পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 অসমীয়া সাহিত্যৰ স্বৰ্ণময় যুগটোৰ কথা নেওগে কৈছে "অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ একেটি লেখৰ কাহিনী বৈষ্ণব সাহিত্য; ই জনগণৰ সেৱাৰ উদ্দেশ্যে মাটিৰ ভেটিত থিয় হৈ উচ্চ আকাশ ছুই স্বৰ্গ-মৰ্ত্য শুভ-পৰিণয় ঘটাইছিল।” (অসমীয়া সাহিত্যৰ বুৰঞ্জী, পৃঃ ৬৮৭)। তেনে এক গৌৰৱময় সাহিত্যিক পৰম্পৰা লৈও অজি অসমীয়া জাতি লক্ষ্যবিহীন আৰু অৱসন্ন। এই অৱসৰলৈ লক্ষ্য কৰি সেয়েহে তেওঁ শাণিত ভাষাৰে আক্ষেপ কৰিবলগীয়া হৈছিল, “মানুহৰ ভৰিৰ কেঞা আঙুলিৰ নখত উজুটি খালেও যেনেকৈ মূৰৰ চুলিলৈকে জিনজিনাই উঠে, সেইদৰে যেতিয়া অতি নিকৃষ্টজনৰ অপমানত অতি উৎকৃষ্টজনলৈকে গোটেই লোকসমূহ জিকাৰ খাই উঠে আৰু অতি উৎকৃষ্টজনৰ সন্মানত অতি নিকৃষ্টজনলৈকে সেইদৰে সমস্ত লোকসমূহ পুলকিত হয় , সেই লোকসমূহৰুহে জাতি বুলিব পাৰি। এই বিশ্বজনীন সূত্ৰ অনুসাৰে আজিৰ অসমীয়া এটি জাতিনে?"(উপৰোক্ত গ্ৰন্থ, পৃঃ ৬৮৭)। নেগে পঞ্চাছ দশক অসমীয়া জাতিৰ চৰিত্ৰ সম্পৰ্কে প্ৰকাশ কৰা এই আক্ষেপবাণী আজি একবিংশ শতিকাৰ দুৱাৰ দলিত ভৰি দিব খোজা অসমীয়া জাতিৰ ক্ষেত্ৰতো একেই প্ৰযোজ্য।

 প্ৰাচীন আৰু আধুনিক অসমীয়া সাহিত্যৰ বিভিন্ন দিশৰ পৰ্য্যালোচনা কৰি নেওগে যিবোৰ গ্ৰন্থ লিখিলে, সেইবোৰ ৰচনা ৰীতিৰ ফালৰ পৰা যিদৰে বিজ্ঞানসম্মত, সেই দৰে বৰ্ণনাভীৰ ফালৰ পৰা কলাসুলভ সৌন্দৰ্যৰে ওপচা। নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী গ্ৰন্থখনিত সাহিত্যৰ ৰস, ৰীতি, সৌন্দৰ্য সম্পৰ্কে ওখ চেতনাসম্পন্ন লেখক প্ৰতিভা আৰু নিৰলস সাধনাৰ অভিব্যক্তি পৰিপূৰ্ণভাৱে হৈছে।