পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭৫
অসমীয়া সাহিত্যৰ বৰ্তমান আৰু ভবিষ্যত


সহচৰ; কিন্তু ই নিৰ্বুধিতা আৰু দম্ভালিৰ প্ৰৰোচনা হোৱা অন্যায়। পাঠ আৰু অধ্যয়ন একে নহয়; গতিকে বহুত কিতাপ পঢ়াৰ লেখেই যথেষ্ট নহয়; সেইবোৰৰ ভিতৰলৈ সোমাব পৰা গুণ লাগে, আৰু ইয়াৰেই আভাৱ বহুত সমালোচকত ওলাই পৰে। লেখকবিলাকৰ ভিতৰতো অনুকৰণতকৈ অনুসৰণৰ আৱশ্যকতা অধিক।

 অস্থিৰ সমতা অৱশ্যে এনে অৱস্থাৰ বাবে ভালেখিনি দায়ী। ইংৰাজীসাহিত্যত যেনেকৈ ভিক্টৰিয়া যুগৰ স্থিৰতা কুৰি শতিকাৰ আগৰ দশকৰ পৰাই হেৰাল, অসমীয়া সাহিত্যত প্ৰায় দুকুৰি বছৰৰ পাছত এই শতিকাৰ তৃতীয় দশকৰ শেষত তাৰ আৰম্ভ হ'ল। সমাজৰ শান্তি-নীতি আৰু সম্পত্তি-প্ৰগতি আটাই-বোৰেই যেতিয়া সোলোক-ঢোলোক, সাহিত্যৰ আদৰ্শ-ব্যৱহাৰৰো ধৰনি লৰা স্বাভাবিক মাত্ৰ। সমাজৰ নীতি-স্থিতি লৰক-ফৰক হোৱাৰ পৰিণাম সাহিত্যত প্ৰতিফলিত নোহাৱাহে অস্বাভাৱিক হলহেতেন। ইমানেই নহয়, সেই শান্তি আৰু স্থিতি হেৰোৱাৰ বাবে বৰ্তমান যুগে নিজ আক্ৰোশ পূৰণৰ বাবে ফেপেৰি পতা আৰু বিদ্ৰূপ কটাক্ষ কৰাও আচৰিত নহয়, আৰু বাস্তৱতে সেয়ে হৈছে। সাম্প্ৰতিকভাৱে হলেও জীৱনেই যেতিয়া নিকা সনাতন ছন্দ হেৰুৱাইছে, সাহিত্যৰ পদ্য-গদ্যত তাক বিচৰাই ভুল বুলিব পাৰি; পৰীক্ষামূলক যুগৰ সকলো দোষ-দুৰ্বলতা সমাজ স্থিৰ-সমতালৈ নাহে মনে সাহিত্যৰ পৰা গুচোৱা কঠিন।

 প্ৰতিভাৰ উচ্চতা কিন্তু সদায় সকলো যুগৰ ওপৰত যে সন্দেহ নাই। সকলো সনাতন সাহিত্যই এনেবোৰ বেমেজালি আৰু পৰীক্ষাৰ যুগৰ ভিতৰেদিও নিজ শ্ৰেষ্ঠ সাহিত্যিক প্ৰতিভাৰ বিকাশ দেখুৱাইছে, যদিও, এই প্ৰতিভাৰ স্বৰূপ বেলেগ হব পাৰে। এলিজাবেথ যুগৰ সুখ-সমৃদ্ধিয়ে শেক্সপীয়েৰ দৰে নাট্য-কাৰৰ জন্ম দিছিল; কিন্তু খেলি-মেলি যুগৰ বৃটেইনে যি বাৰ্ণাৰ্ডশ্বৰ উদ্ভৱ সম্ভৱ কৰিলে তেওঁৰ প্ৰতিভা সুকীয়া হ'লেও সি এই যুগৰ এক কীৰ্তিস্তম্ভ স্বৰূপ যে সন্দেহ নাই। অসমীয়া সাহিত্যৰো এই খেলিমেলি যুগত যি প্ৰতিভা বিকশিত হব সি তাৰ আগৰ যুগৰ লক্ষ্মীনাথ প্ৰভৃতিৰ দৰে নহব কিন্তু সি নিজস্ব মহিমাৰে মহিমান্বিত হোৱা বাঞ্ছনীয় নিশ্চয়। শ্বেক্সপীয়েৰৰ তুলনাত শ্বৰ নাটকবোৰ আমাৰ চকুত তৰাং আৰু ক্ষণস্থায়ী লাগিব পাৰে, তথাপি শ্বৰ বাক্তিত্ব বৰ্তমান যুগত অস্বীকাৰ কৰা অসম্ভৰ বুলিব লাগে। বৰ্তমান লেখকবিলাকৰ তালিকা অনাৱশ্যক, কিয়নো তেওঁলোক নিজ ভবিষ্যত গঢ়াৰ যত্নত; তেওঁলোকৰ সম্পৰ্কে এতিয়াই ভাল-বেয়া কোনো খাটাংকথা কোৱা অকল ভুলেই নহয়, অন্যায় হোৱা সম্ভৱপৰ। বিশেষকৈ