পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
আদি মধ্যযুগৰ অসমীয়া সাহিত্য

অন্যান্য প্ৰদেশৰ বৈষ্ণৱ ধৰ্মৰ “দীক্ষা’’ৰ ঠাইত অসমত “শৰণ", আৰু তাকো অনীশ্বৰবাদী বুলি দেৱত (কৃষ্ণত) শৰণ এৰি বৌদ্ধ ধৰ্মৰ বুদ্ধত শৰণৰ ঠাইত অসমৰ বৈষ্ণৱ ধৰ্মৰ গুৰুত (শংকৰদেৱত) শৰণ, সঙ্ঘত শৰণৰ ঠাইত ভকতত শৰণ, আৰু ধম্মত শৰণৰ ঠাইত নামত শৰণ, নিশ্চয় আকস্মিক সাদৃশ্য় বুলি সামৰি থব নোৱাৰি। অৱশ্যে আন প্ৰকাৰেও হিন্দু ধৰ্মৰ এই “বিদ্ৰোহী সন্তান" বৌদ্ধ ধৰ্মৰ মূল মত “অহিংসা পৰমো ধৰ্ম:’’ পথিৱীৰ সকলো ধৰ্মৰ বীজস্বৰূপ : কিন্তু অসমীয়া সমাজত ইয়াৰ শিপা কিমানলৈকে গৈছে, “ডাকৰ বচন"ৰ যোগেদি বিচাৰ কৰা কৰ্ত্তব্য।

 “আই নামৰ দৰেই ডাকৰ বচন লেখত প্ৰায় এক হাজাৰ মান হব। এই- বিলাক বাৰ-তেৰ ভাগ বা প্ৰকৰণত ভগোৱা হয়। (অধ্যয়ন, ৬০-৬৯ পিঃ)। এইদৰে ডাকৰ বচনৰ বাৰ-তেৰ প্ৰকৰণৰ ভিতৰত ক'তো আত্মা বা ঈশ্বৰৰ উল্লেখ নথকাটো বিশেষ মন কৰিব লগা কথা। ঘাইকৈ ‘ধৰ্মপ্ৰকৰণ'ত “ধৰ্ম্ম’’ৰ যি ধাৰণা প্ৰকাশ পাইছে, সিও চাবলগীয়া :–

যেবেসে ধৰ্মক কৰিবা জানি।   পুখুৰী খানিয়া ৰাখিবা পানী।
বৃক্ষ-ৰোপনত অধিক ধৰ্ম   মঠ-মণ্ডপ গুৰুতৰ কৰ্ম।
যি দিয়ে তাকে পায়।   পৰকালে বসি সুখে খায়।
অনিত্য দেহত নাহিক আশ।   ধন-জন-বস্ত্ৰে কি বিশ্বাস।
যিজনে দিয়ায় অন্নৰ শাৰী।   সিজন নযায় যম-নগৰী৷
অন্ন-জল অধিক দান।   তাত পৰে ধৰ্ম নাহি আনি।
দধি-দুগ্ধ দিলে পূণ্য বিপুল।   ঔষধ দানত নাহিকে তুল॥
ডাকে বোলে জানা সেহিসে সাৰ।   আপুনি মৰিলে কি কৰে আৰ৷"

 ভাস্কৰবৰ্মাৰ নিধনপুৰ ফলিৰ “জগদেকবন্ধুৰ্লোকদ্বিতয়স্য সম্পদো হেতু পৰহিত মুৰ্ত্তিৰদৃষ্টঃ ফলানুমেয় স্থিতি ধৰ্ম্মঃ’’ আৰু অনাত্মবাদী আৰু অনীশ্বৰবাদী বৌদ্ধ মতৰ ইয়াত সুস্পষ্ট প্ৰমাণ পোৱা হয়। স্বৰূপতে বৌদ্ধ ধৰ্মৰ শিক্ষাৰ দুটা ভাগ; প্ৰথমটো ভিক্ষু-ভিক্ষুণীৰ আৰু দ্বিতীয়টো গহস্থালিৰ কাৰণে। দীৰ্ঘনিকায়ৰ অন্তৰ্ভুক্ত সিগালোবাদসুত্ত বৌদ্ধধৰ্মাৱলম্বী গহস্থালিৰ বাবে অতি মূল্যবান উপদেশেৰে ভৰপূৰ; পিতৃ-মাতৃ, শিষ্য-গুৰু, পত্নী-সন্তান, লগুৱা-শ্ৰমিক, শ্ৰমণ-যতি আটাইৰে প্ৰতি হিত-কাৰ্য্য কৰাকে কাৰ্য্যতঃ “ধম্ম" বুলি কোৱা হৈছে।