পোখৰি দূৰক যায়। পথিক দেখিয়ে আউৰে চায়॥

 উড়িয়া—নিয়ড় পোখৰি দুৰে যাএ। পথিক দেখি আড়ে চাএ।

 অকল অসমীয়া পাঠকৰ বাবেই নহয় নিৰপেক্ষ ভাষাবিদ, মাত্ৰই অসমীয়া ৰচনাটিৰ অধিকতৰ স্বাভাৱিকতা অস্বীকাৰ কৰিব নোৱাৰিব বুলি বিশ্বাস; কিয়নো আন নহলেও “নিজৰ পুখুৰী" বাট” আদি শব্দাৱলী আদিৰে পৰা আজিলৈকে অসমীয়াত যিদৰে চলি আছে, বঙলা বা উড়িয়াত ঠিক তেনেদৰে চলা নাই নিশ্চয়। বঙলা সাহিত্যৰ যশস্বী বুৰঞ্জী-লেখক দীনেশচন্দ্ৰই ডাকক বঙ্গৰ ছক্ৰেটিছ, বুলিছে; ছক্ৰেটিছৰ দৰে অজ্ঞান আন্ধাৰৰ মাজত মিঠা তেলৰ সলিতা এগছিৰ দৰেও জ্ঞানৰ পোহৰ বিলোৱাজনক আপোন বুলিবলৈ ধাউতি নহব কাৰ? এই কথাৰ বাহিৰেও ই আন এটি সত্যলৈ আমাৰ দৃষ্টি আকৰ্ষণ কৰে, সেয়ে হৈছে সেই কালত সম্ভৱ অসম-বঙ্গ-মিথিলা-উড়িষ্যাত একটি ভাষাই চলিছিল, আৰু সেই ভাষাৰ চানেকিয়েই অসমীয়াত আজিলৈকে প্ৰায় অপৰিবৰ্ত্তিত ৰূপে ৰক্ষিত হৈছে।

 দুৰ্ভাগ্যক্ৰমে ডাকৰ জীৱনী ডাঠ ৰহস্য-প্ৰহেলিকাৰে ঢকা। “লেহী ডিঙৰা ডাকৰ গাঁও। তিনিশ ষাঠীটা পুখুৰীত নাও।”—মাত্ৰ এই ইঙ্গিতৰ পৰা বৰ্তমান বৰপেটা নগৰৰ ৬৷ ৭ মাইল দখিণে থকা লেহী গাঁৱত ডাকৰ জন্ম বুলি কোৱা হয়; আৰু ডাক-চৰিতৰ ভাষাও সেই অঞ্চলৰ। অসমীয়া মতে ডাকে “উত্তম কুমাৰ কুলে জনম লভিলা”, আৰু বঙালী মতে “ভাষে ডাক গোৱালে।" ডাক-চৰিত অনুসাৰে বৰাহ মিহিৰৰ বৰত ডাকৰ জন্ম, আৰু ডাকক নিবলৈ আহি তৰ্কত ঘাটি তেওঁ উভতি যায়। এই উক্তিৰ অৱশ্যে কোনো সমৰ্থন নাই; কিন্তু ডাকৰ বচনত পুনৰুল্লেখ আছে—

“চৌবিশ বলদ ষোল ছাগল। পঢ়ি-শুনি বৰাহ পাগল’’
“জন্ম লগ্ন যাত্ৰা যোৰা বৰাহ মিহিৰে নাপায় ওৰা॥