পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭৩
অসমীয়া সাহিত্যৰ বৰ্তমান আৰু ভবিষ্যৎ


কল্-কিটিপ জনাৰ ওপৰতে কৃতকাৰ্যতাৰ বাবে নিৰ্ভৰ কৰে; তদুপৰি ভাষাৰ চৰ্চা আৰু অধিকাৰ লাভ নোহোৱা হেতুকে তেওঁলোকে পঢ়ুৱৈৰ মনত ভাল দৰে সাঁচ বহুৱাব নোৱাৰে। অপৰিপক্ক জ্ঞানৰ প্ৰশংসা আৰু পৰস্পৰ শলাগনি সমাজৰ সমৰ্থনৰ ওপৰতো বহুতেই নিৰ্ভৰ কৰে; অথচ নিজ গুণৰ ওপৰত ঠিয় হব পৰা শক্তি বহুতৰেই নাই।

 নতুন উপন্যাস লেখকৰ ভিতৰত ছদ্মনামা বীণা বৰুৱাৰ 'জীৱনৰ বাটত' আদি দুই এখন উপন্যাসে জনপ্ৰিয়তা লভিছে; কিন্তু সেইবোৰৰ প্ৰকৃত গ্ৰন্থকৰ্তা সম্পৰ্কে বাদানুবাদ দেখিবলৈ পোৱা হয়। সি যি হওক, অসমীয়া ঘৰুৱা আৰু সামাজিক জীৱনত বিভিন্ন দিশৰ পৰা পোহৰ পোলাৱা প্ৰকৃত অসমীয়া উপন্যাসৰ লেখ এতিয়াও যথেষ্ট বুলিব নোৱাৰি। তদুপৰি মাজুলিৰ নিচিনা অসমক চাৰিওফালৰ পৰা বেৰি থকা পৰ্বতীয়া, জন-জাতিৰ জীৱনৰ বিষয়েও যি দুই এখন উপন্যাস আছে তাত উপন্যাসৰ ফালৰ পৰা পৰিণতিৰ আৱশ্যক: অকল জনজাতিৰ চিত্ৰ বুলিয়েই যথেষ্ট হব নোৱাৰে। ভাঙনি কৰা উপন্যাসৰো প্ৰকৃত মূল্য হ'ব তাক জাতীয় ঠাঁচত সম্যকৰূপে গঢ় দিব পাৰিলেহে। টেনিছনৰ ‘এনক্ আৰ্ডেন’ সাধুৰ আৰ্হি লৈ লিখা ৰজনীকান্ত বৰদলৈৰ উপন্যাস 'নিৰ্মল ভকত’ এই সম্পৰ্কত আমাৰ আৰ্হি হ’ব পাৰে। ইয়াৰ আগৰ যুগৰ এইজন লেখকৰ বিপুল মানৱীয় অনুভূতি এই যুগৰ এটা ডাঙৰ অভাৱ।

 নতুন নাটক বহুত ওলাইছে যদিও বিশেষভাৱে নাম কব পৰা লেখকৰ উল্লেখ কৰা কঠিন। ইংৰাজী সাহিত্যত এই নতুন নাটকে যুগান্তৰ আনিছিল আৰু ৰঙ্গমঞ্চ প্ৰায় বক্তৃতা-মঞ্চলৈ ৰূপান্তৰিত হৈছিল। গেলছৱৰ্ডি আৰু বাৰ্ণাৰ্ডশ্বৰ সেই সময়ৰ সামাজিক সমস্যাবোৰৰ ওপৰত লিখা নাটকবোৰৰ কথা এই প্ৰসঙ্গত উল্লেখ কৰিব পাৰি; ব্যৱহাৰিক সমাজত মুনিহ-তিৰুতাই যেনে দৰে কথা পাতে, তেওঁলোকৰ নায়ক-নায়িকাবোৰে ৰঙ্গমঞ্চত ঠিক তেনেদৰেই জীৱন্ত ভাষাত কথা পাতিছিল। এনে কৰা বাবে তেওঁলোকৰ কোনো নাটক যদি নাটক স্বৰূপে অকৃতকাৰ্য হোৱা বোলা হয়, তেন্তে কব লাগিব সেই অকৃতকাৰ্যতা বহুত নাটকৰ কৃতকাৰ্যতাতকৈ অধিক কৃতকাৰ্য। অসমীয়া কি নাটক, কি উপন্যাস, প্ৰত্যেকৰে লেখক স্বভাবতেই যেন সমস্যাতঙ্ক-ৰোগী; সমস্যাৰ সম্মুখলৈ আহিবলৈ তেওঁলোকে সদায় ইমান টান পায়! ধুৱলি-কুঁৱলী ভাব আৰু অলঙ্কাৰ-বিলাসী ভাষাই তেওঁলোকৰ অতি আদৰৰ ব্যৱহাৰিক জীৱনৰ লগত এই বিচ্ছেদৰ হেতুকেই অসমীয়া সাহিত্য সাধাৰণভাৱে অসমীয়া জীৱনৰ পৰা বিচ্ছিন্ন হৈ আছে বুলিব পাৰি।