পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭৪
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


অসমীয়া নাটক-উপন্যাস সমস্যা-মুখৰ আৰু বস্তুমুখী হ’ব কেতিয়া?

 নতুন গীত দেখাত দিনক দিনে বাঢ়িছে যদিও জ্যোতিপ্ৰসাদৰ পৰা ভূপেন্দ্ৰনাথলৈকে ধৰিও আঙুলিৰ মূৰত লেখিবলৈ নোলায়। গায়কৰকণ্ঠৰ মিঠা গুণে, জাতীয় সুৰৰ মোহনিয়ে বা বচা বচা ঘৰুৱা মাত-কথাই গীতৰ গাঁথনি দিব নোৱাৰে। কবিতাৰ দৰে গীতৰো মূলবস্তু সুৱলা ভাব; “ত্ৰিশ দিনে হয় মাহ সেপ্তেম্বৰ। সিদৰে এপ্ৰিল আৰু জুন নৱেম্বৰ॥” ⸻গীতৰ সুৰত সুৱলাকৈ গাব পাৰি, তথাপি সি গীত হব নোৱাৰে। বৰ্তমান লেখকৰ লগত সমালোচকৰ সম্পৰ্ক কলগছৰ লগত ঢোকাৰ নিচিনাই হয়; লেখক-সমালোচক প্ৰায়ে পৰস্পৰে পৰস্পৰৰ ওপৰত আত্ম-প্ৰতিষ্ঠাৰ বাবে নিৰ্ভৰশীল। এইবাবেই বাস্তৱতে কবিতাত নথকা দৰ্শন আৰু গীতত নথকা কবিত্ব সমালোচকৰ পাণ্ডিত্য ওলমোৱা হাকোটাৰ বাবে কল্পনা কৰা হয়, উচ্চ-পদবী বা ধনী-সুহৃদৰ স্তৱক-আৰতিৰ কথা এৰিও। সম্প্ৰতি আকাশ-বাণীৰ যোগানৰ বাবে কিছুমান গীতৰ আমদানি হৈছে; তাত “গীত-কবিত্ব গুণ"ৰ বিশেষ বিচাৰ দেখিবলৈ পোৱা নহয়। নিৰপেক্ষ সমালোচনাই অব্যৱস্থাৰ অৱসানৰ একমাত্ৰ উপায়।

 নতুন সমালোচনা বাস্তৱতে আজি প্ৰায়ে প্ৰৱঞ্চনাৰ দৰেই হৈছেঃ কিয়নো তাত সমালোচকৰ ভুৱা দিয়া পাণ্ডিত্যৰ আড়ম্বৰ আছে, নিজা অনুভৱ নাই। তদুপৰি সমালোচনাৰ নামত পৰস্পৰ-শলাগনিৰ ফাকুৱেই শূন্যক বোলাই থৈছে; তাৰ বাবে কোনো কবি-সাহিত্যিকৰ প্ৰকৃত বৰণ ধৰা পেলোৱা টন। তদুপৰি সৰল সহজ ভাষাৰ সলনি তেওঁলোকে বাক্যৰ এনে ইন্দ্ৰজাল ৰচে যে তাৰ ভেদ কৰি বাক্যৰ অৰ্থ-সংগ্ৰহ কৰা কঠিন। বুৰঞ্জী ৰচনা আদিৰ নামত কিছুমান পুথি ওলাইছে, সেইবোৰ কেতিয়াবা সুখপাঠ্য হয়; কিন্তু বহুত পুথিৰ আলোচনাৰ কোনো বিশেষ দিশ নাই। বৰ্তমান অসমীয়া সাহিত্যৰ নিৰ্ভৰযোগ্য সমালোচনা নোহোৱাত আৰু বাতৰি-কাকতবোৰে কোনো দায়িত্ব অনুভৱ নকৰাকৈ যধে-মধে সমালোচনা উলিওৱা বাবে গোটেই সাহিত্যই দিশ-বিদিশ হেৰুৱাইছে। অচিৰে ইয়াৰ প্ৰতিকাৰ নহলে অসমীয়া সাহিত্যই যথেষ্ট ক্ষতি স্বীকাৰ কৰিব লাগিব যে সন্দেহ নাই।

 “সাহেই সাহিত” (?) এই মতকে সকলো প্ৰকাৰে সাৰোগত কৰি বৰ্তমান দ-বাম নগণি ৰচনা-সমালোচনা চলাও দেখিবলৈ পোৱা হয়; ই দুখৰ কথা। সমাজৰ মঙ্গলৰ বাবে অবিসম্বাদী সত্য নিৰ্ভীকভাৱে প্ৰকাশ কৰিবলৈ সৎসাহস প্ৰকৃত প্ৰতিভাৰ চিৰ