পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অসমীয়া সাহিত্য বুৰঞ্জীৰ জোৰনি


অসমীয়া বৈষ্ণৱ সাহিত্যৰ বিচাৰ


বহুতে আকৌ সোধে, বৈষ্ণৱ সাহিত্যৰ সকলোবোৰ যে গুণেই, তাৰ দোষ নাইনে? ই মক্ষিকা-বৃত্তিৰ পৰিচয় নিশ্চয়; কিয়নো যেতিয়ালৈকে কোনো দোষে আমাক চিকুটা-বাকোহা নকৰে তেতিয়ালৈকে দোষ খোচৰা সাহিত্যৰ কাম নহয়। সাহিত্যৰ সমালোচনা কৰোঁতে এটা যুগৰ সাহিত্যৰ ভাব-ধাৰা কি আছিল, সি কিদৰে প্ৰতিপালিত হৈছে, তাৰ পৰা সমাজৰ কি কল্যাণ সাধিত হৈছে, এইবোৰইহে ঘাই বিচাৰৰ বিষয়। আমি একাধিকবাৰ উল্লেখ কৰি অহাৰ দৰে হাতে ঢুকি পোৱাত অকল এলিজাবেথ যুগৰ ইংৰাজী সাহিত্যৰ লগতহে বিশালতা, ব্যাপকতা, গভীৰতা, সমাজকল্যাণ, জাতীয় জাগৰণ আদি সকলো ফালৰ পৰা অসমীয়া বৈষ্ণৱ সাহিত্যৰ তুলনা হয়। ওপৰ-চকুৱা সমালোচনাই এই সাহিত্যৰ সকলো দিশলৈ মন কৰিব নোৱাৰি হুতাই-তাইকৈ লিখিলে তাৰ পৰা সমাজৰ যথেষ্ট অনিষ্ট হয়; ঐতিহাসিক দৃষ্টিভঙ্গি, সঠিকতা, আটোম-টোকাৰি আদি গুণ সমালোচনাৰ অপৰিহাৰ্য আহিলা নিশ্চয়।


অসমীয়া নীচাত্মিকা আৰু জাতিৰ ভবিষ্যত


 ৰাজনৈতিক বুৰঞ্জী সামাজিক বিৱৰ্ত্তনৰ প্ৰকাশহে, কাৰণ নহয়। অসমৰ ৰাজনৈতিক অধঃপতনৰ আগজাননী মায়ামৰা বিদ্ৰোহ, দন্দুৱা-দ্ৰোহ আদি গৃহযুদ্ধৰ বাহিৰেও, উচ্চ বিষয়াবিলাক মানসিক সঙ্কীৰ্ণতা আৰু ৰজাৰ দায়িত্বহীনতা আদিৰ উপৰিও, জন-সাধাৰণৰ নৈতিক অৱনতি আদিত দেখিবলৈ পাওঁ। জোৱাৰৰ উচ্চতম শিখৰতেই ভাটাৰ আৰম্ভ; আহোম ৰজাসকলৰ শিৰৰ মুকুট স্বৰূপ আৰু মুছলমান ৰাজত্ব নিৰ্মূল কৰি সমগ্ৰ ভাৰতত হিন্দু ৰাজ প্ৰতিষ্ঠাৰ অক্ষয় কীৰ্তি ৰাখিবলৈ ওলোৱা মহাৰাজ ৰুদ্ৰসিংহৰ তেজতে অসমৰ সেই মানসিক ৰক্তাল্পতাৰ দোষ; তাৰ প্ৰমাণ যাউতিযুগীয়া অসমৰ চিৰ-গৌৰৱান্বিত খিলঞ্জীয়া ধৰ্মক হেয় ভাব কৰি বিদেশীত শৰণাপন্ন হোৱা : তাৰ পৰিণাম মায়ামৰা বিদ্ৰোহ, ইংৰাজত শৰণাপন্নতা, আৰু চিৰকলীয়া স্বাধীনতা হানি। অসমীয়াৰ তেজৰ পৰা সেই নীচাত্মিকাৰ বীজ আজিলৈকে দূৰ নহল; কেতিয়া গুচিব তাক ভৱিষ্যতৰ অসম বুৰঞ্জীয়েহে কব পাৰিব।